তুলিকা বৈশ্য দাস ,গুৱাহাটী ( সোণাপুৰ )
বহু দূৰ পালোঁ আহি
এতিয়া নাই যে সময় আৰু উভতি যোৱাৰ
স্মৃতিৰ কণিকাবোৰ গোট খাই বৃহৎ বৰফ হ'ল
তাত নিজক বিচাৰি চালে উমি উমি গলি গলি
ফেনে-ফোটোকাৰে বৈ আহে
আমাৰ গল্প, সাধু, লুকা-ভাকু
জনাইতো নাছিলোঁ
কেৱল উমলিছিলোঁ
ভবাইতো নাছিলোঁ শৈশৱৰ বান্ধ ছিঙি
কৈশোৰৰ লাজুক মনে আমাক শিকলি লগাই
কাল ধুমুহা হৈ যৌৱনৰ বানে
জীৱনৰ শৈশৱ-কৈশোৰ দুয়োপাৰ ভাঙি
ভাগ্য নামৰ নিচিনা সোঁতত উটুৱাই নিব
কোনোবা অজান সাগৰলৈ'°°°
বহু দূৰ পালোঁ আহি
যাত্ৰা শুভ হোৱাৰ কামনাৰে
পুণৰ আগুৱাই যাওঁ
এতিয়া নাই যে সময় আৰু উভতি যোৱাৰ
ক'ব নোৱাৰাকৈয়ে শিকিলোঁ
কাম-ক্ৰোধ-লোভ-মোহৰ নৈত সাঁতুৰিবলৈ
চকু মেলিয়েই খেপিয়াই ফুৰিছোঁ পাৰ হ'বলৈ
ধৰ্ম-অৰ্থ-কাম-মোক্ষ
আশাৰ টোপোলাটি বুকুত বান্ধি লৈ
তৃপ্তিৰ সুখ প্ৰাপ্তিৰ হাঁহিৰে
সাহস আৰু মনোবল লৈ আগুৱাই যাবলৈ
হে সময় তুমি প্ৰতিপ'ল সাৰথি হৈ
আহিবা সুখ হৈ
আমাৰ মন-নিজৰালৈ°°°