ৰঞ্জিত চুতীয়া
অসমৰ ভক্তি আন্দোলনৰ মূল প্ৰৱক্তা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল অসমীয়া নাট্য সাহিত্যৰ জনক। মূলতঃ বৈষ্ণৱ ধৰ্মৰ আদৰ্শ প্ৰচাৰৰ উদ্দেশ্যই তেখেতে গীত, কাব্য, নাটক আদি ৰচনাৰ বাবে কাপ-মৈলাম হাতত তুলি লৈছিল। বৈষ্ণৱ ধৰ্মৰ আদৰ্শ প্ৰচাৰৰ বাবে বাচি লোৱা মাধ্যম বিলাকৰ ভিতৰত নাটক আছিল আটাইতকৈ জনপ্ৰিয় মাধ্যম। শংকৰদেৱৰ নাট্য সম্ভাৰ আছিল - পত্নী প্ৰসাদ, কালিয় দমন, কেলিগোপাল, পাৰিজাত হৰণ, ৰুক্মিণী হৰণ আৰু ৰামবিজয়। অৱশ্যে ইয়াৰ আগতেও মহাপুৰুষ জনাই প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰি আহি 'চিহ্নযাত্ৰা' নামে মঞ্চাভিনয়ৰ পাতনি তৰাৰ কথা চৰিত পুথিত উল্লেখ পোৱা যায়। কিন্তু তাৰ লিখিত ৰূপ কতো পোৱা নাযায়। সেইদৰে চৰিত পুথিত শংকৰদেৱৰ নামত 'জন্মযাত্ৰা' আৰু 'কংসবধ নাট' নামৰ দুখন নাটকৰ নাম পোৱা যায় যদিও কোনো লিখিত ৰূপ পাবলৈ নাই।
মহাপুৰুষ জনাই ৰচনা কৰা আটাইকেইখন নাটকতে ধৰ্মীয় আদৰ্শ প্ৰতিফলিত হোৱাৰ লগতে সমকালীন সময়ৰ সমাজ ব্যৱস্থাৰ লগতে সামাজিক মূল্যবোধ, ধৰ্মীয় আৰু সামাজিক জীৱনৰ বাস্তৱিক উপস্থাপন আৰু নাৰী পুৰুষৰ সামাজিক স্থানৰ আভাসো প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ নাটকসমূহৰ প্ৰতিখনতে কম বেছি পৰিমাণে নাৰী চৰিত্ৰও সংযোজন কৰিছিল। সেই নাৰী চৰিত্ৰসমূহৰ জৰিয়তে সেই সময়ৰ নাৰীৰ সামাজিক স্থান অথবা সমাজ জীৱনত নাৰীৰ ভূমিকাৰ বিষয়ে ধাৰণা কৰিব পৰা যায়।
শংকৰদেৱে বেদ, উপনিষদ আৰু পুৰাণসমূহৰ পৰা নাৰী চৰিত্ৰসমূহ সংগ্ৰহ কৰি তেখেতৰ নাটকত উপস্থাপন কৰিছিল। অৱশ্যে শংকৰদেৱে সেই নাৰী চৰিত্ৰসমূহ তেওঁৰ শৈল্পিক প্ৰতিভাৰ দ্বাৰা বিকশাই তুলি সমসাময়িক সমাজৰ একো একোটা বাস্তৱ আৰু জীৱন্ত চৰিত্ৰ হিচাপে উপস্থাপন কৰিছিল। বিভিন্ন নাৰী চৰিত্ৰসমূহৰ জৰিয়তে নাট্যকাৰ শংকৰদেৱে নাৰীক মমতাময়ী, স্নেহশীলা, পৰামৰ্শদাত্ৰী, মৰমিয়াল তথা মৰম আকলুৱা, ভগৱৎ প্ৰেমী, পতিব্ৰতা, প্ৰেমিকা-কণ্যা-প্ৰিয়সখী আদি বিভিন্ন ৰূপত উপস্থাপন কৰিছে।
শংকৰদেৱৰ দ্বাৰা ৰচিত 'ৰুক্মিণী হৰণ' নাটকখনত কেইবাটাও নাৰী চৰিত্ৰ দেখিবলৈ পোৱা যায়। সেইবোৰ হ'ল - ৰুক্মিণী, শশীপ্ৰভা, মদনমঞ্জৰী, লীলাৱতী আৰু দৈৱকী। ইয়াৰ ভিতৰত নাটকখনত ৰুক্মিণী হ'ল মুখ্য নাৰী চৰিত্ৰ। নাটকখনত ৰুক্মিণীক এগৰাকী ধৈৰ্যশীলা, বুদ্ধিসম্পন্না আৰু নিজৰ অধিকাৰৰ প্ৰতি সচেতন নাৰী হিচাপে উপস্থাপন কৰিছে। পুৰুষ প্ৰধান সমাজত নাৰীৰ নিজৰ অধিকাৰৰ পৰা পুৰুষৰ দ্বাৰা বঞ্চিত হৈ থাকিব লগাৰ বিপৰীতে ৰুক্মিণীৰ চৰিত্ৰটো নাট্যকাৰে প্ৰগতিশীল নাৰী চৰিত্ৰ হিচাপে অংকণ কৰিছে। যাৰ বাবে উদণ্ড ভাতৃৰ বাধা-নিষেধেও তেওঁৰ প্ৰেমৰ পূজাৰী শ্ৰীকৃষ্ণক পতিৰূপে বৰণ কৰাৰ সিদ্ধান্ত সলনি কৰিব পৰা নাই। বিপৰ্যয়ৰ সময়ত বিচলিত নহৈ ভৱিষ্যত কাৰ্যপন্থাৰ বাবে সখিয়েক লীলাৱতী আৰু মদনমঞ্জৰীৰ সৈতে আলোচনা কৰি বেদনিধিক দূত হিচাপে নিয়োগ কৰি শ্ৰীকৃষ্ণলৈ বাৰ্তা প্ৰেৰণ কৰিছে। দূত হিচাপে নিয়োগ কৰা বেদনিধি সময়মতে আহি নোপোৱাত অস্থিৰ হৈ মূৰ্চ্ছিত হৈছে যদিও পিছ মুহুূৰ্ততে দায়িত্বশীল নাৰী হিচাপে নিজৰ কাৰ্যত অগ্ৰসৰ হৈছে। ইয়াৰ পৰা প্ৰতিফলিত হৈ উঠিছে যে সুক্ষ্মৰ পৰা সুক্ষ্মতম দৃষ্টিভংগীৰে কোনো সমস্যা নিপুনতাৰে সমাধান কৰিব পৰা ক্ষমতা নাৰীও আছে।
নাট্যকাৰ শংকৰদেৱে ৰুক্মিণীক কেৱল এগৰাকী স্বামীৰ প্ৰতি অনুৰক্ত নাৰী হিচাপে অংকণ কৰা নাই, তেওঁৰ অন্তৰত পুঞ্জীভূত হৈ থকা ভাতৃ প্ৰেমৰ কথাও সুন্দৰকৈ ফুটাই তুলিছে। যি ভাতৃয়ে তেওঁৰ প্ৰেমৰ সেন্দুৰীয়া বাটত হেঙাৰ হিচাপে থিয় দিছিল সেই ভাতৃৰ প্ৰাণ নিজ পতিৰ ওচৰত ভিক্ষা মাগি ভাতৃ প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছিল। এনেদৰে নাট্যকাৰে ৰুক্মিণী চৰিত্ৰৰ জৰিয়তে নাৰীৰ মমতাময়ী ৰূপটো বিকশাই তুলিছে। ৰুক্মিণী হৰণ নাটকত নাট্যকাৰে ৰুক্মিণীৰ চৰিত্ৰটো প্ৰেমিকা, কাৰ্য-কুশল, বিনয়-শিষ্টাচাৰ- কৰুণাৰ মূৰ্ত প্ৰতীক হিচাপে অংকণ কৰিছে।
নাটকখনত লীলাৱতী আৰু মদনমঞ্জৰী চৰিত্ৰ দুটা বিশেষ বিকাশ লাভ কৰা নাই যদিও তেওঁলোকৰ সখীগতপ্ৰাণা চৰিত্ৰটো সুন্দৰকৈ পৰিস্ফুৰ্ত হৈ উঠিছে। ৰুক্মিণীৰ মাতৃ শশীপ্ৰভাৰ চৰিত্ৰটোৰ কাৰ্যাৱলী নাটকখনত সীমাবদ্ধ। ৰুক্মিণীৰ বিবাহৰ ক্ষেত্ৰত স্বামীৰ মতকেই বিনাপ্ৰতিবাদে তেওঁৰো মত হিচাপে প্ৰকাশ কৰিছে। ইয়াৰ দ্বাৰা তেওঁৰ চৰিত্ৰটোত স্বামীৰ অনুগত এগৰাকী নাৰীৰ চিত্ৰ প্ৰকাশ পাইছে যি গৰাকী নাৰীয়ে পুৰুষ প্ৰধান ৰক্ষণশীলতাৰ মাজত বান্ধ খাই থকা এগৰাকী সাধাৰণ নাৰীক প্ৰতিনিধিত্ব কৰিছে।
মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা নাটকসমূহত পুৰুষ চৰিত্ৰৰ তুলনাত নাৰীৰ চৰিত্ৰ তেনেই কম। কেৱল নাট্যকাহিনীৰ বিকাশৰ স্বৰ্থতেই নাটকত সীমিত সংখ্যক নাৰী চৰিত্ৰ উপস্থাপন কৰা যেন অনুমান হয়। অৱশ্যে চৰিত্ৰসমূহ সীমিত পৰিসৰতে উজ্বলাই তোলাত নাট্যকাৰ সফল হৈছে। তেখেতে মূল কাহিনীৰ উৎসৰ দৰে চৰিত্ৰসমূহ সজাই নুতুলি সেইবোৰক সমকালীন সমাজ ব্যৱস্থা আৰু পৰিৱেশৰ লগত সংগতি ৰাখি উপস্থাপন কৰিছে। যাৰ বাবে চৰিত্ৰসমূহৰ গুৰুত্বতা শ্ৰোতা-দৰ্শকৰ মাজত বৃদ্ধি পাইছে।