বিবেকা হাজৰিকা
ষ্টেচনৰ পৰা ওলাই অহা ৰাষ্টাটোৰ কাষতে ৰূপালীয়ে আচুতীয়াকৈ থোৱা মানিমুনি খুতৰাৰ মুঠিকেইটালৈ বাৰে বাৰে চাই আছে । দুই এজনে বিচাৰিছিল - নিদিলে । ডাউন ট্ৰেইনখন নোযোৱালৈকে তাই ৰ'ব । কাণ থিয় কৰি ৰাখিছে কেতিয়া ঘন্টা বাজিব। আনদিনা ইয়াতকৈ সোনকালেই পায়হি ট্ৰেইনখন । লগৰকেইজনী বজাৰ সামৰি সুতৰি যাবলৈ ওলাল ঠাইখিনি আন্ধাৰ হৈ আহিছে । ৰূপালীয়ে কেৰাচিন তেলৰ চাকিটো জ্বলাই দিলে।ট্ৰেইনখন নোযোৱালৈকে তাই ৰ'ব লাগিব।
'ট্ৰেইন লেট চলিছে' । ৰৈ থাকিব নালাগে। ঘৰলৈ যা।"
ৰূপালীয়ে দীপুৰ কথাত গুৰুত্ব নিদিলে । দীপু গৈ মৌচাক হোটেলৰ বাৰান্দাৰ চকীখনতে আকৌ বহিলগৈ । ৰূপালীয়ে দীপুৰ চাল চলন বুজি পোৱা হ'ল। আবেলি বাৰীৰ শাক পাচলি খিনি মেলি তাই বহাৰ লগে লগেই দীপু আহি মৌচাক হোটেলৰ বাৰান্দাৰ চকীখনত বহেহি । তাই মন কৰিছে তাই নোযোৱালৈকে সি তাৰ পৰা নাযায়। ডাউন ট্ৰেইনখনত ৰে'ল কলনিৰ বিষয়াজন নামেহি । তাইৰ পৰা শাক পাচলি লৈ যায় । দৰদাম নকৰে - কেতিয়াবা দুটামান বেচিকৈহে দিয়ে । ৰূপালীয়েও মানুহজনৰ কাৰণে আচুতীয়াকৈ থৈ দিয়ে । নাম ধাম নজনা মানুহজনৰ লগত তাইৰ এটা আত্মীয়তা গঢ়ি উঠিছে। আশাৰে ডাউন ট্ৰেইনখন অহালৈ বাট চাই থাকে। সন্ধিয়া হ'ল । ৰূপালীৰ উচ্ পিচ্ লাগিল। ঘৰত অকলে থকা বেমাৰী মানুহটো আৰু তিনিবছৰীয়া ছোৱালীজনীৰ চিন্তা এটাই তাইৰ ল'গ ললেহি।
"মদাহীকেইটা অহাৰ আগতে ঘৰলৈ যা।"
দীপুৱে আকৌ ৰূপালীক কৈ থৈ গ'ল। তাই পানীকাপোৰখন মেৰিয়াই বেগত ভৰাই ল'লে। কেৰাচিন তেলৰ চাকিটো নুমুৱাব খোজোতেই ডাউন ট্ৰেইনৰ ঘন্টা বাজিল । ৰূপালীৰ মনটো ভাল লাগি গ'ল। তাই খন্তেক ৰৈ দিলে।আনদিনাৰ দৰেই ৰেল বিষয়াজন প্লেটফৰ্মৰ পৰা ওলাই আহিল । ৰূপালীয়ে আচুতীয়াকৈ থোৱা মানিমুনি আৰু খুতৰাৰ মুঠিকেইটা আগবঢ়াই দিলে । মানুহজনৰ পৰা পয়চাকেইটা লৈ পিচে পিচে ৰূপালী ঘৰলৈ খোজ দিলে । দীপুৰো মৌচাক হোটেলৰ বাৰান্দাত বহি থকাৰ কাম শেষ হ'ল । ৰূপালী যেন তাৰ জীৱনৰ পৰা আঁতৰি গ'ল এটা বোবা বেদনাই তাক কষ্ট দিলেহি ।
দীপু লীলাৱতীৰ দোকানলৈ খোজ দিলে । আনক ক'ব নোৱাৰা কষ্টখিনি সামৰিবলৈ তাক এতিয়া এগিলাচ মদৰ প্ৰয়োজন । খন্তেক ৰৈ ষ্টেচনৰ পৰা ডাউন ট্ৰেইনখন উকি মাৰি গুচি গ'ল।
.
.