ৰঞ্জিত চুতীয়া
স্বদেশ প্ৰেমৰ অনুৰণনেৰে বিধৌত কৰা আধুনিক অসমীয়া সংগীতৰ জনক কবি,গীতিকাৰ,নাট্যকাৰ,সংগীতকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া সংগীত জগতৰ এক চিৰস্মৰণীয় নাম। তেওঁৰ দ্বাৰা সৃষ্ট সমূহ সৃষ্টিৰাজীতেই চিৰ প্ৰবাহমান হৈ আছে দেশাত্মবোধৰ ভাৱ। মুক্তিপ্ৰয়াসী,দুৰ্বল আৰু বঞ্চিত-লাঞ্চিত জনক আশা আৰু আনন্দ দান কৰাই আছিল জ্যোতিপ্ৰসাদৰ জীৱনৰ ব্ৰত। তদুপৰি তেওঁৰ ৰচনাৰাজিৰ মাজত দেখা গৈছে জাতীয়তাবোধ,ৰাষ্ট্ৰীয় বা সামাজিক চেতনা,দুস্কৃতি আৰু দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ,মানৱতাবোধ আৰু বিশ্বভাতৃত্ব। তেখেতৰ প্ৰতিখন নাটকৰ গীতসমূহত পৰিস্ফুৰ্ত হৈ উঠিছে স্বদেশপ্ৰীতিৰ সুৰ,মানৱতাবোধ,সমাজ চেতনা বা জাতীয়তাবোধৰ চৰম নিদৰ্শন।
"জয় হিন্দ
জয় জয়
জয় হিন্দ জয় জয়
নৱ ভাৰতৰ নবীন অৰুণোদয়"
………………………………………
এই গীতৰ যোগেদি দেশ আৰু সমাজৰ পৰা কলুষতা নাশ কৰি মুক্তিৰ জয়গান গাই জাতীয় নিচান হাতত লৈ আগবাঢ়ি যোৱাৰ যি দৃঢ়তা সেই দৃঢ়তাই দেশৰ ডেকা-গাভৰুক উদ্বুদ্ধ কৰি তুলিছে।
জ্যোতিপ্ৰসাদ আগৰৱালা ছাত্ৰাৱস্থাৰে পৰা দেশপ্ৰমী আছিল। সেই দেশপ্ৰেম কেৱল অসমকেন্দ্ৰিক নাছিল। সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতি থকা দায়বদ্ধতাও তেওঁৰ গীতৰ মাজেৰে প্ৰকাশ পাইছে লভিতা নাটকত থকা 'বিশ্ববিজয়ী নৱজোৱান' গীতৰ যোগেদি। গাওঁ-ভূঁইৰ সংস্কৃতি আৰু ল'ৰা-বুঢ়া সকলোৱে অন্তৰত ভাৱ অনুভূতিক প্ৰতিনিধিত্ব কৰি লিখা গীতৰ মাজেৰে সমাজৰ প্ৰতি থকা দায়িত্ববোধৰ উমান পাব পাৰি ---
"মই গাঁৱৰ ল'ৰা
গাঁৱে গাঁৱে বন্তি জ্বলাই যাম আমি।"
…………………………………………………
তেওঁ দুস্কৃতিক নাশ কৰি সংস্কৃতিৰ পৃথিৱীখন মুক্ত আৰু সুন্দৰ কৰিবলৈ জগতৰ জনতাক শিল্পী ৰূপেৰে বিশ্বসভাত উজলিবলৈ আহ্বান জনাইছে এনেদৰে -----
"অতি শিল্পীৰূপেৰে জাগিব লাগিব
জগত জনতা
………………………………………………
জ্বলন্ত সততাৰে,পবিত্ৰ ক্ষমতা জ্বলাই
মষিমুৰ কৰি যাউতি যুগীয়াৰ
শক্তিহীনতা
জনজীৱনত উঠক জ্বলি বিশ্বপ্ৰাণতা।"
স্বাধীনতা আন্দোলনৰ সকলো সংগ্ৰামী জনতাক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰি তুলিবলৈ তেওঁ গীতত এনেদৰে কৈ গৈছে -----
"জননীৰ সন্তান জাগা
জাগা শক্তিমান জাগা মুক্তি প্ৰাণ
মৃত্যু গচকি আন জয় জিনি
কৰি দুৰ্জেয় অভিযান।"
দেশৰ ডেকা-গাভৰুক আইৰ পূজাৰ বাবে সাজু হ'বলৈ,পৰৰ অধীন হৈ নাথাকিবলৈ,শিৰ নত নকৰিবলৈ,বিজয়ী বাহুৰ বল নাপাহৰিবলৈ,আপোনক পৰ নকৰিবলৈ আৰু তপ্ত শোণিত ঢালি হ'লেও মাতৃক শক্তি দিবলৈ হ'ল বুলি সকীয়াই দিছে তেওঁৰ 'কোন কোন আহিছ,আইক পুজিবলে',আইৰ পূজাৰ বেলি হ'ল' শীৰ্ষক গীতৰ মাজেৰে। 'লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলে ভয় নাই' শীৰ্ষক গীতৰ মাজেৰে লুইতপৰীয়া ডেকাৰ নিৰ্ভীকতাৰ উমান দিছে। 'কোনে ক'ব তোক শক্তিহীনষ বুলি,আই তোৰ পুত্ৰ শক্তিবন্ত' গীতৰ মাজেৰে সকলো ডেকা-গাভৰুক প্ৰত্যয় নিয়াইছে যে আমি শক্তিবন্ত।
"কোন ক'ত আছ
তই সন্মুখত হ' থিয়
মাতৃপূজাৰ ভাগ ল'বলৈ
দেৰি কৰ কিয়?"
জ্যোতিপ্ৰসাদ আগৰৱালা এজন স্বাধীনতা সংগ্ৰামী আছিল। তেখেতৰ প্ৰায় সমূহ গীতেই বৈপ্লৱীক স্বদেশানুৰাগ পৰিস্ফুৰ্ত। 'লভিতা' নাটকৰ গীতত জীৱন-যৌৱন,প্ৰাণ পণ কৰি ৰণাঙ্গন ৰাঙলী কৰি দিয়াৰ বৈপ্লৱীক আহ্বান জনাইছে এনেদৰে ----
"সাজু হ' সাজু হ' নৱজোৱান।
সাজু হ' সাজু হ' নৱজোৱান।
তই কৰিব লাগিব অগ্নিস্নান।
জীৱন যৌৱন কৰি প্ৰাণ পণ
ৰাঙলী কৰিছে ৰণাঙ্গন-----।"
জ্যোতিপ্ৰসাদ আগৰৱালাই পুঁজিপতি শ্ৰেণীটোৰ প্ৰতিও তীব্ৰ সকীয়নী দিছে এনেদৰে------
"হেৰ, আত্ম প্ৰৱঞ্চক
হেৰ, নিজৰ মনত প্ৰতিভাত হোৱা
মহা মহত্তৰৰ
তই নিজে নিৰ্য্যাতক।"
হালোৱা,হজুৱা,ৰণুৰা,বণুৱা,দুখী য়া,দৰিদ্ৰ শ্ৰেণীটোৰ প্ৰতি জ্যোতিপ্ৰসাদৰ সহানুভূতি আছিল অসমী। শোষিত আৰু নিপীড়িত লোকৰ সতে তেেঁৰ আত্মীয়তা থকাই নহয়,এই জনতাৰ মাজতে তেওঁ মহামানৱৰো সংকেত লাভ কৰিছিল।
সুন্দৰৰ পূজাৰী হিচাপেই জ্যোতিপ্ৰসাদৰ ভাৱমূৰ্তি জনতাৰ মানসপটত প্ৰৱল ৰূপত আছে;তথাপি তেওঁৰ বৈপ্লৱীক চেতনাৰ অভিব্যক্তিক কোনো গুণে পিছ পেলাব নোৱাৰি। ৰাজনৈতিক,সামাজিক ব্যৱস্থাপনাৰ মাজেৰে তেওঁ সুন্দৰৰ আৰধনা আৰু শিল্প চৰ্চা কৰিছিল। গতিকে তেওঁৰ গীতসমূহত সমাজ চেতনা,বিদ্ৰোহ,বিপ্লৱ,দুস্কৃতি বিনাশী,সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠা,পোহৰ বা জ্যোতিৰ সন্ধান,ৰূপান্তৰেহে যে জগত সুন্দৰ কৰে তাকে গায়ত্ৰী মন্ত্ৰ হিচাপে লৈ গীতৰ শব্দ বিন্যাস কৰা দেখা যায়।