Type Here to Get Search Results !

পত্ৰ মোৰ সখালৈ বুলি

 জীনামণি বৰগোহাঁই দুৱৰা


চেনেহৰ  সখা,
কিনো কম মোৰ দুখৰ কথা
নাই যে বুজাই ক'বলৈয়ো ভাষা।
জীয়াই আছো লৈ ক্ষুদ্ৰ মানৱী দেহা
নাজানো এই জগতত কৰিছোঁ কিহৰ বেহা?
চেনেহৰ সখা মোৰ অতি মৰমৰ
মই বুজিছো তোমাৰ দুখৰ কথা
মই জানো তোমাৰ মনৰ কথা।
ক্ষন্তেকীয়া জীৱনৰ দুদিনীয়া খেলা
তোমাক দিছোঁ মাথোঁ অলপমান বোজা
তুমি সাহসী, সৎ আৰু চৰিত্ৰৱান
নকৰিবা ক্ষোভ তুমি নকৰিবা দুখ
সুকৰ্মই আনিম আমাৰ জীৱনলৈ সুখ।