সবিতা বৰুৱা ফুকন
ভাৰতীয় সংস্কৃতিৰ বৃহৎ ক্ষেত্ৰখনৰ এক অনবদ্য সৃষ্টি হৈছে ৰাস সংস্কৃতি । হিন্দু দৰ্শন অনুসৰি চৰাচৰ সৃষ্টিৰ অধীশ্বৰ ভগৱান বিষ্ণুৱে সৃষ্টিৰ কল্যাণাথে যুগে যুগে অৱতাৰ লৈছে ।বেদ-উপনিষদ, মহাকাব্য আৰু পুৰাণ সমূহত ভগৱান বিষ্ণুৰ দশ অৱতাৰৰ বৰ্ণনা পোৱা যায় । যথাক্ৰমে :--
"যদা যদাহি ধৰ্মস্য গ্লানি ভৱতি ভাৰত
অভ্যুত্থানম ধৰ্মস্য তদাত্মানং সৃজাম্যহম ।
পৰিত্ৰাণয় সাধূনাং বিনাশয়চ দুস্কৃতাম্
ধৰ্ম সংস্হাপনাথায় সম্ভৱমি যুগে যুগে ।"
(গীতা )
ৰাসতত্ব হৈছে জীৱাত্মা আৰু পৰমাত্মাৰ মিলন । ভগৱান শ্ৰীকৃষ্ণই মৰ্ত্যত কৰা কৰ্মৰাজিক ৰাসোৎসৱৰ জৰিয়তে প্ৰতিফলিত কৰা হয় । শ্ৰীকৃষ্ণৰ তাত্ত্বিক ৰসেৰে সমৃদ্ধ কথাবস্তুক ৰাসলীলাৰ মাধ্যমেৰে আত্মাৰ পৰা পৰমাত্মালৈ
দৈনন্দিন জীৱনৰ সুখৰ অনুভূতিক আধ্যাত্মিকতালৈ আৰু তাৰ কাম প্ৰবৃত্তি সমূহক কলাত্মক ৰূপ প্ৰদান কৰি ৰাসলীলাত অংকন কৰা হৈছে ।
আচলতে ত্ৰিলোকত যেতিয়াই অত্যাচাৰ, অন্যায় আৰু অনীতি হয় তেতিয়াই ধৰ্ম সংস্হাপনৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰৰ উদ্দেশ্য ই আছিল । অপশক্তি বিনাশি ধৰ্ম প্ৰতিষ্ঠা কৰাৰ সমান্তৰাল কৈ মানুহৰ মনত প্ৰেমৰ উপলদ্ধি ও শিকাইছিল । প্ৰেম ৰসৰ মাজেদি ঈশ্বৰত্ব লাভৰ যি দৰ্শন দেখুৱাইছিল সেয়াই তেওঁৰ লীলা --যাক ৰাস ক্ৰীড়া
ৰূপে চিহ্নিত কৰা হৈছে ।
শাৰদীয় উৎসৱ বুলিলে সাধাৰণতে দূৰ্গাপূজাৰ কথাকে বুজা যায় যদিও শাৰদীয় উৎসৱ বুলিলে ৰাসোৎসৱৰ কথাও মনলৈ আহে । "ৰাস " শব্দৰ অৰ্থ হৈছে 'ৰস ' । এই ৰসৰ পৰাই ৰাস উৎপত্তি হৈছে । কাতি মাহৰ পূৰ্ণিমা তিথিত ৰাসোৎসৱ পালন কৰা হয় । শৰতৰ স্নিগ্ধ মিঠা জোনৰ পোহৰত অতি বিতুপন,যমুনাৰ বালিৰ বালিচন্দ্ৰাই তিৰবিৰাই উজলি উঠে । প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যত মন প্ৰাণ কিবা এক অজান আনন্দত উৎফুল্লিত হৈ পৰে ।
ৰাসোৎসৱ মূলতঃ ধৰ্মীয় উৎসৱ হ'লেও ৰাইজৰ মনলৈ এই ৰাসোৎসৱে ধৰ্ম বিশ্বাসৰ লগতে এক অনাবিল আনন্দ কঢ়িয়াই অনাৰ উপৰিও জাতি, ধৰ্ম, সম্প্ৰদায়, নিৰ্বিশেষে সকলোকে ঐক্য -সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি একত্ৰিত কৰি ৰখাৰ ক্ষেত্ৰত এক শক্তিশালী মাধ্যম ৰূপে প্ৰভাৱ পেলোৱা দেখা যায় । শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ভাগৱতৰ ৰাস পঞ্চাধ্যায়ৰ ওপৰত কেলিগোপাল আৰু ৰাম ঝুমুৰা নাটক ৰচনা কৰিছিল যদিও ই প্ৰকৃতাৰ্থত ভাওনাহে আছিল।
ৰাসোৎসৱ এনে এটা উৎসৱ য'ত পূৰ্ণকাম, ভক্তবৎসল, আত্মৰাম শ্ৰীকৃষ্ণৰ জীৱন লীলাক উপজীৱ্য কৰি তোলা হয় ।ৰাস পূজা আৰু অভিনয় বা ভাওনা এই দুয়োটা ই ৰাসোৎসৱৰ লগত জড়িত হৈ আছে ।
অসমীয়া সংস্কৃতিত ৰাসৰ প্ৰয়োভৰ মন কৰিবলগীয়া । অৱশ্যে ৰাসৰ অভিনয় অসমত কেতিয়াৰ পৰা আৰাম্ভ হ'ল সঠিক ভাৱে কোৱা টান । তথাপিও বুৰঞ্জীৰ সমলৰ পৰা আমি জানিব পাৰো ১৭৬২ শকৰ পৰা মাজুলী দক্ষিণপাট সত্ৰত প্ৰথম ৰাস মহোৎসৱ আৰম্ভ হয় । বৰ্তমান অসমত প্ৰচলিত ৰাসলীলাৰ জন্মদাতা মূলতঃ মাজুলী দক্ষিণপাট সত্ৰ । ৰাসৰ অভিনয়,কলা -কৌশল,ভাষা প্ৰস্তুতি আৰু পৰিবেশৰ কাৰুকাৰ্য্য ভাওনা সংস্কৃতিৰ সৈতে হুবহু মিল থকা দেখা যায়। মহাপুৰুষ শংকৰদেৱে কীৰ্তনৰ ৰাসক্ৰীড়া খণ্ড আৰু কেলিগোপাল নাটত ৰাসলীলাৰ বিস্তৃত বিবৰণ দাঙি ধৰিছে ।
বৰ্তমান বিশ্বায়নৰ প্ৰভাৱে সমগ্ৰ পৃথিৱীকে প্ৰভাৱান্বিত কৰিছে । বিভিন্ন বিষয় বস্তুৰ লগতে সংস্কৃতি ক্ষেত্ৰখনতো আংশিক ভাবে হ'লেও প্ৰভাৱ বিস্তাৰ হোৱা দেখা গৈছে । সংস্কৃতিৰ অংশ স্বৰূপে ৰাস সংস্কৃতি ও বিশ্বায়নৰ প্ৰভাৱৰ পৰা বাদ পৰা নাই । তথাপিও ৰাসৰ প্ৰাসংগিকতা বৰ্তমান সমাজত বিদ্যমান । বৰ্তমান সমাজত ৰাসৰ প্ৰয়োজনীয়তা আছে যদিও যান্ত্ৰিকতাৰ প্ৰয়োভৰ আৰু আধুনিক জনজীৱনৰ গ্ৰাসত পৰি নতুন প্ৰজন্মৰ দৃষ্টিত ই ক্ৰমশঃ এলাগী হৈ অহা পৰিলক্ষিত হৈছে ।
এতিয়া ৰাসৰ অভিনয়ে মানুহক আকৃষ্ট কৰিব নোৱাৰে । গাঁও সমূহতো ৰাসৰ প্ৰতি উৎসাহ উদ্দীপনা নাইকিয়া হৈছে । ৰাধা -কৃষ্ণ নাচিবলৈ ও বৰ্তমান অভিনেতা -অভিনেত্ৰী ভাড়া কৰিব লগা হয়। গায়ন -বায়নৰ ঠাইত অত্যাধুনিক বাদ্য যন্ত্ৰৰ সমাবেশ ঘটিছে । সূত্ৰধাৰৰ নৃত্যৰ অন্তৰ্নিহিত তত্ত্ব বৰ্তমান সমাজত বিশ্লেষণ পোৱা টান । ৰাসৰ গভীৰ তত্ত্ব আজিৰ প্ৰেক্ষাপটত কিমান গুৰুত্বপূৰ্ণ তাক বিশ্লেষণ কৰা মানুহৰ অভাৱ । বৰ্তমান আধ্যাত্মিক শিক্ষাৰ অভাৱ হোৱাৰ বাবে এই পৰিণতি হৈছে ।
গতিকে, ৰাস তত্ত্বৰ অন্তৰ্নিহিত গভীৰ তত্ত্বক আজিৰ প্ৰজন্ম ই গভীৰ ভাবে উপলব্ধি কৰিব পাৰিলেহে ৰাস সংস্কৃতি জীয়াই থকাৰ অৱকাশ পোৱা যাব আৰু তেতিয়াহে ৰাস সংস্কৃতি সুৰক্ষিত হ'ব । এই ৰাস সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে আমি সকলো দায়বদ্ধ হ'ব লাগিব ।
সিংহদ্বাৰ, শিৱসাগৰ