Type Here to Get Search Results !

ন্যায়

 শতাব্দী শৰ্মা

অসহ্য ! ন্যায় বিচাৰি জোঁৰ সমদল ,
আশ্চৰ্যকৰ! ন্যায় বিচাৰি আমৰণ অনশন,
তীব্ৰ ৰ’দ সহ্য কৰি দিছপুৰ লাষ্টগেটত ধৰ্ণা,

অন্তত কন্দুৱা গেছ প্ৰয়োগ, আৰক্ষীৰ গুলীচালনা।
কোনটো অপৰাধৰ ন্যায় লাগে ?
মহাসাগৰ সদৃশ অপৰাধৰ ৰম্যভূমিত 
কেই নম্বৰ ফাইলটোৰ ভুক্তভোগীক ন্যায় লাগে?
হত্যাকাণ্ড, ধৰ্ষণ, লুণ্ঠনৰাজৰ পৃথিৱীত 
কিমান আশা কৰিছে ন্যায়ৰ বাবে ?
সেয়া মম লৈ এজাক যুৱকে ন্যায় বিচাৰি 
ৰাজপথ অৱৰোধেৰে প্ৰতিবাদ কৰিছে।
প্ৰতিবাদৰ ভাষাবোৰে আকাশ চুলেও 
ন্যায় কেতিয়াও নিদিয়ে।
মাত্ৰ দুদিন তালফাল লাগে......
তাৰপিছত ..... 
"Justice for অমুক","justice for তমুক"
সেই প্লেইকাৰ্ড কেইখন ৰাস্তাৰ দাঁতিত ,
সিহঁতেও ন্যায় বিচাৰিছে 
বৰ্বৰ মানুহৰ মূৰ্খামিৰ পৰা পৰিত্ৰাণ লভাৰ