দিপালী ৰাধিকা
মোৰ ওপজা মাটিতে,
তুমি ফুলি ৰ'বা
এপাহি বেলি ফুল হৈ
এমুঠি পোহৰ দিয়া
সেউজীয়া হোৱা।
পূৱৰ চূড়াত সুকোমল কিৰণত,
ৰূপহী ওঁঠত জেটুলিপকীয়া বোল সানা
মধুময় দিগন্তত উষ্ম আলোকত
প্ৰভাতৰ ৰাগিনী বিনন্দীয়া ৰূপ লোৱা।
পুৱাৰ পোহৰ দেখি,
বনৰ পখীও সাৰ পায়
গীত জুৰে ডালে ডালে
আশা আৰু হেপাঁহৰ,,,,
তুমি সুৰৰ লহৰ হোৱা।
সৃষ্টিৰ পাতনিৰে পৰা,
ৰূপহী চোতালত নাচিছে সৰিছে
প্ৰকৃতি শোভিত বিকশিত বিকাশ
তধা লাগি চাই ৰওঁ,দুনয়ন জোৰাই
তুমি সৌন্দৰ্য্যৰ প্ৰতিক হোৱা।
নুবুজিলোঁ তুমি, মই ,
আমি মূঢ়মতি দুৰ্বল মনিচ,
নিয়তিৰ বিস্তৃত পৰিভাষা
অন্তহীন শব্দহীন এই বিশ্বৰ লীলা
নুবুজা ভাষাটি নিৰৱ গৰিমা
তুমি মোৰ কাব্যবেদীৰ মালা হোৱা।
দিন,মাহ প্ৰতি বছৰে আগুৱাই,
সেন্দুৰীয়া গতিপথ জীৱন সংগ্ৰামত,
সুখ-দুখৰ চানেকিৰ বুটা বাছি
পূৱত উদয় পশ্চিমত মাৰ
লুকাই ৰাঙলী বেলিটি
যেতিয়া তুমি সন্ধিয়া হোৱা।
শিৱসাগৰ
গেলেকী।