Type Here to Get Search Results !

অন্তিম অনুৰাগ

 নীলিমা গগৈ, শিক্ষয়িত্ৰী, গেলেকী


     বহু দিনৰ অন্তত সাগৰিকাই অতীতৰ  কিছুমান স্মৃতি খুচৰি চালে। ব্যস্ততাৰ মাজতো কেতিয়াবা এই স্মৃতি বোৰে তাইক বৰকৈ  আমনি কৰে । দুখৰ চকুলো বোৰ কেতিয়াবা  অফিচৰ আন কোনোৱে দেখেনে ? নাই, সকলো নিজৰ কামত ব্যস্ত। তেতিয়াহে তাই স্বস্তিৰ নিশ্বাস এৰে। আজি অফিচ বন্ধ । কাম বন সামৰি সাগৰিকাই বিছনা খনত ভাগৰুৱা দেহাটো এৰি দি ভাৱনাত বুৰ গ'ল।
    বৰদৈচিলা হৈ উৰা মাৰিল মনটো ৰঙা মদাৰ জোপাৰ তললৈ । দুচকু সেমেকি উঠিল সাগৰিকাৰ । অস্পষ্ট হৈ এটা শব্দ দুটি উঠে নিগৰিল -শ্যামল ! কিমান যে কল্পনা কৰিছিল তাইক লৈ শ্যামলে ?  সাজিছিল দুয়ো কল্পনাৰ কাৰেং । শুকুলা পক্ষী ঘোঁৰাত উঠি বিচৰণ কৰিছিল এদিন দুয়ো প্ৰেমৰ সৌধ বেবীলনত। নানা ৰঙৰ ফল-ফুলে ভৰা বাগিচা খনত  সুৱদি পক্ষীৰ মাতত শান্তিৰ ঘূমতিত বিলীন হৈছিল দুয়ো  কিন্তু .….....। সমাজৰ ৰীতি- নীতি আৰু মাক- দেউতাকৰ  সুখৰ বাবেই মানি ল'লেএদিন তাই সকলো । ল'লে জীৱনৰ চৰম সিদ্ধান্ত। অনিচ্ছা সত্ত্বেও আঁতৰি আহিল  শ্যামলৰ  পৰা । শ্যামলৰ ভালপোৱা বোৰ বুকুত বান্ধি আজিও সাগৰিকা  হ'ব নোৱাৰিলে আন কাৰোৰে। তাই শ্যামলক কথা দিছিল তেওঁৰ অবিহনে তাই কাৰো লগত বিবাহ পাশত আবদ্ধ নহয় । আজীৱন হৈ ৰ'ব চিৰকুমাৰী ।
     গোটেই জীৱন পাৰ কৰিব শ্যামলৰ মৰম বোৰ বুকুত বান্ধি। কিন্তু ৰাখিব নোৱাৰিলে শ্যামলে তাইক দিয়া প্ৰতিশ্ৰুতি।  ঘৰৰ কথা মানি অতীতৰ সকলো কথা পাহৰি এদিন বিবাহ পাশত আবদ্ধ হ'ল শ্যামল। এতিয়া শ্যামল নিজৰ সংসাৰক লৈ ব্যস্ত। সাগৰিকাৰ অন্তৰত অনুৰণিত হৈ ৰয় প্ৰায় আজি কালি   ভূপেন দাৰ কালজয়ী সেই গীত টি "তুমি বিয়াৰ  নিশাৰ শয়ন পাটীৰ এপাহী ৰজনীগন্ধা! তোমাৰ মূল্য এনিশাৰ।  পিছৰ দিনাৰ সূৰুয উঠাৰ পিছৰ বাহী শয্যাত তুমি মূল্য বিহীন ভাৰ....।" তাইক বাৰু শ্যামলে সঁচা অন্তৰে ভাল পাইছিল নে? যদি পাইছিল কেনেকৈ সি ইমান পৰিবৰ্তন হ'ল ?তাইৰ খবৰ ল'ৱলৈও তাৰ অকণমান অৱকাশ নাই । কিন্তু তাই শ্যামলৰ বাবেই....….....। ধেৎ, তাই যে কি কথা বোৰ ভাবিছে !তাইক বাৰু শ্যামলে কিয় পাহৰিব? যি জন শ্যামলে তাইক এবাৰ নেদেখিলে  নাখাই আছিল সেই একেজন শ্যামলে  তাইক জানো পাহৰিব পাৰিব ? নাই , নাই শ্যামল হয়তু বহু সমস্যাৰ মাজত আছে ।সেই বাবেই তাইৰ খবৰ ল'ব পৰা নাই। চকু যুৰি তাইৰ সেমেকি উঠিল , কান্দোন বোৰ ধৰি ৰাখিব নোৱাৰিলে তাই। ভৰ বাৰিষাৰ বানপানীয়ে নদীৰ পাৰৰ  আবৰ্জনা বোৰ আঁতৰাই নিয়াৰ দৰে তাইৰ অন্তৰৰ দুখ বোৰো এটি ক্ষণৰ বাবে চকুলো বোৰে ধুৱাই নিলে ।অন্তৰখন কিছু সময়ৰৰ বাবে হাত পৰিল সাগৰিকাৰ ।   মূখ-হাত কেইটা ধুই গৰম চাহ একাপ খাই সাগৰিকাই ম'বাইল টো উলিয়াই লৈ শ্যামলৰ নম্বৰটো বাৰে বাৰে উলিয়াই লৈ ও কল কৰাৰ সাহস গোটাব নোৱাৰিলে । কিজানিবা তাইৰ বাবে শ্যামলৰ সংসাৰখনত আউল লাগে।নিবিচাৰে সাগৰিকাই শ্যামলক অতীতৰ স্মৃতি সমূহ সোঁৱৰাই সুখৰ বন্যা বোৰ ধুৱাই দুখৰ বন্যা বোৱাবলৈ ।
কল লিষ্টৰ পৰা সেইদিনাই শ্যামলৰ নম্বৰটো সাগৰিকাই ডিলিট কৰিলে । যাক তাই হৃদয়ত স্থাপন কৰি আজীৱন কুমাৰী হৈ ৰল তেওঁৰ নম্বৰৰ প্ৰয়োজন জানো আছে ?
     যদিও শ্যামল আজি কাষত নাই তথাপি তেওঁ  সাগৰিকাৰ নিচেই কাষত। তেওঁৰ মৰম বোৰ কঢ়িয়াই লৈ জানো তাই আগবঢ়া নাই জীৱন বাটত ? কথাবোৰ ভাবি থাকোতেই কেতিয়া  যে লহীয়ালে আগচোতালত ৰান্ধনী বেলিটিয়ে। কাষৰ ৰূমটোৰ পৰা শৰ্যাশায়ী দেউতাকে কঁপা কঁপা মাতেৰে চিঞৰাত হে সাগৰিকাৰ সম্বিত ঘূৰি আহিল -"কিমাননো দিনটো ৰূমতে সোমাই নাথাক, সাজ লাগিল । গোঁসাই ঘৰৰ বন্তি গচি লগালি নে ?সাগৰিকাই লৰালৰিকৈ বিচনাৰ পৰা উঠিল ।" থাপনাৰ আগখন মচি লৈ গোসাঁইৰ ঘৰত বন্তি গছি  লগাই অদৃষ্ট জনৰ চৰণত সেৱা ল'লে। মিনতি কৰিলে  শ্যামলক যেন এনেদৰেই হৃদয়ত প্ৰতিষ্ঠা কৰি, পাৰ কৰিব পাৰে সাগৰিকাই জীৱনৰ সহস্ৰ ঘাট , পতিঘাট ।তেওঁক যেন নেদেখা জনে সদায়  কুশলে ৰাখে ।   মনে প্ৰাণে কামনা কৰিলে সাগৰিকাই। বিৰহী ৰাধাই যি দৰে শ্ৰী কৃষ্ণৰ প্ৰেম আজীৱন বুকুত সাবতি প্ৰাণধনৰ চিন্তাতেই জীৱন অতিবাহিত কৰিছিল, ঠিক তেনেদৰেই সাগৰিকাইও  শ্যামলৰ স্মৃতি  সমূহ বুকুত সাৱতি  পাৰ কৰিব  জীৱনৰ বাকী থকা ক্ষণ।
     ৰাধাই যি দৰে কুৰুক্ষেত্ৰৰ  স্থলিৰ শেষ সমৰত বাউলী হৈ মাথো এপলক প্ৰিয়তমক নয়ন ভৰি  হেঁপাহ পলুৱাই চাইছিল ঠিক সেইদৰে  সাগৰিকাইও চাব বিচাৰে  প্ৰাণৰ প্ৰিয়তমক জীৱনৰ শেষ সন্ধি ক্ষণত  এপলক  হেঁপাহ পলুৱাই ,নয়ন ভৰি মাথো এবাৰ।
     উন্মনা মনটোৱে বিচাৰিলে শ্যামলৰ  সান্নিধ্য। ম'বাইল টো উলিয়াই এবাৰ সাগৰিকাই চকু ফুৰালে ডাইল লিষ্টখন । ডাইল লিষ্টৰ নম্বৰ বোৰৰ মাজত উদ্ভাসিত হৈ উঠিল সেই বিশেষ নম্বৰটো আৰু তাৰ লগে লগেই সাগৰিকাৰ দুচকুত উদ্ভাসিত হৈ উঠিল জোনাকৰ জোনটিৰ দৰে  শ্যামলৰ মিঠা হাঁহিটি আৰু সজল চকুযুৰি।এক অজান শিহৰণে শিহৰিত কৰিলে সাগৰিকাৰ সমগ্ৰ সত্ত্বা ।