জুৰিমণি দত্ত
সুৰৰ লহৰে লহৰে
কি যে আনন্দ
ঝংকাৰিত দেহমন,
উন্মাদনা কবিৰ কলমে
ৰূপলয় কবিতাৰ ছন্দ।
সুৰৰ ধ্বনিত জাগিউঠে
অবুজ মনৰ গুপুত বেদনা
উজাগৰি নিশা ৰিঙিয়াই
আবেগৰ যাতনা।
তোমাৰ বাবেই কৰিছো যাপন
কত হাবিয়াস,
কত ৰোমন্থন
বুকুত বান্ধি নিগৰাই
প্ৰেমৰ সপোন।
নালাগে বৃহত্তম ৰাজপ্ৰাসাদ,
নালাগে ঐশ্বৰ্য বিভূতি,
প্ৰিয়ত্তমা বুলি কলেই,
নিৰলে মাৰিব পাৰিম ঘূমতি।
তোমাৰ বাবেই পাওঁ সাহস,
জীয়াই থকাৰ প্ৰেৰণা,
থাকাযেন কুশলে সদায়
তেওঁকেই কৰিছো প্ৰাৰ্থনা।।
ReplyForward |