গীতাঞ্জলি দেৱী
(১)
সাৰি-পুচি থোৱা পদুলিত
উকুলি-মুকুলি,
দুবৰি বনত এটি-দুটি মুকুতা
উদুলি-মুদুলি ।
(২)
সুগন্ধি উৰুলিৰে কোনে সজাই
আইতাৰ চোতাল
নোৱাই-ধোৱাই লাৱণি শেৱালি,
আকাশ ধিয়াই একাঁজলি হাঁহি
নিৰিবিলি হলচল।
(৩)
জিৰ-জিৰ বতাহৰ কহোঁৱা
অশান্ত উৰুলি ,
অভিসাৰিকা ৰাধাৰ বুকুত বাজে
মোহন-মুৰুলী ।