Type Here to Get Search Results !

আহোমৰ জাতীয় বীৰ লাচিত বৰফুকনৰ পিতৃ একালৰ শুকতি তথা মোমাই তামুলী বৰবৰুৱাৰ জীৱন আৰু কীৰ্তি

 দীপজ্যোতি বৰ গোহাঞি 


 ছশ বছৰীয়া আহোম ৰাজতন্ত্ৰৰ সপ্তদশ স্বৰ্গদেউ চুচেংফা  বুঢ়া ৰজা ওৰফে  প্ৰতাপ সিংহৰ অতি বিশ্বস্ত ৰাজবিষয়া আছিল মোমাই তামুলী বৰবৰুৱা ৷১৬০৩ ৰপৰা ১৬৪১ খ্ৰীষ্টাব্দলৈ ৰাজ্য শাসন কৰা এইজনা স্বৰ্গদেউৰ ভনীয়েকক বিয়া কৰাইছিল মোমাইতামুলী বৰবৰুৱাই ৷মোমাই তামুলী বৰ বৰবৰুৱাই অতি সাধাৰণ অৱস্থাৰ পৰা নিজৰ কৰ্ম দক্ষতা আৰু পটুতাৰ বাবেই শুকতিৰ পৰা আহোম ৰাজ্য এখনৰ প্ৰথমজন বৰুৱা পদত অধিষ্ঠিত হ'ব পাৰিছিল ৷কথিত আছে যে, জীৱনৰ প্ৰথম অৱস্থাত তেওঁ মাত্ৰ চাৰিকুৰি টকাৰ বাবেই নিজৰ ভাগিনীয়েকৰ ঘৰত বনুৱা হৈ বন্ধকত থকাৰ কথা বুৰঞ্জীত উল্লেখ পোৱা যায় ৷সেই ভাগিনীয়েকৰ ঘৰত থাকোতেই তেওঁ চাৰিও ফালে অতি সুন্দৰকৈ  ঢাপ মাৰি এখন বাৰী পাতিছিল ৷সেই ফালে স্বৰ্গদেউ প্ৰতাপসিংহ হাতীৰ পিঠিত উঠি  অহাযোৱা কৰোঁতে  মনজুৰ পেলাই চকু থৰ কৰা বাৰীখন দেখি খবৰ কৰিছিল যে সেই বাৰী কাৰ? পৰবৰ্তী সময়ত মোমাইক ৰাজকাৰেংলৈ মতাই নি আদ্যোপান্ত সুধাত মোমাইয়ে সকলো কথা মুকলিকৈ কৈছিল। এটা কথা জনশ্ৰুতি য়ে কয় যে ভাগিনীয়েকে মোমাই বুলি মতাৰ বাবেই সেই অঞ্চলৰ সকলোৱে মোমাই বুলিছিল বাবেই  আচল নাম আছিল শুকুতি  ৷স্বৰ্গদেউৱে মোমাইক ভাগিনীয়েকৰ পৰা বন্ধক মোকলাই নি প্ৰথমে তিপমীয়া ৰাজখোৱা বিষয় বাব দিছিল ৷পাছলৈ তেওঁক বাৰীচোৱা বৰ তামুলী বিষয় বাব দিছিল ৷মোমাই তামুলীয়ে দায়িত্ববোধ ,নিজৰ কৰ্তব্যনিষ্ঠা ,সততা আৰু দায়িত্বশীলতাৰ বাবেই দোপে দোপে উন্নতি কৰি বৰবৰুৱা বিষয় বাব লাভ কৰিছিল ৷যাক পৰবৰ্তী সময়ৰ অসমৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়োতা ধৰা হয় ৷স্বৰ্গদেউ প্ৰতাপ সিংহৰ নিৰ্দেশ মৰ্মে পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰি আহোম ৰাজতন্ত্ৰত প্ৰতিজন প্ৰাপ্তবয়স্ক লোকেই ৰজাঘৰত খাটি দিব লাগিছিল ৷সেই খাটনীয়াৰৰ বাবদ ৰজা ঘৰৰ পৰা তেওঁলোকে দুপুৰা মাটি বিনা খাজনাই লাভ কৰিছিল ৷এনে ধৰণৰ মানুহক এপুৱা পাইক বোলা হৈছিল ৷চাৰিজন পাইককে একেলগে গোট পাইক বোলা হৈছিল ৷প্ৰতি গোট পাইকৰ পৰা এজনে তিনিমাহকৈ এবছৰ খাটি দিব লাগিছিল ৷বিশেষ প্ৰয়োজন হ’লে দ্বিতীয় জন আৰু তৃতীয়জন  পাইককো ৰজাঘৰীয়া কামত লগোৱা হৈছিল ৷এনে ধৰণে পাইকক মূল ;দোৱাল ;তেৱাল বোলা হৈছিল ৷কাকতী খেলে পাইক সকলৰ নাম লিখি ৰাখিব লাগিছিল ৷আৰু তেওঁৰ নিৰ্দেশ মতেই পাইকে ৰাজকাৰেঙত বা ৰাজহাউলীত কাম কৰি দিব লাগিছিল ৷কৈশোৰ কাল পাৰ হোৱাৰ পাছতেই প্ৰতিজন পুৰুষ মানুহেই পাইক শ্ৰেণীত অন্তভুক্ত কৰা টো বাধ্যতামূলক আছিল ৷এগোট পাইকৰ কোনোবা এপোৱা পাইকৰ মৃত্য হলে তাৰ ঠাইত নতুন পোৱা পাইক ভৰাই দিছিল ৷নতুনকৈ গোট পাইকৰ সৃষ্টি হলে তাক বেবেজীয়া পাইক বোলা হৈছিল ।পাইকৰ শ্ৰেণীত অন্তভুক্ত নোহোৱা পাইক পলাই যোৱা পলৰীয়া পাইকক লুকুৱাই ৰখা ;পাইকৰ বহীত নাম নোহোবা পাইক পলাই যোৱা মানুহৰ হতুৱাই কাম কৰোৱা ইত্যাদি কামবোৰ কৰিলে দণ্ডণীয় আছিল ৷কৰোতাই শাস্তি ভোগ কৰাটো বাধ্যতামূলক আছিল ৷একগোট পাইকৰ এজনে স্বৰ্গদেউৰ ৰাজকাৰেংত কাম কৰিলে বাকী কেইজনে পথাৰত কাম কৰাৰ লগতে অনান্য কামো কৰি দিব লাগিছিল ৷এইদৰেই বহু সংখ্যক পাইক লগ লাগি নতুন খেল হৈছিল৷কোনো মানুহেই যাতে আলস্য জীৱন যাপন কৰিব নোৱাৰে তাৰ বাবেও মোমাই তামুলী বৰ বৰুৱাই সততে চকু ৰাখিছিল ৷প্ৰত্যেক গৰাকী তিৰোতাই নিতৌ ৰাতি দুটা সুতলাহী পকাব লাগিছিল ৷তিৰোতাই কাপোৰ বোৱাটো বাধ্যতামূলক আছিল ৷গাঁওবুঢ়াই এই কাম হৈছেনে নাই ৰজা ঘৰত জনাব লাগিছিল প্ৰতি দিনে ৷নিয়ম উলংঘা কৰিলে শাস্তিৰ সন্মুখীন হ’ব লগাত পৰিছিল ৷লগতে প্ৰতিঘৰ মানুহেই বছৰি এপোৱাকৈ পাটৰ সূতা ৰজা ঘৰলৈ দিব লাগিছিল ৷এক দৃঢ় অৰ্থনৈতিক ভেটি স্থাপন কৰি মোমাই তামুলী বৰবৰুৱাই গাঁও সংগঠন কৰিছিল ৷শাসনৰ সুবিধাৰ্থে গাঁওখনক  এটা চুবুৰীত ভাগ কৰিছিল ৷প্ৰতিখন গাঁওতে প্ৰয়োজনীয় কাৰিকৰ ;পুৰোহিত ;খনিকৰ ;আদি সকলো বিদ্যা জনা লোকক বাসস্থান দিছিল ৷এনে বোৰ কাৰণতে গাঁও সমুহৰ বাসিন্দা সকলে কোনো কথাতেই কাৰো ওপৰত হাত পাতিব লগা নহৈছিল  যাৰ বাবে প্ৰতিঘৰ মানুহ আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী আছিল ৷মোমাই তামুলীৰ ৰাজ আনুগত্য কৰ্তব্যপৰায়নতা আৰু দায়িত্ববোধ অতুলনীয় আছিল ৷মোমাই তামুলী বৰবৰুৱাই স্বৰ্গদেউ প্ৰতাপ সিংহৰ ভনীয়েকক বিয়া কৰাইছিল বাবেই জেঠেৰী বৈনাই সমন্ধ আছিল বাবেই স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত বহু সৎ পৰামৰ্শ উপদেশ দি সততে ৰাজ কাৰ্যত সহায় কৰিছিল বাবেই স্বৰ্গদেউৱে বিভিন্ন সময়ত উপযুক্ত বঁটা দি  মোমাইক সন্মানিত আৰু প্ৰশংসা কৰিছিল সকলোৰে সন্মূখতে (সহায়ক গ্ৰন্থ লাচিত বৰ ফুকন  সূৰ্য কুমাৰ ভূঞাঁ )