শৰত আহিল বুলিয়েই
মোৰ পিঞ্জৰাৰ পখীটিয়ে
মনৰ সুৰুঙাই দি
বাৰে বাৰে আকাশ'লে চাই ,
ক'তা ,তাত দেখোন
ক্লেদমুক্ত আকাশ খন নাই-
কলীয়া ডাৱৰ বোৰে
জোন আৰু জোনাকক
কেনেকৈ যে কুটি কুটি খায় --,
তলসৰা শেৱালী বোৰত
দেখোন তেজৰ চেকুৰা,
বকুল তলতো এতিয়া
বাৰুদৰ উৎকট গোন্ধ
খৰিকাজাঁই জোপাত
ওলমি ৰৈছে
অপহৃতৰ নিৰৱ চকুলো --,
উস! কি যে অসহায়!!
জোন বাইৰ চোতালত
পৰী দেশৰ সাধুকথাৰে
মন পৰশোৱা আইতাও নাই -,
সাধুবোৰ এতিয়া তেনেই অসাধু হ'ল --,
তেজৰ নদীত লুতুৰী পুতুৰী হৈ
সময় বোৰে এতিয়া
ইতিহাস ৰচে উত্তৰ কালৰ --,
শৰত নাহিব ও তো পাৰে এইফালে -।