মনস্বিনী শৰ্মা
পূজনীয়া আই,
সৰ্বপ্ৰথমে মোৰ সেৱা গ্ৰহন কৰিবি।ব্যস্ততাৰ অজুহাতত তোলৈ চিঠি নিলিখা আজি বহুদিনেই হ'ল।ভালে আছ নিশ্চয়।নেদেখাজনৰ কৃপাত মোৰও দিনবোৰ ভালদৰেই গৈছে।
এতিয়া ৰাতি দুভাগ হ'বৰ হ'ল।বাৰীৰ কঠালজোপাত ফেঁচাজনীয়ে বৰকৈ উৰুলি দিছে।ফেঁচাৰ উৰুলি শুনিলে মোৰ মাজনীলৈ চিন্তা হয়।তাইৰ গাভৰু হোৱাৰ বয়স হৈছে যে।দুইবছৰ বয়সৰ পৰা দেউতাকৰ অভাৱ নোহোৱাকৈ ডাঙৰ-দীঘল কৰা ছোৱালীজনীৰ গাভৰু হোৱাৰ বয়সেই পালেহি।আই,তোৰ স্বাস্হ্য বৰ্তমান কেনেকুৱা?প্ৰেচাৰ-চুগাৰ স্বাভাৱিক জোখত আছেনে? ককাইদেউ-নবৌৱে তোৰ যতন ছাগৈ ঠিকমতে লয়।যাঁও বুলিলেই তোৰ ওচৰলৈ ঢপলিয়াই যাব নোৱাৰো।তোৰ বুকুত মূৰ গুজি এৰাতি শুব নোৱাৰো।তোৰ শৰীৰৰ গোন্ধ পাবলৈ মোৰ মনে ভিতৰি কান্দি উঠিছে।ইয়াৰ কাৰণ তই-মই ভালদৰে বুজি পাঁও। প্ৰেমৰ মাদকতাত নিজক বিলীন কৰি তঁহতৰ কথা অমান্য কৰি পলাশলৈ পলাই অহাৰ দিন ধৰি দাদা-নবৌৱে মোক সেইখন ঘৰত ভৰি দিবলৈ দিয়া নাই। কিমানো আৰু লুকাই-চুৰকৈ তোক সাক্ষাৎ কৰিম।
সেইদিনা আপাদেউৱে মোক কৈছিল তই মোক মঙ্গলবৰীয়া বজাৰত লগ কৰাৰ কথা গম পাই ককাইদেউ আৰু নবৌবোৱে বোলে তোক কৰ্কথনা কৰিলে।মই মৰিলো বুলি চৰু পেলোৱা ককাইদেউৱে কোন সতেনো মোক আপোন কৰিব।ককাইদেউৱে মোৰ বাবে তোক তিৰস্কাৰ কৰিলে মই বৰ দুখ পাওঁ।তোক ক'বলৈ বহু কথাই থাকে।কিন্তু সময় আৰু ভাগ্যই সেই সুবিধা নিদিয়া হৈছে। সেয়ে তোলৈ চিঠিৰ জৰিয়তে মনৰ কথা ক'বলৈ লৈছো।
পলাশে অকলশৰীয়া কৰি থৈ যোৱাৰ পৰা মই জীৱনত বৰ সাহসেৰে আগবাঢ়িছো।প্ৰাইভেট স্কুলৰ শিক্ষয়িত্ৰী কৰি মাহেকৰ মূৰত পোৱা দৰমহাকেইটাৰে মাজনীৰ সকলো অভাৱ-অনাটন পূৰ কৰিবলৈ চেষ্টা কৰিছো।মাজনীয়ে পঢ়া-শুনাৰ লগতে সংগীত চৰ্চাও কৰি আছে।সকলো প্ৰত্যাহ্বান নেওচি জীৱনৰ কাঁইটিয়া পথক সেন্দুৰীয়া কৰিবলৈ মই তোৰ পৰা সাহস পাইছো।দেউতা ঢুকুৱাৰ পাছত তাঁতশালখন আৰু গোহালিৰ গাইজনীক সাৰথি কৰি তই ককাইদেউ আৰু মোক শিক্ষা-দীক্ষাৰে ডাঙৰ-দীঘল কৰিলি।তোৰ বগা সাজযোৰে সামাজিক-অৰ্থনৈতিক দিশৰ পৰা তোৰ জীৱনপথত অনেক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল।সেইসমূহৰ ছাঁ তই আমাৰ গাত পৰিবলৈ দিয়া নাছিলি।অকলেই অতিক্ৰম কৰিছিলি সকলোবোৰ।পুহমহীয়া শীতৰ গধূলি জুহালৰ জুইকোৰা ৰঙাকৈ জ্বলায় ভাতমুঠি সিজোৱাৰ লগতে তই আমাৰ দুটাক জীৱনৰ পাঠ পঢ়াইছিলি।মানুহ হোৱাৰ যুঁজখনত জয়ী হ'বলৈ শিকাইছিলি।দিন-ৰাতি একাকাৰ কৰি ঘূৰি ফুৰা তই এগৰাকী লৌহ মানৱী।
মোৰ এতিয়াও সেইবোৰ দিন মনত আছে যিবোৰ দিনত তই কৰা ত্যাগৰ তুলনা নাছিল।ককাইদেউক বিশ্ববিদ্যালয়ত পঢ়াবলৈ দেউতাই তোক দি থৈ যোৱা কেৰুযোৰ বিক্ৰী কৰিছিলি।সমনীয়াৰ সৈতে খেল- ধেমালিত মতলীয়া হৈ চাইকেলৰ পৰা দ' খাল এটাত পৰি মোৰ ভৰি এটাৰ হাঁড় ফাটোতে তই তোৰ সোণৰ আঙুঠি দুটা বন্ধকত থৈছিলি।বৰদেউতাহঁতৰ মাটিত ধান দাই থকা স্বত্বেও তই বিচনাত ভৰিত প্লাষ্টাৰ বান্ধি চিত্ খাই পৰি থকা মোক শৌচ-প্ৰস্ৰাৱ কৰোৱা, গা ধুউৱা,খোৱা-বোৱা কৰোৱা আদি বৰ নিয়াৰিকৈ কৰিছিলি।এইসমূহৰ লগতে আমাৰ মান-অভিমান, আব্দাৰবোৰে তোক ছাগৈ বৰ আমনি দিছিল।সেই সময়ত তোৰ কষ্ট, ত্যাগবোৰ অনুভৱ কৰিব পৰা নাছিলো।এতিয়া মইও মাক হ'লো যে সেয়ে তই আমাৰ বাবে কৰা জীৱন যুঁজখনৰ সকলোবোৰ কথা এটা এটাকৈ মোৰ মনত পৰে।তই আজিলৈকে আমাৰ বাবে যি অৱদান দিলি তাৰ ধাৰ মই এই জনমত শুজিব নোৱাৰিম।
অহ্!তোক সত্য কথাষাৰ কোৱাই নাই নহয়।আজি কেইদিনমানৰ পৰা যে মোৰ মূৰটো ঘূৰাই থকাৰ বাবে তই যে ডাক্তৰক দেখুৱাবলৈ কৈছিলি।আচলতে মোৰ মূৰ ঘূৰণিৰ লগতে যক্ষ্মা বেমাৰে লগ দিছে।তই চিন্তা কৰিবি বুলি তোক এই কথাষাৰ নোকোৱাকৈ থকা আজি বহুদিন হ'ল।সেইদিনা ৰাতি কাঁহি কাঁহি মোৰ মূখেৰে তেজ বাহিৰ হোৱাত মাজনীয়ে হুৱা-দুৱা লগালে।তাইৰ চিঞৰ-বাখৰ শুনি আমাৰ ভাড়াঘৰৰ মালিকে মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল।ডাক্তৰৰ মতে মোৰ হেনো লাষ্ট ষ্টেজ।এতিয়া মোৰ জীৱনৰ কোনো স্থিৰতা নাই।আই,
মই তোক এক গধূৰ দায়িত্ব দিব বিচাৰিছো।মোৰ মৃত্যুৰ পাছত মাজনীৰ সকলো দায়িত্ব তোক সঁপিলো।এই পৃথিৱীত মোৰ তোৰ বাহিৰে বিশ্বাসী আৰু নিঃস্বাৰ্থ মানুহ কোনো নাই। তই মাজনীৰো আই হ'ব লাগিব।মাজনীক মানুহ কৰিব পাৰিবি তই আই।কথাকেইষাৰী লিখোতে মোৰ হাতখন বৰকৈ কঁপিছে।চিঠিৰ আখৰবোৰে কাউৰীঠেঙীয়া ৰূপ লৈছে। মই বুজিছো আই চিঠিৰ শেষাংশখিনি পঢ়িলে তোৰ মূৰত সৰগ ভাগি পৰাৰ দৰে হ'ব।কিন্তু মই জানো আই তই বহুত সাহসী।জীৱনযুঁজত আজিলৈকে হাৰ মানিবলৈ নিশিকা মানুহজনীয়ে এইবাৰো জয়ী হ'ব।
আৰু বিশেষ নিলিখো দে।চকুৰ পানীৰে বাট নেদেখা হৈছো।ভালে থাকিবি।কুশলে থাকিবি আই।অতি সোনকালে তোক সাক্ষাৎ কৰিম।আজিলৈ চিঠিখন ইমানতে সামৰিছো।
ইতি
তোৰ দুৰ্ভগীয়া জীয়ৰী
মনচেং
স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিক। অৰ্থনীতি বিভাগ।ডিব্ৰুগড় বিশ্ববিদ্যালয়।