Type Here to Get Search Results !

শঙ্কৰী সংগীত আৰু ৰাসৰ গীত পৰিচিতি

  প্ৰভাত বৰদলৈ


অসম মুলুকৰ নাম জগতত উজ্বলাই তোলা, অসমবাসীক আন্ধাৰৰ পৰা মুকুতি লভিবৰ বাট দেখাওঁতা শ্ৰীমন্ত শংকৰদেৱৰ নাম মনলৈ আহিলেই তেৰাৰ গীত মাত খিনিও তাৎক্ষণিকভাৱেই সস্নেহ-সভক্তি-সগৌৰৱেৰে মনলৈ আহে৷ গুৰুজনাৰ গীত-মাত মানেই ভাৰতৰ প্ৰাচীন পৰম্পৰাগত সংগীতৰ ঐতিহ্যৰ ভেটিত প্ৰতিষ্ঠিত এক পৰম আঢ্যৱন্ত সংগীতৰ ধাৰা, যি সমূহ গীত-মাতে অসম ৰাজ্যৰ পৰিসীমা ভেদি ভাৰতৰ ভিন্ন কোণত, আনকি বিদেশৰো বহু ঠাইত সমাদৃত হৈছে৷

ভাৰতৰ সংগীত চৰ্চা বৈদিক যুগৰে প্ৰাচীন৷ তাৰোপৰি কিছু সংখ্যক পণ্ডিতে চাৰিবেদৰ ভিতৰৰে সামবেদক সংগীত শাস্ত্ৰ বুলিও কয়৷ পঞ্চমবেদ মহাভাৰতৰ, ভৰত মুনিৰ নাট্যশাস্ত্ৰ, সাহিত্যদৰ্পন, অভিনয়দৰ্পন, অগ্নিপুৰাণ, দশৰূপক, ভৱভুতি, কালিদাস আদি নাট্যকাৰ সকলে ৰচনা কৰা নাটসমুহ, শাঙ্গদেৱৰ ‘সঙ্গীত ৰত্নাকৰ’, ‘সঙ্গীত দামোদৰ’, ‘নাৰদীয় শিক্ষা’, ‘মাণ্ডুকী শিক্ষা’, ‘নৃত্য-ৰত্না-কোষ’, শ্ৰীহস্ত মুক্তাৱলী আদি অনেক শাস্ত্ৰ ৰচনাৰ যোগেদি গীত-বাদ্য-নৃত্য এই তিনিও ধাৰা সঙ্গীতৰ চৰ্চা ভাৰতবৰ্ষত ধাৰাবাহিকভাৱে স°Iালনিকৈ চৰ্চা হৈ আহিছে৷ দেশৰ ৰজা-মহাৰজা, সম্ৰাট আৰু বাদশ্বাহ সকলৰ পৃষ্ঠপোষকতাত পিছলৈ প্ৰাচীন পৰম্পৰা চলি থকাৰ উপৰিও দেশ-বিদেশৰ নব্য সঙ্গীতৰ ধাৰাৰ আমদানি হ’ল৷ হিন্দু-মুছলমানৰ সঙ্গীতৰ সংমিশ্ৰণ ঘটিল৷ নতুন বাদ্যযন্ত্ৰৰ সৃষ্টি হ’ল৷ সঙ্গীতৰ ঘৰাণাৰ জন্ম হ’ল৷

মধ্যযুগত ভাৰতত বৈষ্ণৱ আন্দোলনে গা-কৰি উঠাৰ লগে লগে সাধক ভক্তসকলে সঙ্গীতৰ মূ২৬১্নাৰে ভগৱানক বৈকুণ্ঠৰ পৰা মৰতলৈ নমাই আনিলে৷ তুলসীদাস, কবীৰ, নানক, শ্ৰীচৈতন্য, দাদু, একনাথ, তুকাৰাম, মীৰাবাঈ আদি বৈকুণ্ঠপ্ৰাণ ভক্ত তথা ধৰ্মপ্ৰচাৰকৰ নাম এই ক্ষেত্ৰত উল্লেখযোগ্য৷ ভাৰতত হিন্দুস্থানী আৰু কৰ্ণাটকী এই দুই পৰিচিতিৰে শাস্ত্ৰীয় সংগীতৰ চৰ্চা তথা প্ৰসাৰ আৰু প্ৰচাৰ হ’ল৷ অসমতো প্ৰাগ ঐতিহাসিক কালৰে পৰা দেৱালয়, মঠ-মন্দিৰ আদিত সংগীতৰ চৰ্চা হৈছিল৷ দেৱদাসী-নটী সকলৰ গীত, ওজাপালি, ঢুলীয়া-ভৱৰীয়াৰ গীত ইত্যাদিবোৰ শ্ৰীমন্ত শংকৰদেৱৰ আগৰে সাংস্কৃতিক সম্পদ৷ সৰ্ব গুণ সম্পন্ন গুৰুজনাই অসমৰ প্ৰাচীন অধিবাসী ভূমিপুত্ৰ সকলৰ গীত-মাতবোৰ নকৈ সজাই অমৃতময় মহাপুৰুষীয়া সংস্কৃতিৰ ভাণ্ডাৰ গঢ়িলে৷ নাট-ভাওনা, গায়ন-বায়ন, শ্লোক-ভটীমা, চোঁ-মুখা, নটুৱা, ৰংবৰণ, অঙ্কৰগীত, বৰগীত সৃষ্টি  কৰি অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি তুলিলে৷ পিছলৈ সংকীৰ্ত্তনীয়া গীত-পদ গাই ভকতৰ গা বেছিকৈ উঠিলেও কীৰ্ত্তন-দশম-নামঘোষাৰ ছবি, দুলড়ী, পদ, লেছাড়ীৰ সংগীতময়তা বা সাংগীতিক গুণ স্ব-মহিমাৰে উজ্জ্বল হৈ ৰ’ল৷

গুৰুজনাৰ সংস্কৃতি মানেই কৃষ্ণ সংস্কৃতি৷ আনহাতে ‘কৃষ্ণ’ শব্দটোতে ‘আনন্দ’ অভিধাটি লুুকাই আছে৷ ৰাম অৱতাৰত দণ্ডকাৰণ্যবাসীক দিয়া প্ৰতিশ্ৰুতি মতেই দ্বাপৰত গোকূলৰ গোপী সকলৰ সৈতে কৃষ্ণই ৰাসক্ৰীয়া কৰিব লগা হয়৷ ভাগৱতৰ দশমত উল্লেখ থকা মতে -

শৰতে কালৰে চন্দ্ৰ অতি বিতোপন

ৰাসক্ৰীড়া কৰিবাৰ কৃষ্ণৰ হৈল মন৷

দৰাচলতে শৰত ঋতু মানেই এক শান্ত-সমাহিত প্ৰাকৃতিক বাতাবৰণৰ পৰিৱেশ৷ পৃথিৱীত এনে কবি হয়তো খুউব কমেই ওলাব, যিজন এবাৰৰ বাবে হ’লেও শৰৎ ঋতুৰ প্ৰেমত পৰা নাই৷ গুৰুজনাই সেয়ে শৰৎ বৰ্ণনা কৰি কৃষ্ণৰ গোপী প্ৰেমৰ প্ৰকাৰন্তৰে গোপী সকলৰ কৃষ্ণৰ প্ৰতি আশক্তিৰ মায়াময় পৰিৱেশৰ পাতনি মেলিছে৷

ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব্ব দিশ হন্তে৷

কামাতুৰা স্ত্ৰী যেন সন্তাপ মা৭১্ন্তে৷৷

অখণ্ড-মণ্ডল চন্দ্ৰ দেখিলন্ত হৰি৷

কুঙ্কুমে অৰুণ লক্ষী-মুখ পদ্ম-সৰি৷৷

গুৰুজনাৰ আদৰ্শ-পৰম্পৰাৰ মূল কেন্দ্ৰ স্থল অসমৰ সত্ৰ সমূহত ৰাস উৎসৱ পালনৰ ইতিহাস বহু পুৰণি৷ জনশ্ৰুতি মতে ১৭৬২ শকত মাজুলীৰ দক্ষিণপাট সত্ৰত প্ৰথমবাৰৰ বাবে ৰাস পালন কৰা হৈছিল৷ তাৰ পিছলৈ মাজুলীৰ অন্য সত্ৰ সমূহৰ লগতে অসমৰ চুকে-কোণে ৰাস উৎসৱ পালনৰ জোৱাৰ উঠিবলৈ ধৰিলে৷ অন্যহাতে ৰাস মানেই গীত-নৃত্যৰ বাহাৰ বা সমাহাৰ৷ শংকৰী সংগীতৰ পৰম্পৰাৰেই ৰাসৰ গীত-মাত পৰিৱেশন হ’ব লাগে যদিও শ্ৰোতা-জনতাৰ পছন্দ সলনি হোৱালৈ চাই আজিকালি গীতৰ কথা, সুৰ-সঞ্চাৰ, বাদ্য যন্ত্ৰৰ প্ৰয়োগ আদি বহু পৰিমাণে সলনি হৈছে৷ আচলতে ই ঐতিহ্য-পৰম্পৰাৰ পৰিপন্থী৷ গুৰুজনাৰ যি বৰ্ণাধ্য সংগীতৰ স্বাদ আৰু মান সেয়া অটুত ৰখাটো কাম্য হোৱাৰ লগতে সেইখিনিৰ প্ৰতি চকু দিয়াটো আমাৰ পৰম কৰ্ত্তব্যও৷

দক্ষিণপাট সত্ৰৰ ঐতিহ্য বহন কৰা ৰাসত গোপী সকলে গোৱা নাম কেইফাকিমান তলত উল্লেখ কৰা হ’ল -

কি নো চিকুন কদম জুপি

কি নো চিকুন পাত,

চিকুন কানাই বংশী বজায়

ৰাধাই লগাই মাত৷

 

আনি দিলে নৌকা খনি

আনি দিলে ব’ঠা

মনত ৰঙে গোপীসৱ

নৌকা খনিত উঠা৷

 

গোপী উঠিল নৌকা খনিত

নিজে উঠিল নাওঁ,

মনত ৰঙে গোপী সৱে

বৈকুণ্ঠলৈ যাওঁ৷

 

বৃন্দাবনৰ তৰু লতা হাতে ঢুকি পায়

কদমতে উঠি কানাই মুৰুলী বজায়৷

কদমতে উঠে কানাই কদম হালে জালে

কদমৰ চনকা ডাল জানো ভাগি পৰে৷

 

গোসাঁই গৈছে ফুল ছিঙিবলৈ

ৰাধাই দিছে হাক

নিছিঙিবা কদম কলি

নেলাগে আমাক৷

 

ৰাধা আহি ৰৈ আছে

কৃষ্ণই ঘূৰি চায়

বহুদিলে ৰাধাকৃষ্ণৰ

দেখাদেখি নাই৷

 

ৰাধা তুমি নৰহিবা

আঁহা বেগত কৈ

চিকুণ গোসাঁই বাংশী বজায়

কদম গছত ৰৈ৷

 

আইস আইস ৰাসেশ্বৰী প্ৰাণৰ ৰাধিকা৷

বৃন্দাবনে ৰাসক্ৰীয়া হৈব মহানিশা৷

 

শৰতে কালৰে চন্দ্ৰ অতি বিতোপন

ৰাসক্ৰীড়া কৰিবাৰ কৃষ্ণৰ হৈল মন৷