Type Here to Get Search Results !

কাব্য সংকলন-জুহালৰ জোন , কবি-যতীন মিলি (আলোকপাত)

   আলোকপাত-সুৰভি বৰ পাত্ৰ গোহাঁই 

 

মোৰ প্ৰিয় কবি বন্ধু যতীন মিলি দেৱৰ সদ্য প্ৰকাশিত "জুহালৰ জোন"  কাব্য সংকলন খন ডাক যোগে পাই আনন্দিত হ'লোঁ । তেখেতৰ কবিতা মোৰ প্ৰিয় । কাব্য সংকলন খনৰ  কবিতাবোৰ এটাৰ পিছত এটাকৈ মনোযোগেৰে পঢ়িলোঁ । "জুহালৰ  জোন" কাব্য সংকলন খনৰ কবিতাৰাজীয়ে  মন পোহৰাই  তুলিলে  । যিমান পাৰো কবিতাৰ অনুভৱৰ সাগৰত মন্থন  কৰিবলৈ ল'লো প্ৰিয় কবিৰ কবিতাৰ স্বাদ । অনন্য মাত্ৰা প্ৰদান কৰা প্ৰতিটো  কবিতাই পাঠকক দিব পাৰে সুকীয়া  অনুভুতি । কবিৰ দৃষ্টিয়ে প্ৰকৃতিৰ কোলাত লালিত পালিত হোৱা প্ৰতিটো উপাদানকেই  সৃষ্টিৰ জখলাৰে বগুৱা বাই পাঠকৰ মন সাগৰত উৰ্মিমালাৰ সৃষ্টি কৰিব পাৰিছে । যাৰ বাবে এটা কবিতা হৃদয়ংগম কৰি পাঠকৰ মন  ক্ষান্ত নহয় । পুনৰ  অন্য এটা কবিতাৰ বুৰবুৰণিৰ মাজত  পাঠকে  নিয়োজিত কৰিব পাৰে নিজকে । জনজাতীয় লোকসকলৰ জীৱন গাঁথা, কষ্টকৰ জীৱন অতিবাহিত কৰিও জীৱনটো সুখ স্বাচ্ছন্দ্যৰে পৰিপূৰ্ণ কৰিব পাৰে সেই কথা কাব্য সংকলন খনৰ কবিতাবোৰ হৃদয়ংগম কৰিলেই উপলব্ধি কৰিব পাৰি । এই  সুন্দৰ কাব্য  সংকলন প্ৰকাশ কৰি উলিয়াইছে চন্দ্ৰোদয় প্ৰকাশনে । (টীয়ক, যোৰহাট (১১২, অসম) প্ৰচ্ছদঃ প্ৰাঞ্জল কুমাৰ লাহন। অংগসজ্জাঃ চৈয়দা হবিবা আঞ্জুম  । গ্ৰন্থ স্বত্বঃ কবি ।প্ৰথম প্ৰকাশঃ আগষ্ট, ২০২২ । বিনিময় অৰিহণাঃ১৫০ টকা । প্ৰবীণ কবি গৰাকীৰ কাপেৰে বৈ অহা প্ৰতিটো কবিতাই সহজেই পাঠকৰ হৃদয় চুবলৈ সক্ষম হ'ব  বুলি মোৰ বিশ্বাস । প্ৰায়বোৰ কবিতাত   সমাজ জীৱনৰ বাস্তৱ প্ৰতিচ্ছবি পৰিস্ফুট  কৰি তুলিবলৈ সক্ষম হৈছে কবিৰ নিপুণ হাতৰ পৰশত।  ভাৱগধুৰ তথা তত্বগধুৰ লেখনিৰে কাব্যসংকলনত সোণত সুৱগা চৰাইছে । উচ্চ মান সম্পন্ন কবিতাবোৰৰ ভাৱৰ গভীৰতা আৰু বিশালতা মন কৰিবলগীয়া। যিটো বিষয় লৈ কবিতা লিখিছে তাতেই  সাৰ্থক হৈছে কবিৰ কলম । মননশীল কবিৰ  কবিতাই পাঠকৰ অন্তৰ  জয় কৰিব পাৰিব । 
              সমাজমুখী চেতনা, মাটিৰ গোন্ধ,   প্ৰকৃতি প্ৰেমৰ কবিতা সমূহে  অনন্য মাত্ৰা প্ৰদান কৰিছে । নিভাঁজ শব্দশৈলীৰ ব্যৱহাৰে  কবিতা সমূহত অনন্য মাত্ৰা প্ৰদান কৰিছে ।  কাব্যসংকলনৰ "জুহালৰ জোন" (পৃষ্ঠা নং ৪৯)নামৰ কবিতাটো  পাঠকৰ জ্ঞাতাৰ্থে তুলি দিলোঁ । 

"ধোঁৱাচাঙৰ ধোঁৱাৰ
এৱাঁ উশাহত
এগছা আন্ধাৰ সাৱটি জী থাকে
জুহালৰ জোন ।

সেলেঙি বোলোৱা আইৰ মুখৰ এমোকোৰা হাঁহি লৈ
পোহৰাই থাকে সেই জোনে
চৌপাশ-চৌদিশ

দিনান্তৰ অৱকাশত
সুখৰ হাঁচতি খুলি আই-পিতায়ে
নাচে - হাঁহে -উচুপে
ৰাশি ৰাশি ঢৌৰ
সেই পোহৰত ।

জুহালৰ জোনৰ আভাত
আয়ে যতনাই দিয়া মাইহাং বাটিত
এজোলোক আপং পি
নিতৌ নামোচ্চাৰণ কৰে পিতায়ে
ছেঃদি-মেঃল  কাৰ্ছিন-কাৰ্তাক  পুলিন-পুথাওক

প্ৰাৰ্থনা কাতৰ আঙুলি ধিয়াই
হৃদয়ৰ মৌন মন্দিৰত
দুচাকি চকুৰ পোহৰে উদ্ভাসিত কৰি
ডুব যায় ভক্তি ভৱ সাগৰত।
কাঠৰ কলিজা
গন্ধি - ভ্ৰমি - চুমি
জীৱনৰ আয়ুস ৰেখা আঁকে
মোৰ আই পিতায়ে ।

গুৱা এখনৰ বাটত
চিনে বুকুৰ তাম বৰণীয়া ঘা
লেও দিয়া জোনৰ পাঠ পঢ়ি
জোখে দুখৰ অজস্ৰ বা
ছেও দিয়া কৰতে
যেতিয়া পিতাইৰ হাতৰ তলুৱাত তোলে
ঢৌ - ফুটা মাত
তেতিয়া এমুঠি ৰামধেনু আহি বহে
ভাতৰ পাতত
পুৱা-গধূলি ।

আস্ কি সহজাত কবিতা!
চকুত ৰ'দৰ চকুপানী আৰু
পিঠিত এবোজা কাঞ্চনজংঘা লৈও
নিলিখি নোৱাৰি জীৱনৰ কবিতা
দুখ-সুখ
হাঁহি কান্দোনৰ  ।

অ' মোৰ জুহালৰ জোন
অভিজাত বেলিয়ে দীঘলকৈ লেং মেলিলেও
তুমিয়ে হ'বা
মোৰ মনাকাশৰ জোন
সোণগুটিৰ সোণ  ।
 এই দৰেই কবিতাবোৰৰ মাজত সোমাই পৰিলে ওলাই আহিব নোৱাৰি সহজতে। অধ্যয়ন পুষ্ট কবিৰ মনৰ পৰিচয় কবিতাবোৰৰ শব্দশৈলীৰে ব্যৱহাৰ ক্ষেত্ৰতে অনুমান কৰিব পাৰি ।
মোৰ ক্ষুদ্ৰ অনুভৱৰে প্ৰিয় কবিৰ "জুহালৰ জোন" কবিতা পুথিখনৰ বিষয়ে  কিছু কথা ব্যক্ত কৰিলোঁ । মোৰ দৰে সকলোৱে কাব্য সংকলন খন পঢ়ি লেখকক আৰু এখোজ আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগালে  লেখকৰ  শ্ৰম  সাৰ্থক হ'ব । পুনৰ প্ৰিয় কবিলৈ কৃতজ্ঞতা জনাই অজানিতে ৰৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰি আজিলৈ সামৰণি  মাৰিলোঁ ।