অভিজিত শেনচোৱা
ক্লাছ কৰি থকাৰ মাজতো যাতে তাইক ভালকৈ দেখা পাই থাকে তাৰ বাবে সদায় সি মাজৰ বেঞ্চত ভাল ঠাই এডোখৰ বাছি বহি লয় । লগৰবোৰে সুধিলে ফেনৰ তলৰ সেই চিটটো তাৰ বুলি কয় সি, কিন্তু কাৰণ সেইটো নহয় ! এদিন দুদিন কৰি সি তাইৰ সৈতে লাহেকৈ চিনাকি হৈছে, যদিও বিশেষ আগবাঢ়িব পৰা নাই সি । সেইদিনা তাৰ কপাল ভাল । কিবা কাৰণত ক্লাছত সিহঁত দুইটাৰে দেৰি হোৱাত সুবিধা বুজি জালুকবাৰীলৈকে বাছত উঠাই দিয়াৰ মানসেৰে সি তাইক আগবঢ়াই লৈ গ'ল । ক্লাছৰ পৰা দীঘল বাটটোত সন্ধিয়া অকলে যাবলৈ টান পোৱাত লগ এটা পাই তায়ো ভালেই পালে । দুই এটা সৰু-সুৰা কথা পাতি গৈ থাকোঁতে জালুকবাৰী বাছ ষ্টেণ্ড কেতিয়া পালে ধৰিবই নোৱাৰিলে সি । তেনেতে এটা ল'ৰাই এখন অত্যাধুনিক বাইক লৈ আহি সিহঁত দুয়োৰে কাষত ৰখালে । আগন্তুক বাইকৰ পৰা নানামি তাৰ পৰাই তাইক তাৰ বিষয়ে 'কোন' সোধাত তাই কলে- 'এয়া মোৰ ক্লাছ ফ্রেণ্ড বিকি' । আগন্তুকে বিকিক মাত লগাই দুয়ো বাইকত উঠি গাড়িগাঁও দিশত গতি কৰিলে । বাইকত তাই আগন্তুকক সাৱটি ধৰাৰ দৃশ্যটো দূৰৰ পৰা চাই ৰ'ল বিকিয়ে ।
বি এড প্ৰথম ষাণ্মাসিক, ডিব্ৰুগড় বিশ্ববিদ্যালয় ।