Type Here to Get Search Results !

সম্পাদকীয়

 সামাজিক কাম আৰু ব্যৱহাৰিক ক্ষেত্ৰৰ পৰা শিকা ভাল লগা কথাবোৰ


মোৰ সতে সম্পৰ্ক থকা সকলে জ্ঞাত যে মই বৃত্তিত এজন শিক্ষক। এই শিক্ষকতাৰ  আৰু ঘৰুৱা কামৰ ফাঁকে ফাঁকে সময় উলিয়াই যি কোনো সৰু-বৰ সামাজিক কামৰ নিমন্ত্ৰণক যথাসাধ্য ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ।
  এনেদৰে বিগত সময়ৰ পৰা আজি তাৰিখলৈকে যিখিনি পাৰিছো কৰি গৈছোঁ। এনে সময় বোৰে মোৰ অভিজ্ঞতাক আৰু কৰ্মক পূৰঠ কৰিবলৈ বহু শিক্ষা দিছে, তাৰে কিছু আভাস দাঙি ধৰিছো-
১) কোনো অনুষ্ঠানত এটা বিষয়ত বিচাৰক হিচাবে মাতিছে, তাতে অন্য বিচাৰকৰ অভাৱ হোৱাত সকলো প্ৰতিযোগিতাতে মোক দিয়ে লগাই, অভিজ্ঞতা নাথাকিলেও উদ্যোক্তাৰ অনুৰোধত কাম ফেৰা কৰি যাও।
২) কোনো অনুষ্ঠানলৈ মাতে বিশেষ দায়িত্ব সম্পাদন কৰিবলৈ, তাত গৈ সময়ত দেখা যায় উদ্যোক্ত সকলৰ  উপস্থিত হোৱা নাই, দেখিব সময় আগবাঢ়ি গৈ আছে তেনে সময়ত অনুৰোধ ক্ৰমে গেটৰ, বেনাৰ আৰু ব্যৱস্থাপনা কামত লাগি পৰিব লগা হয়।
৩) কিছু অনুষ্ঠানত এনে হয় যে গোহাৰিত এই ভকতৰ নামেই নাই, তথাপি অনুষ্ঠানটোত বিশেষ কিছু কাম কৰিবলৈ দায়িত্ব দিয়ে, তেনে সময়ত কৰি যাও নিজৰ দায়িত্ব সম্পাদন। নামহে নাই তথাপি কিন্তু অনুষ্ঠানৰ শেষত নিজৰ মাজতে কিবা প্ৰশান্তি অনুভৱ কৰো।
৪) কেতিয়াবা আকৌ বিশিষ্ট হিচাবে মাতে, বহু জনৰ সম্বৰ্ধনা মাজত আঁৰতে এই অভাজন ৰৈ যায়, পুনৰ উদ্যোক্তা সকলৰ মনত পৰিলত কৰ্মফেৰা কৰি দিয়ে।
(এয়া কোনো অনুষ্ঠানক হেয়জ্ঞান কৰি লেখিবলৈ যোৱা নাই, তেওলোকৰ প্ৰতি অনুষ্ঠানৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে)
 এই ব্যৱহাৰিক কথাবোৰে মোক বৰকৈ আনন্দ আৰু শিক্ষা দিয়ে। কাৰণ নিজেও কেতিয়াবা কিবা অনুষ্ঠান আয়োজন কৰো, তেনে সময়ত বাস্তৱ ক্ষেত্ৰত হোৱা ভুল আৰু অভাৱ বোৰ ৰিজায় চাও তেতিয়া হাঁহি উঠে লগতে নিজৰ দূৰ্বলতা বোৰ বিচাৰি পোৱাৰ সুযোগ পাওঁ।
  সকলো অন্তত এটা কথা মনত ভাৰাকান্ত কৰে যে- সেয়া আমাৰ সামাজিক দায়িত্ব, এই ভাল লগা বেয়া লগাৰ মাজতো কিন্ত আপুনি,মই আৰু আমি কৰি যাব লাগিব। এয়া সামাজিক প্ৰাণী হিচাবে আমাৰ 'দায়বদ্ধতা'।

অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
4-10-2022