সঞ্জীৱ বাইলুং
অলেখ কবিতাৰ জন্ম হয়
কবিতাই জীৱনৰ কথা কয় ।
কবি আৰু কবিতা
দুয়ো মাতৃ আৰু সন্তান ।
কবিৰ আলফুলীয়া
হৃদয়ৰ পৰা নিগৰিত
ভাৱৰ বুৰবুৰণিৰ সমাহাৰত
প্ৰসৱ হয় কবিতা ।
নাভিচ্যুত কৰা হয় কবিতাক
য'ত আৱশ্যক নহয়
কোনো ডিচেক্সন বক্সৰ আহিলা অথবা
ব্যৱহাৰ কৰিব নালাগে চিজাৰিয়ান প্ৰথা ।
লাগে মাথো কবিক
এখিলা উকা কাগজ
মহী নিগৰাবলৈ
স্বত:স্ফূৰ্ত ভাৱ আৰু অনুভূতিৰ প্ৰকাশ ।
কবিতানো কি ?
কবিতা মোৰ বাবে
আলসুৱা ফুল
যি সেউজীয়াৰ মাজত
ৰঙ বিৰঙী কলি মেলি
পাহি মেলি পূৰ্ণাংগ হয় আৰু
মানুহৰ মন কৰে জুৰ ।
কবিতাত কিনো যাদু আছে ?
কবিতা এধাৰি মালা ।
শব্দেৰে ছন্দেৰে প্ৰেমেৰে
মহানন্দে বিষাদেৰে
হিয়া উজাৰি প্ৰাণ ঢালি
গুঁঠা হয় কবিতা ।
এয়াই কবিতাৰ যাদু ।
সকলো মানুহেই জানো
কবি হ'ব পাৰে ?
আচলতে সকলোৱেই কবি ।
তুমি, মই, আপুনি সকলোৱে কবি , কাৰণ
আমি কথা ক'ব জানো কিন্তু কথাবোৰ গুৰৰ দৰে পাগত তুলি পকা মিঠৈ বনাব নোৱাৰোঁ ।
একেআষাৰে কবলৈ গ'লে
শব্দই ব্ৰহ্ম ।
সেয়েহে আহকচোন
শব্দৰ সুশৃংখলিত
লালিত্য প্ৰধান
সজ্জিত বিন্যাসেৰে
আমিও লিখি যাওঁ
ছন্দোবদ্ধ প্ৰকাশ ।
সকলোৱে কবিতাৰ মা হওঁ
প্ৰসৱ কৰোঁ কবিতা
উন্মেষ ঘটাও নতুন নতুন সেউজীয়া কবিতা
সমৃদ্ধ কৰোঁ আই জননীৰ
মুখৰ ভাষা ।