সবিতা বৰুৱা ফুকন
সৰুতে আইতাক টুনী চৰাইজনীৰ কথা সুধি
আমনি ক'ৰোতে কৈছিল-
আঘোণত ধান পকিলেই
তাই আহিব !
তেতিয়া বুকুখনত মোৰ
উজনিৰ ৰে'ল চলিছিল ।
ধুমুহাই উৰুৱাই নিছিল
মনটো আঘোণলৈ...
কিমান দিন যে হ'ল
টুনীজনী নেদেখা ...?
শাণ দিয়া কাঁচিখন
আজি -কালি শেতেলিৰ
ৰখিয়া ....।
আঘোণৰ হিমচেঁচা নিয়ৰত
পথাৰৰ মুঠিবোৰ তিতিছে,
গোটেই ৰাতি তিতি তিতি
থৰ থৰকৈ কপিছে
কপি থকা মুঠিবোৰলৈ
জোনবাই জনীয়ে
জলকা লাগি চাইছে !
কোঁৱলীবোৰো এলা-পেচা নহয়
কোঁৱলীৰ আঁচলত লুকাল
ধানৰ ক'লা,বগা আৰু হালধীয়া....
টুনীজনীৰ কথা ভাৱি
থাকোঁতেই আঘোণ
এই যাওঁ যাওঁ এতিয়া ।