দীপজ্যোতি বৰগোহাঁঞি
৬০০ বছৰ গৌৰৱে শাসন কৰা আহোম ৰাজত্ব কালত ৰজা প্ৰজা সকলোৰে যাতায়তৰ আহিলা আছিল প্ৰধানত হাতী ,ঘোঁৰা,গৰু গাড়ী ,ম’হৰ গাড়ী মানুহে ভাৰ বৈ নিয়া দোলা আৰু নৈসমূহত বিভিন্ন প্ৰকাৰৰ নাও আৰু কল বা বাঁহ কাঠৰ ভুঁৰেই অন্যতম ৷ হাতী বা ঘোঁৰা বাহন ৰূপে ব্যৱহাৰ কৰিলে বিশেষ পথৰ ব্যৱস্থাৰ জৰুৰী নহলেও গৰু ম’হৰ গাড়ীৰে কৰা যাতায়ত অথবা সাধাৰণ প্ৰজাৰ সহজ যাতায়তৰ ক্ষেত্ৰত আলিবাটৰ প্ৰয়োজন নাছিল । কোনো ৰাজ্যৰ লগত যুদ্ধ বিগ্ৰহ লাগিলে স্থলপথ আৰু জলপথ দুয়োপ্ৰকাৰৰ যাতায়তৰ আৱশ্যক হৈছিল ৷হস্তীবাহিনী আৰু স্থলবাহিনী সৈন্যৰ বাবে বেছি আৱশ্যক নহলেও বৰটোপ কামান আদি গধুৰ যুদ্ধাস্ত্ৰবোৰ অৰ পৰা তলৈ নিয়াৰ কাৰণে হাতীৰ উপৰিও স্থলপথত গৰু অথবা ম’হৰ গাড়ী ব্যৱহাৰ কৰিছিল ৷স্বৰ্গদেউ আৰু প্ৰধান ডা -ডাঙৰীয়া সকল সততে হাতী বা দোলাত উঠি গৈছিল ৷স্থলবাহিনী আৰু নৌ বাহিনীত বিশেষকৈ নৌ বাহিনীৰ নাওবৈছা ফুকনৰ নেতৃত্বত মজলীয়া আকৃতিৰ পৰা ডাঙৰ নাও বিলাক দিখৌ ,দিছাং ,জাঁজী ব্ৰহ্মপুত্ৰ নদীত বিভিন্ন প্ৰকাৰৰ নাও ব্যৱহাৰ কৰা হৈছিল ৷স্বৰ্গদেউ আৰু ডা -ডাঙৰীয়াসকলে প্ৰমোদ -ভ্ৰমণত সাধাৰণতে হাতী আৰু নাও ব্যৱহাৰ কৰিছিল ৷আনহাতে ৰাণী ৰাজমাও আৰু ডা-ডাঙৰীয়াসকলে ভ্ৰমণ কালত বিশেষভাৱে মানুহে ভাৰ বৈ নিয়া দোলা ব্যৱহাৰ কৰিছিল ৷দূৰ ঠাইলৈ পত্ৰ লৈ যোৱা ৰজাঘৰীয়া ডাকোৱাল সকলে প্ৰধানত ঘোঁৰা বাহন ৰূপে লৈছিল ৷ ভ্ৰমণ আৰু বিয়াবাৰুৰ সময়ত সাধাৰণতে হাতী, দোলা আৰু চৈ দিয়া গৰু গাড়ীৰ ব্যৱহাৰ আছিল ৷এই ব্যৱস্থা বৰ্তমানলৈকে কোনো কোনো ঠাইত প্ৰচলিত হৈ আহিছে আৰু পুৰণি স্মৃতিৰ বাহক ৰূপেও জনসাধাৰণৰ মাজত খ্যাতি লাভ কৰিছে ।দোলা বা পাল্কি ভ্ৰমণ কৰাৰ সমন্ধে বুৰঞ্জীত উল্লেখ পোৱা যায় -১৬৬৩ চনৰ ৩০জানুৱাৰীৰ দিনা মীৰজুমলাই দিল্লী অভিমুখে যাত্ৰা কৰিলে ৷সেইদিনা মোগল সৈন্যবোৰৰ মাজত খুৱ ফুৰ্তি ৷মীৰজুমলাৰ স্বাস্থ্য বেয়া হ’ল ৷পাণ্ডু পাল্কিত উঠি গৈছিল ।১১ দিন লাগিল ৷ৰজা ৰাণী বা ডা- ডাঙৰীয়া সকলক দুজন অথবা চাৰিজন দোলাভাৰীয়ে ভাৰ বৈ নিয়া দোলা কেইবাবিধৰ আছিল ৷এই বিলাকৰ ভিতৰত কেঁকোৰা দোলা ,পৰ্হি দোলা ,আঁঠু ভঙ্গা দোলা ,বা চৰীয়া দোলা অন্যতম ৷দোলাত যথেষ্ট টান কাঠৰ দুডাল কাঠৰ মাৰি ছৈৰ দুয়োফালে বিন্ধাত খুৱাই দিয়া হয় ৷কোনো কোনো দোলাৰ ছৈখন দুয়োমূৰে ফেঁটতোলা আৰু ওপৰলৈ ওখ হৈ ঘোঁৰখোৱা ৷ছৈৰ ওপৰত ৰঙা বা বগা কাপোৰত গুণাৰে বনকৰি গিলিপ থাকে ৷কেঁকোৰা দোলা পৰ্হি দোলাৰ নিচিনাই ৷মাত্ৰ কেঁকোৰা দোলাৰ ওপৰৰ মাৰিডাল ঘোৰখোৱা মাৰিডালৰ গলধনত বিন্ধা থাকে ৷ঢেকৰৰ ওপৰলৈ যোৱা লোহা, পিতল বা কাঁহৰ খুঁটাত দুয়ো মূৰে দুটা জোঙা খুঁটি থাকে ৷দুয়ো মূৰৰ খুটি ছৈৰ বিন্ধাত খুৱাই দিয়ে ৷তেতিয়া দোলাত যাঁওতে ৰ’দ বৰষুণে নাপায় ৷ছৈৰ ওপৰত ৰঙা বা বগা কাপোৰৰ গিলিপ ৷তাত সোণৰ চতীয়া গুণাৰে বনকৰা ৷ ৰঙা, হালধীয়া ,কলপতীয়া পাটৰ সুতাৰে কলডিলৰ নিচিনা জলম বাটি দিয়ে ৷ৰাজধানী পৰা দূৰ--দুৰণিৰ ঠাইলৈ স্থল পথতকৈ নদীপথৰ যাতায়ত আছিল অধিক সুবিধাজনক ৷জলপথৰ ভিতৰত বিশেষকৈ ব্ৰহ্মপুত্ৰ ,দিচাং ,দিখৌ ,দিহিং ,দৰিকা ,নামডাং ,জাঁজী, ভোগদৈ আদি নৈ সমূহত নাওৰ অবাধ গতিত আহ যাহ আছিল ৷নৈৰে যাতায়তৰ বাহন নাও ৷নাও সজা আৰু আৰু নাওচলোৱাৰ বাবে নাওবৈছা নামৰ এটা খেল আছিল ৷ইয়াৰ দায়িত্বত থকা বিষয়া জন নাওবৈছা ফুকন ৷টান কাঠৰ তক্তা বা পুৰঠ ডাঙৰ গছ ৰ মাজ ডোখৰ খুলনি দি যাতায়তৰ সুবিধাৰে সৰুবৰ নানা বিধৰ নাও নিৰ্মাণ কৰা হৈছিল ৷এই নাওবোৰৰ ভিতৰত বৰ নাও , মাৰ নাও ,চ’ৰা নাও ,পান চৈনাও ,হিলৈ চৰা নাও ,হোলোং নাও ,ময়ুৰ নাও ,মোনগিৰি নাও ,বাচৰু নাও ,লাইনাও ,চুলুপ নাও ,হয়কলি নাও ,বজৰা নাও ,কোচা নাও ,চেলেঙী নাও ,গোটীয়া নাও ,ডিঙা অন্যতম ৷ছ্যুকাফা ই ১২২৮ খৃষ্টাব্দত সৌমাৰ খণ্ডত ভৰি দিয়াৰে পৰাই তেওঁলোকে অসমত নাওৰ ব্যৱহাৰ কৰিছিল ৷সেই সময়ত গোটীয়া নাও কাঠ ফালি তাৰ তক্তা আৰু বাতামেৰে বৰ নাও,মাৰ নাও,পানচৈ নাও সাজিছিল ৷যুদ্ধত খাদ্য সামগ্ৰী কঢ়িওৱা ,গধুৰ বস্তু কঢ়িওৱা ,ঘোঁৰা কঢ়িওৱা ,বৰটোপ কামান হিলৈ সাজু কৰি নৌ সেনা সষ্টম কৰি ৰখা আদি কামৰ বাবে বৰ নাও সততে সষ্টম কৰি ৰখা হৈছিল ৷সাধাৰণ ব্যৱহাৰৰ বাবে নাও নিৰ্মাণ কৰা যুদ্ধত সকলো সময়তে সাজু থকাৰ বাবে প্ৰতিখন ৰাজধানীৰ কাষত ৰজাঘৰীয়া নাওশাল আছিল ৷ উদাহৰণস্বৰূপে গড়গাঁও ৰাজ্যৰ ৰাজধানী থকাৰ সময়ত ইয়াৰ বৰদুৱাৰ মুখৰ দক্ষিণে আছিল বৰনাও শাল পশ্চিমে চুণপুৰাৰ দুৱাৰৰ সন্মুখত আছিল শাকবাৰী নাওশাল ৷এই নাওশাল সমূহত নৌ যুদ্ধৰ ঘাটি স্বৰূপ আছিল ৷এই নাও সমূহ ইয়াত সকলো সময়তে প্ৰায় ৮/১০ হাজাৰ বিভিন্ন নাও যুদ্ধৰ বাবে সাজু হৈ আছিল (কৃতজ্ঞতা স্বীকাৰ প্ৰয়াত বুৰঞ্জীবিদ দিলীপ বুঢ়া গোহাঁই দেৱলৈ জেৰেঙা ৰূপহী স্মৃতি গ্ৰন্থ অসম সাহিত্য সভাৰ শতবৰ্ষীয় শিৱসাগৰ অধিবেশন )
ReplyForward |