Type Here to Get Search Results !

প্ৰতিচ্ছবি


  প্ৰীতি কলিতা

কথাবোৰ এনেকৈয়ে  ভাবে সমীৰৰঞ্জনে আজিকালি।নাভাবো বুলি ভাবিও তাৰ কথাবোৰ তেনেকৈয়ে ভাবিবলৈ মন যায়।এই যে  মূষলধাৰ বৰষুণ এজাকৰ পিছত মানুহবোৰ  ঘৰাঘৰি ৰাওনা হয়,তাৰ যেন তেতিয়াও নিজৰ  ঘৰটো পাবলৈ মন নাযায়।ঘুৰ্মুটিয়াই ঘুৰ্মুটিয়াই সি যেন নিজৰ ঠিকনাটো পাহৰি যাব বিচাৰে।অথচ এইবোৰ বেয়া কথা,সি জানে।এইবোৰ ভবাটো ভাল নহয়।সি অনুভৱ কৰে।

                জপনাখন খুলিব খুজিও সি ৰৈ যায়।দেউতাকে বাৰাণ্ডাত বহি মানুহ চাইছে। এইজন মানুহৰ মুখামুখি হোৱাৰ আগত সমীৰৰঞ্জনৰ বুকুখন সদায় খুন্দিয়ায়।তেওঁৰ হাতত ধৰি সি আখৰ লিখিব শিকিলে, স্কুল ছুটিৰ পিছত তেওঁৰ চাইকেলৰ কেৰিয়াৰত বহি কত কাহিনী সি সজালে ।তাৰ পিছত,তেওঁৰ সমস্ত জীৱনৰ অহংকাৰ হৈ সি তাৰ মাৰ্কশ্বিটবোৰ গধুৰ কৰিলে। অথচ এতিয়া তেওঁৰ এইটো অৱস্থাত সি ভাবিব বিচাৰে সি যদি ক'ৰবাত হেৰাই গ'লহেঁতেন। 

            এতিয়া তেওঁ হয়তো হেঁপাহেৰে তাৰ চকুযুৰিলৈ চাব!!তাৰ পিঠিত থকা বেগটোৰ ওজনৰ অংক কৰিব।

             সি ঘৰটো পাৰ হৈ যায়।

             মন হয় তাৰ ,এদিন সি সেই তিনিবছৰ আগৰ সমীৰৰঞ্জন হৈ চহৰখনত ঘুৰ্মুটিয়াই ফুৰিব ।কাব্য সন্মিলনীত কবিতা পাঠ কৰিব নহয়তো আধৰুৱা গল্প এটা একে বহাতে লিখি শেষ কৰিব।এৰা,কত দিন হ'ল,সি এখনো ছবি অঁকা নাই!

            এই মানুহজন, এই ল'ৰাজনতো সি নাছিল। কোনোবাই কৈছিল,"তুমি যি কৰা সকলো প্ৰাণময় হৈ উঠে",তাৰ পিছত ...সি পাহৰিছে বাকীখিনি।মনত পেলাবলৈ তাৰ কষ্ট হয়।বেচৰকাৰী কামটোৰ পৰা দেউতাকে হঠাত অৱসৰ লব লগা হ'ল।বুকুৰ বিষটো বাঢ়ি গৈ থাকে মানুহজনৰ।মাকৰ হুমুনিয়াহবোৰ তাৰ কাণত নপৰে আজিকালি।বাকী তাৰ হাতত একো  নাই,একো এটা পথ বিচাৰি পোৱা নাই । 

               সি কি মনত পেলাব ? 

               জীৱন প্ৰাণময় কৰাৰ কথা!!

              একেটা দিনত আজি দুটা ইণ্টাৰভিউ দিছে ।আশা নিৰাশা একো কৰিবলৈ মন  নাযায় তাৰ। কাৰো লগত কথা পাতিবলৈ মন নাযায়।

               তাৰ হাঁহিবলৈ বেজাৰ হয়।

               কান্দিবলৈ ভাগৰ লাগে।

               অথচ কত সপোনে তাক আৱৰি আছিল এটা সময়ত। সি সেই সকলো সপোন আঁতৰাব বিচাৰিলে দেউতাকৰ অসুখৰ সময়ত।কেৰিয়াৰ গঢ়িব লগা সময়ত সি মেলা কিতাপবোৰ জপাই থলে। অ'ত ত'ত কাম বিচাৰি ফুৰিলে।তাৰ পিছত এটা দিনত যেতিয়া ঘূৰি আহিল,সি বিধ্বস্ত হৈ পৰিল।নিজৰ ভাল ভেটি এটা গঢ়িবলৈ,চাকৰি এটাৰ বাবে কিতাপ কেইখনমান কিনিবলৈ,ফৰ্ম ফিলাপ কৰিবলৈ টকা লাগে। সি অভাৱত ভোগে।মাকৰ হাতৰ পৰা মোবাইলৰ ৰিচার্জৰ নামত টকাখিনি হাত পাতি লওঁতে সি তলমুৱা কৰে। 

              কত ৰঙীণ সপোন ! ...সেইবোৰ ৰঙহীন হৈ ঘূৰে তাৰ ওচৰত।সি অসহায় হয় I কিতাপখন মেলি সি সপোনবোৰক খেপিয়াই চাব খোজে।বাট বিচাৰে ,কি কৰিব সি।ক'তো সন্ধি নাই,উশাহ ল'বলৈও।ভাগৰ লাগে তাৰ!!

              কি হ'ব ?!

              কেনেকৈ!!

            "তোৰ লগৰ যে,সি অমুকত সোমাল",...

সেইজনৰ মাৰ্কশ্বিট সমীৰৰঞ্জনতকৈ ভাল নাছিল।এই যে তাৰ আজিকালি অৰ্ধমৃত যেন লাগে।

            "বাবা,ক'লৈ যোৱা"?কাৰোবাৰ মাতত সি ঘূৰি চায়।ওচৰৰ মোহন খুড়াই বৈভৱক  ফুৰাবলৈ আনিছে। অসুখীয়া ল'ৰা বৈভৱ,জন্মৰ পৰাই তাৰ অসুখ। অসংখ্য শাৰীৰিক, মানসিক অসুখৰ ভাৰ বহন কৰি সি কেতিয়াবা কোঙা হৈ থাকে। সমীৰৰঞ্জনৰ কেতিয়াবা মোহন খুড়া আৰু খুড়ীক এটা বৃত্তৰ ভিতৰত ঘূৰি থকা যেন লাগে..। বৈভৱ সেই বৃত্তৰ কেন্দ্ৰ !?.......

            ঘৰলৈ খোজ দিয়ে সি।

           কেতিয়াবা সিও এনেকৈ বৈভৱৰ  লগত গলিটোত পাইছাৰী কৰি ফুৰে। বৈভৱে মাজে মাজে খুব ডাঙৰকৈ হাঁহে, কেতিয়াবা হঠাতে জোৰকৈ চিঞৰি দিয়ে। চিনাকী- অচিনাকী মানুহবোৰৰ ফুচফুচনি তাৰ কেতিয়াবা কাণত পৰা যেন লাগে।সি বৈভৱলৈ চায়। বৈভৱ তাৰ বয়সৰে হব।সি সমীৰৰঞ্জনৰ আঙুলিটো ধৰি থাকে।

          .....দিনবোৰ ঘূৰি থাকে এনেকৈ ,এনেদৰে।মোহন খুড়াকৰ ঠেলাখনৰ চকাবোৰ ,দেউতাকৰ ঔষধৰ সাফৰখন.. সকলো ঘূৰি থাকে।

             লগৰ শশাংকৰ বায়েকৰ বিয়াত তাৰ যোৱা নহয়।জোতাযোৰ উৱলিছে !ওহো,জোতাযোৰ ভালে থাকিলেও সি হয়তো নগ'লহেঁতেন।

           তাৰ জীয়াই থাকিবলৈ মন নাযায়,অথচ জীয়াই থাকে।তাৰ খাবলৈ মন নাযায়,অথচ নাখালে নহয়।

           প্ৰাঞ্জলে ফোন কৰে।সি তাৰ ভাল বন্ধু আছিল। সমীৰৰঞ্জনে কেৱল তাৰ কথা শুনে।নিজাকৈ একো নকয়।

          .... তাৰ পিছত ভালেমান দিনৰ মূৰকত সি এদিন ৰাতি মাক দেউতাকৰ লগত একেলগে বহি ভাত এসাঁজ খায়।দেউতাকে নিজৰ কাঁহীৰ পৰা তাক দুটুকুৰা আলুভাজি দিয়ে।মাকে তাক কয় ,"  ইমান কমকৈ ভাত খালে দেহত ক'ৰপৰা বল পাবি ?"

          কিয় জানো তাৰ সুখী হবলৈ বৰ মন যায়।

          সুখ.... যি সুখ তাৰ সপোনৰ পৰিধিতকৈও বিশাল, সেই সুখ।যি সুখত ডুবি থাকি দুখ পাহৰিব পাৰি সেই সুখ।এৰা...

           .... মাজৰাতি সমীৰৰঞ্জন হঠাত সাৰ পাই উঠিল। সি সপোন দেখিছিল...

             সি যেন বৈভৱহঁতৰ ঘৰত শুই আছে।মাকে মূৰৰ শিতানত বহি আছে।দেউতাকে ওচৰতে বিচনীখনৰে বিচি আছে।ঠিক যেন অসুখীয়া বৈভৱৰ ওচৰত বহি সাধু শুনাই থকা এহাল মানুহ.... ঘৰৰ মুধচৰ পৰা আহি তাৰ মূৰৰ ওপৰত জোনাক বিয়পিছে ।মাকৰ এটোপাল চকুলো তাৰ গালত পৰিল।সি হাতখন ফুৰাই দিলে গালত..মাকৰ হাতখনত......

             ...............মেলি থকা খিৰিকীখনেৰে অহা বতাহজাকে তাক কোবাই গ'ল। তাৰ মাকক চুই চাবলৈ হেঁপাহ হ'ল ।দেউতাকক সাৱটি ধৰিবলৈ মন গ'ল।বাহিৰত জোনাকে ঢৌ খেলি আছিল।লাইটতো জ্বলাই লৈ টেবুলৰ ওপৰত থকা কাগজখনত সি প্ৰথম শাৰীটো আৰম্ভণি কৰিলে,

  ....মই আজি এটা গল্প লিখিম........।......