Type Here to Get Search Results !

অভিন্ন


 অংশুমান ভূঞা

চিকিৎসালয়ৰ বিছনাত মৃত্যুৰ ক্ষণ গণি থকা মানুহজনীৰ শৰীৰটোৱে আজি চেলাইনৰ পানীখিনিও গ্ৰহণ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰিছে। মানুহজনৰ ভালকৈয়ে মনত আছে মানুহজনীয়ে আজিৰ দিনটোতেই প্ৰতি বছৰে তেওঁৰ মংগল কামনাৰে যে দিনটো এটুপি পানীও মুখত নিদিয়াকৈ ব্ৰত ৰাখিছিল।
      চিকিৎসক-নাৰ্ছে হাজাৰ বুজায়ো মানুহজনক মানুহজনীৰ ওচৰৰপৰা আঁ‌তৰাই নিব পৰা নাছিল।ৰাতিপুৱালৈ দুয়োৰে নিথৰ দেহ দুটা পাৰস্পৰিক স্পৰ্শৰে চিৰশান্তিৰে শুই থকা অৱস্থাত পোৱা গৈছিল।


চামতা,নলবাৰী
৬০০২৯৯৪৯৮০