মালবিকা শৰ্মা, ভুবনেশ্বৰ
আজিকালি
বুকুখন মোৰ
প্ৰায়েই বিষায়,
অন্তৰখন
ওজন কৰে
কিছু চিন্তাই,
পৃথিৱীত আছো মই
অস্তিত্ব হেৰায়,
সিদ্ধান্ত ল’বলৈকো যে
একো অধিকাৰ নাই।
পৰাধীনতাৰ শিকলি
বান্ধি জন্ম হ’লো,
আনৰ সিদ্ধান্তকে
নিজৰ বুলি মানিলো,
পৰ-নিৰ্ভৰশীল হৈ
দায়িত্বৰ বোজ এৰালো,
স্বাধীন মনৰ সুখ যে কি
বুজিকেই নাপালো।
জীয়াই থাকিলো যদিও
নাপালো জীয়াই,
সিদ্ধান্ত লোৱাৰ সুখ
এদিনো পোৱা নাই,
এইবোৰ চিন্তা কৰিয়ে
মোৰ দিনবোৰ যায়,
মোৰ বুকুখন
আজিকালি প্ৰায়েই বিষায়।
এতিয়া পিছলৈ চালে
প্ৰতিবিম্বকো নেদেখো,
অস্তিত্বহীন হৈ মই
মহাশূন্যতে ভাহি থাকো।