গীতাঞ্জলি দেৱী
সিদিনা শুনিছিলোঁ চিকুন বালিমাহীৰ ঠোঁটৰ বাঁহী
মই বুৰ যোৱাৰ পৰত এবেলাটো কাঁচিজোনে কাঢ়ি নিলে ।
বুকুত ধিপ্-ধিপ্ এটি হাবিয়াস । এনেয়ে হোৱা হ'লে দুচকু ভৰি নুঠিলহেঁতেন ।
কিবা ভাবি কিবা কৰাৰ মনটিয়ে মোকো একো নক'লেহেঁতেন !
শংকাবোৰ আঁতৰ হ'লেই মনটো পলৰীয়া হয় ।
ৰংবোৰ ধূসৰ হোৱাৰ বেলিকা চৰাইৰ মাতবোৰ শুনিবলৈকে আহৰি নোহোৱা হ'ল ।
প্ৰতিদিনে হেৰায় যোৱা কথাবোৰ , কথা হৈয়ে থাকিল ।
ইকুলে-সিকুলে কোনো নাথাকে ,
আৱেগবোৰো সমাধি হয় প্ৰতিটো উৰ্বৰ ঋতুৰ মাজেৰে ।
কোনে জানো ক'লেহি -
" দ' নহ'লে নৈৰ বুকুৰে নাওঁ নচলে ।"