Type Here to Get Search Results !

ভোগৰ তাড়না

 জীনামণি বৰগোহাঁই দুৱৰা


ভোগসৰ্বস্ব পৃথিৱীত
মাছে - মঙহে উদৰসাৎ হৈছে ধনৱন্তৰ
এনে ভোগ কিহৰ বাবে
য'ত  নাই ভোগালীৰ  উম?
বিলাসীত জীৱনত পৰিৱৰ্তিত আজি
ভোগালীৰ ৰূপ।
ভোকাতুৰক সহায়ৰ নামত
প্ৰচাৰমুখী  তাণ্ডব।
সেয়েহে  অনুভৱ  কৰিছোঁ
হৃদয়ৱান  নিষ্ঠাবান ব্যক্তিত্বৰ
আৱিৰ্ভাৱ   হওঁক,
মানুহৰ মনবোৰ সলনি  হওঁক
নিকা  মনোবৃত্তিৰে প্ৰকৃত সেৱাৰে
মানৱতা  জাগি উঠক
হয়তো তেতিয়া ভোগালীৰ ভোগৰ দ্ৰব্যৰে
দূৰ  হ'ব  ভোকাতুৰৰ  ভোক