খাদিমউদ্দিন আহমেদ
সম্বন্ধ এটা গঢ়া বৰ জটিল !
ই থুনুকা কাচৰ দৰে
পৰিলে ভাঙে ,
যোৰা লগোৱা বৰ কঠিন
সম্বন্ধ বোৰ মুকুটা মণিৰ দৰে
এটা ছিঙিলে সকলো সৰি পৰে
সন্বন্ধবোৰ এক অবুজ সাঁথৰ,
কেতিয়া কোনদিশে গতি কৰে ধৰিবই নোৱাৰি ।
সম্বন্ধবোৰ শাওনৰ কেঁচা আলিৰ দৰে ,
ভৰি থলেই চপৰা-চপৰকৈ খহে ,
পুণৰাই দিবলৈ মাটিয়েই নাথাকে ।
সম্বন্ধবোৰ কহুৱা তুলাৰ দৰে ,
বতাহত ভাহি ফুৰে
ধৰিম বুলিলেও ধৰা নিদিয়ে,
সম্বন্ধবোৰ কোনোজনৰ বাবে আশীৰ্বাদ ।
আকৌ কোনোজনৰ বাবে অভিশাপ ।
ই মায়া লগা মৰিছিকাৰ দৰে ।
খেদি খেদি তৃষ্ণাতুৰ ভাগৰি পৰে ,
সম্বন্ধবোৰ পাখি লগা ঘোঁৰাৰ দৰে ,
আকাশে-বতাহে উৰে ।
নিমিষতে আঁতৰি যায় দূৰ দিগন্তলে ,
কেতিয়াবা সম্বন্ধবোৰ আকৌ
কঠিন শিলৰ দৰে হয় ।
হাজাৰ হাতুৰী মাৰিলেও ভাঙিব নোৱাৰে।
সম্বন্ধবোৰ শাওণীয়া পথাৰৰ
এচবকা শুকুলা ডাৱৰৰ দৰে ,
অজানিতে আহি ছাঁ দিয়ে,
ৰোৱণীৰ হিয়া শীতল কৰে ।
অৱশ্যে ,
এনে সম্বন্ধ বিৰল ,
কঠিন শিলৰ মাজেৰেও অমৃত বাগৰে ।
এনে সম্বন্ধই সমন্বয় গঢ়ে ,
সহস্ৰ জনক এক কৰে,
মিলনৰ সেতু বান্ধে চিৰকালৰ বাবে ।
সেয়ে সম্বন্ধবোৰ মায়াবিনী ,
কিন্তু ,
ই জীয়াই থাকে ,
প্ৰত্যেক মনুহৰ হৃদয়ৰ নিভৃত কোণত ।
সেই বাবেই সম্বন্ধবোৰ সম্বন্ধ হৈ থাকক দিয়া, কেনা লাগিব নিদিবা ,
যি যেনেদৰে ব্যৱহাৰ কৰিব কৰে ,
তেনেদৰেই তাক ব্যৱহাৰ কৰিব দিয়া । সম্বন্ধবোৰ সম্বন্ধ হৈ থাকিব দিয়া ।