সবিতা বৰুৱা ফুকন
আজি পৰিণীতা ঘৰলৈ গ'লগৈ । পৰিণীতাক ট্ৰেইনত তুলি মই ষ্টেচনৰ একেবাৰে চুকত থকা বেঞ্চ এখনতে অক্লান্ত
ভাগৰুৱা মানুহৰ দৰে বহি পৰিলোঁ ।গাটো বৰ অলস অলস লাগিল ।চাই থাকোঁতেই ট্ৰেইনখন কেতিয়ানো অদৃশ্য হৈ গ'ল কব ই নোৱাৰিলোঁ । তেতিয়াও মোৰ মনটো পৰিণীতাৰ কাষতেই আছিল ।
পৰিণীতাক কলেজত প্ৰথম লগ পোৱাৰ দিনটোৰ পৰা পাচঁটা বছৰৰ সময়বোৰৰ কথা মোৰ মানস পটত ভাঁহি উঠিল ।
ৰাতি আন্ধাৰৰ বুকুত আউজি মই কথাবোৰ প্ৰথমৰ পৰা ভাৱিবলৈ ধৰিলো ।যিমানেই ভালকৈ মনত পেলাবলৈ চেষ্টা কৰিলোঁ সিমানেই কথাবোৰ আধাতে ছিগি ছিগি আঁত হেৰাই যাবলৈ ধৰিলে ।
এনেতে হঠাৎ মোৰ ঘড়ীটোলৈ চকু পৰিল । ৫ বাজি গ'ল । লাহে লাহে আন্ধাৰ হৈ আহিল । ষ্টেচনৰ পৰা ম ই খোজ কাঢ়ি কাঢ়ি আহি কেতিয়ানো হোষ্টেল পালোহি গমকে নাপালোঁ ।কালিলৈ মই ও যাম গৈ ! মোৰ লগৰ অপৰাজিতা,পৰিণীতা,সীমা, কল্পনা প্ৰায়েই সকলো গ'ল ঘৰলৈ । কালিলৈ পৰা মোৰো এই চিনাকী পৰিবেশটো সুদীৰ্ঘ
অতিবাহিত কৰা দিনবোৰ ভৱিষ্যতৰ বুকুত হয়তো অচিনাকি হৈ পৰিব । এই সুদীৰ্ঘ সময়ত চিনাকী হোৱা বহুতৰ মুখবোৰে ভৱিষ্যতৰ দিনবোৰত কিছু কিছু মূহুৰ্ত আমনি কৰিব !
কথাবোৰ ভাৱি থাকোঁতে চিল -মিল টোপনি এটাই মোক হেঁচি ধৰিলেহি । এনেতে দূৰৈৰ হাবিত ডাউকৰ হুলস্হূলীয়া মাতে মোৰ চিল-মিল টোপনি কাঢ়ি নিলে।
মনতে ভাৱ হ'ল ---কিয়বাৰু ইমানকৈ চিঞৰি ছে চৰাইবোৰে -এই ৰাতিখন ?
সিহঁতে ও বাৰু জানিছে নেকি - আমাৰ বিদায়ৰ ক্ষণ বোৰৰ কথা ! ৰাতি বৰষুণৰ ডাঙৰ ডাঙৰ টোপাল বোৰৰ লগত মোৰ ভাৱবোৰৰ সংঘৰ্ষ হ'ল । কিবা এটা হেৰুৱাৰ বেদনাত মই ব্যাকুল হৈ পৰিলোঁ ।