চিকুণ পুৱা অথবা লাহ দিয়া বেলিৰ ৰং বুটলি মানুহজনে এখন-এখনকৈ ৰঙীন ছবি আঁকে ।
ছবিবোৰৰ মাজৰ পৰা এদিন এজনী আহত, সুৰীয়া চৰাই উৰি আহি তেওঁৰ বুকুত শুলে ,
আৰু
তেওঁ নিগাজীকৈ এটা বাহ সাজি দিলে ।
সুৰীয়া চৰাইজনীৰ সুৰবোৰ তেওঁৰ বুকুত উশাহ হৈ থাকিল ।
তেওঁৰ বাবে এইজনী চৰাই নহয়
যেন এটি মোহন-মুৰুলী ,
য'ত বতাহে ফুঁ দিলেই জিৰি-জিৰিকৈ নামি আহে এখন গানৰ নদী
অন্ত:সলিল, স্ৰোতস্বিনী …
তেওঁৰ ছবিবোৰ আৰু ৰঙীণ হ'ল ,
ৰংবোৰ বিয়পি-বিয়পি গানৰ নদীখনিত মিলি গ'ল ।
চৰাইজনী বুকুত সাবটি তেওঁ পাহৰে দিন-ৰাতি । ব'হাগ অথবা চ'ত ।
দুখৰ কথা তেওঁ চৰাইজনীক নকয় ।
চকুলৈ নামিব নিদিয়ে বিষাদৰ বন্যা ।
মাথো আঁকি যায় একোখন ৰঙীন ছবি , নিৰৱ হৈ ।
এদিন
পোহনীয়া চৰাইজনী উৰি গুচি গ'ল , সিদিনা আকাশখন ক'লা হৈ পৰিছিল ।
ক'লীয়া আকাশখনৰ তলেৰে এধানি ৰং বিচাৰি তেওঁ গৈ থাকিল ।
গৈ গৈ তেওঁ নিজে অঁকা এখন ছবিৰ এটা বিন্দুত মিলি গ'ল ।