তুমি আহিবা মোৰ বাবে
শৰতৰ প্ৰতিটো সন্ধিয়া
পাৰ কৰিম উজাগৰে নিশা
ৰঙীণ সপোনবোৰে প্ৰাণ পাব ।
তোমাৰ সান্নিধ্যতেই ডাল ভৰে
সূৰুয কান্তিত তল সৰে
তিক্ত হিয়াৰে শুভ্ৰ পাহি মেলি
ৰঙীণ আশা লৈ মই সুবাস বিলাম
সপোনৰ ৰাজৰাণীৰ ৰাজপ্ৰাসাদত
ভাগৰি নপৰি এন্ধাৰৰ বুকুত ফুলা
পুৱাতেই চোতাল ভৰাই তোলা
বৈ যাব নোৱাৰা পুষ্পবৃষ্টি মই ।
বিষাদৰ মণিৰে নাগাঠোঁ মালা
হৃদয়ৰ গভীৰতাৰে আহি
চকুলোঁৰে বোৱা
বিষাদৰ বৃষ্টি মই
শেৱালি ফুলৰ দৰে
নিয়ৰ সনা সেউজী দলিচাত সৰা
আয়ে ৰৈ থাকে হৃদয়ৰ আকুলতাৰে
আলফুলে আকোঁৱালি লয়
মণি-মুকুটাৰ দৰে
নিচেয় পুৱাতে
শীতল কোলাত তোলে
সস্নেহেৰে চিৰযুগমীয়াকৈ
ৰাখিব যেন সযতনে আইৰ শীতল কোলাতেই
তুমি আহিবাই মোৰ বাবে°°°