প্ৰগতি গগৈ চাংমাই
জেইলাৰজন ভাল৷ যথেষ্ট ভদ্ৰ। আন কয়দীবোৰৰ দৰে ব্যৱহাৰ নকৰে তাক৷ তেওঁ বুজিছে অসীমৰ গাত কোনো দোষ নাই৷ এনেকুৱা ঘটনা প্ৰায়ে ঘটে৷ কিন্তু তেওঁ যে নিৰুপায়! আদালতে ৰায় নিদিয়ালৈকে তেওঁ সিদ্ধান্তবোৰ অকলে ল'ব নোৱাৰে৷ হয়তো বয়সত সৰু দেখিয়েই অসীমলৈ বেছি মৰম লাগিল তেওঁৰ৷ মনৰ দুই এষাৰ কথা পাতে তাৰ লগত। নিজৰ ঘৰ-সংসাৰৰ কথা তাৰ আগত কয়। নিজৰ একমাত্ৰ সাতবছৰীয়া ল'ৰাটোৰ দুষ্টামিৰ কথা..…
ঘৰৰ ছাগলী পোৱালি দুটাৰ কথা..বৃদ্ধ মাক-দেউতাকৰ কথা.. লখিমী হেন ধুনীয়া মানুহজনীৰ কথা। সকলো কয়।
_ বুজিছা! আমি হৈছোঁ চৰকাৰী চাকৰিয়াল৷ চাকৰিৰ খাটিৰতেই হওক বা দোষীক শাস্তি দিয়াৰ বাবেই হওক আমাৰ দায়িত্ব পালন কৰিবই লাগিব৷ তোমাৰ লগত যিটো কাহিনী ঘটিছে প্ৰায় ঘটনাই সংঘটিত কৰে ছোৱালীবোৰে নিজেই৷ পাছত গৈ দোষী হয়গৈ মানুহজন৷ তোমাক দেখিয়েই বুজি পাইছোঁ৷ তুমি নিৰ্দোষী। তোমাৰ মুখৰ সৰলতাই নকয় যে তুমি তেনেকুৱা এটা অপৰাধ কৰিবা। এয়াই ভাগ্য বুজিছা৷ ভাগ্যই কেতিয়াবা আমাক বৰ বেয়াকৈয়ে প্ৰৰোচনা কৰে৷ আমাৰ হাতত কৰিবলগীয়া একোৱেই নাথাকে।
" সি একো ক'ব নোৱাৰিলে মুখেৰে৷
তাৰ ওপৰেদি যিজাক ধুমুহা বৈ গৈছে সি আৰু থিয় হৈ থাকিব নোৱাৰাৰ দৰে হৈছে৷ মনৰ পৰা বহু পৰিমাণে ভাগি পৰিছে সি। খুব সহজ-সৰল মনৰ অসীমক সকলোৱে এজন মৰমীয়াল ল'ৰা হিচাপেই জানে৷ কাকো কোনোদিনেই টান মাত এষাৰ দি পোৱা নাই৷ কাজিয়া কৰাটো দূৰৰ কথা৷ আনে কাজিয়া কৰা দেখিলে বুজাই-বঢ়াই মিলাই থৈ দিয়ে! সমাজৰ লগত সি সৰুৰে পৰাই বান্ধ খাই পৰিল৷ কাৰোবাৰ কিবা এটা হ'লে সি ততালিকে লৰ মাৰে হাস্পাতাললৈ৷ কাৰোবাক টকাৰ প্ৰয়োজন হ'লে সি নিজলৈকে নথৈ দি আহিবগৈ৷ ওচৰৰ কোনোবা নিথৰুৱা বৃদ্ধ বিছনাত কেঁকাই থাকিব অসুখত। সি ততালিকে উপস্থিত। আলপৈচান ধৰিব ...। সৌ সিদিনা কাষৰে মানসৰ পুতেকক গৰুৱে খোৱা গেঞ্জীটো পিন্ধি থকা দেখি নতুন দুটা আনি দিছে৷ লেতেৰাকৈ থকা দেখি তাক কেইবাদিনো গা ধুৱাই দিছে৷ বাগানীয়া বাইজনীয়ে পুতেকক সাৱটি ভোকত কান্দি থাকোঁতে সিয়েই দোকানৰ পৰা কিবাকিবি খোৱাবস্তু কিনি দি আহিছে৷ কাৰোবাৰ পথাৰত ডাঙৰি পৰি আছে..আনিবলৈ মানুহ নাই। সি যাব আগবাঢ়ি। এনেকৈয়ে সি যিমান পাৰে আনক সহায় কৰে৷ আনৰ দুখৰ সমভাগী হয়৷ নি:সহায়জনক সহায় কৰি সি ভালপায়। মনত এক অবুজ প্ৰশান্তি লাভ কৰে।
ভাবোঁতে ভাবোঁতে কথাবোৰৰচোন আঁত হেৰায়! তাৰ যে ক'ৰপৰা কি হৈ গ'ল? ভাবি আচৰিত হয় সি৷ তেতিয়া সি নিজকে চিনি নাপায়৷ কোনোবাদিনা সি জানো ভাবিছিল এনেকৈ লক আপৰ ভিতৰত দিন কটাব লাগিব? আজি এমাহদিন সি লকআপত সোমাই হৈ যোৱা কথাবোৰকে মনৰ ভিতৰত পাগুলি আছে৷ ভুলটো ক'ত কেনেকৈ হৈ গ'ল৷ কাৰ ভুলৰ কাৰণে এনে হ'ল? সি চোন আজিও বুজি নাপালে ।সি কোনোদিন তাইক টান মাত এষাৰো দি নাপালে৷ তাইৰ পচন্দমতেই সকলো কাম কৰে। তেনেস্থলত…?