ৰঞ্জিত চুতীয়া
সৃষ্টিশীল সাহিত্যৰ এটা প্ৰধান ভাগ হ'ল নাটক। সৃষ্টিশীল সাহিত্য লেখক মনৰ স্বঃস্ফূৰ্ত তাগিদাত সৃষ্টি হোৱা বুলি কোৱা হয়। কিন্তু গভীৰভাৱে চালে দেখা যায় যে লেখক মনৰ সেই স্বতঃস্ফূৰ্ত তাগিদাৰ কাৰক হিচাপে থাকে কোনো এক নিদিষ্ট আদৰ্শ। প্ৰকৃতাৰ্থত প্ৰতিবিধ সাহিত্যই উদ্দেশ্যধৰ্মী। কোনোবিধ সাহিত্য সৃষ্টিৰ উদ্দেশ্য যদি ধৰ্মীয় শিক্ষা প্ৰদান কৰা, কোনোবিধৰ হয়তো সমাজ সংস্কাৰ; কোনোবিধৰ উদ্দেশ্য যদি স্বদেশ-স্বজাতি প্ৰেম, আন কোনোবিধৰ উদ্দেশ্য অৰ্থনৈতি-ৰাজনৈতিক সংস্কাৰ অথবা নিৰাপদ ভৱিষ্যতৰ সন্ধান। সাহিত্যৰ এটা প্ৰধান ভাগ স্বৰূপে নাটকৰ ক্ষেত্ৰতো একে কথাই প্ৰতিফলিত হোৱা দেখা যায়।
অসমীয়া নাট্য সাহিত্যৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাটসমূহ মূলতঃ আছিল উদ্দেশ্যধৰ্মী। তেখেতে বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা ভগৱান শ্ৰীকৃষ্ণ বা শ্ৰীৰামচন্দ্ৰৰ লীলা-মাহাত্ম্য নাটৰ মাজেদি প্ৰকাশ কৰি জনসাধাৰণৰ মনত ঈশ্বৰৰ প্ৰতি ভক্তিভাৱ জগাই তোলাই আছিল নাটসমূহৰ প্ৰধান উদ্দেশ্য। নৈতিক শিক্ষাৰে সমাজক শিক্ষিত কৰি তুলি ধৰ্মীয় কু-সংস্কাৰ, অন্ধবিশ্বাস, গোড়ামি আদিৰ বিৰুদ্ধে সজাগ কৰি তোলাও আছিল শংকৰদেৱৰ আন এক মূল উদ্দেশ্য। গতিকে এফালে ধৰ্মীয় শিক্ষা আৰু আনফালে নৈতিক শিক্ষাদানৰ শিক্ষাও অংকীয়া নাটৰ যোগেদি জনসাধাৰণে পাইছিল। মহাপুৰুষ জনাই নাটৰ মাজেদি দিয়া শিক্ষাই অসমীয়া জাতীয় জীৱনক সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিকভাৱে আজিও সমৃদ্ধ কৰি ৰাখিছে।
অসমীয়া আধুনিক নাটকৰ মাজতো নিহিত আছিল সামাজিক শিক্ষাৰ আদৰ্শ। সমাজত প্ৰচলিত কু-সংস্কাৰ, অন্ধবিশ্বাস, গোড়ামি আদি মষিমুৰ কৰি বিশুদ্ধ মানৱতাৰ ভেটিত এখনি প্ৰগতিশীল সমাজ গঠনৰ শিক্ষা দান কৰাই আছিল মূল আদৰ্শ। ঠিক সেইদৰে আধুনিক অসমীয়া নাটকৰ দ্বিতীয় স্তৰত সৃষ্টি হোৱা পৌৰাণিক নাটকসমূহৰো মূল উদ্দেশ্য আছিল পৌৰাণিক ঘটনা বা চৰিত্ৰৰ যোগেদি নৈতিকতাৰ জ্ঞান প্ৰদান কৰি সমাজক মহৎ চৰিত্ৰ গঠনৰ বাবে শিক্ষাদান কৰা। আধ্যাত্মিক শক্তি জাগৰিত কৰি তেতিয়াৰ দুৰ্বল সমাজখনক শক্তিশালী কৰি তুলিবলৈকেই পৌৰাণিক নাটসমূহ ৰচিত হৈছিল। ঐতিহাসিক নাটসমূহৰ জৰিয়তেও নাট্যকাৰসকলে জনসাধাৰণক স্বদেশ প্ৰেম আৰু জাতিয়তাবোধৰ শিক্ষাদান কৰি জনসাধাৰণৰ মনত স্বাধীনতা স্পৃহা জগাই তুলিবলৈ প্ৰয়াস কৰিছিল।
পশ্চিমীয়া সভ্যতা-সংস্কৃতিৰ প্ৰতি মোহান্ধ হৈ ক্ৰমে নিজ ঐতিহ্য আৰু স্বকীয়তাৰ পৰা আঁতৰি যাবলৈ ধৰা সমাজখনক নিজৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি সজাগ আৰু আকৰ্ষিত কৰিবলৈ নাট্যকাসকলে নাটকৰ যোগেদি প্ৰয়াস কৰিছিল। কেৱল আনক অন্ধ অনুকৰণ কৰাতকৈ দেশৰ মাটি-পানী-বায়ুৰ গোন্ধ মিহলি হৈ থকা লোককলা সমূহকো যে নতুন সৃষ্টিৰ আধাৰ ৰূপে লৈ জাতীয় কলা-সংস্কৃতিক আকৰ্ষণীয় ৰূপ প্ৰদান কৰিব পাৰি, তেনে শিক্ষাও নাটকে সমাজক দিয়ে।
অসমীয়া আধুনিক নাটক সৃষ্টিৰো প্ৰাথমিক উদ্দেশ্য আছিল সমাজ পৰিৱৰ্তন। প্ৰথমখন আধুনিক নাটক 'ৰাম নৱমী'ৰ সৃষ্টিৰ মূল প্ৰেৰণাই আছিল বংগৰ সংস্কাৰ আন্দোলন। তেতিয়াৰ সমাজত সমস্যাৰূপে দেখা দিয়া বিধৱা বিবাহৰ সমৰ্থনত আৰু কৌটিকলীয়া সামাজিক কু-সংস্কাৰ আৰু গোড়ামিৰ বিৰুদ্ধে মত প্ৰকাশ কৰি গুণাভিৰাম বৰুৱাই নাটকখন লিখিছিল। সামাজিক জীৱনৰ বিভিন্ন সমস্যা নাটকীয় ৰূপত তুলি ধৰি মানুহক সংস্কাৰমুখী আদৰ্শৰে আগবঢ়াই নিয়াই নাটকৰ উদ্দেশ্য। সামাজিক জীৱন বিঘ্নিত কৰিব পৰা বিষয় একোটা নাটকীয় ঘটনা আৰু পৰিস্হিতিৰ যোগেদি তুলি ধৰি মানুহক প্ৰগতিশীল চিন্তাৰে আগবাঢ়িবলৈ নাটকে শিক্ষাদান কৰে। মুঠ কথাত প্ৰগতিশীল সমাজ গঠনত নাটকৰ ভূমিকা অপৰিসীম।