সবিতা বৰুৱা ফুকন
সুযোগ পালেই
বুকুৰ পদুলিত
পুৰণি বিষ এটাই
উকি মাৰে !
পুৰণি বিষটো বুকুত
ভুমুকি মাৰিলেই
মনটো ঢাপলি মেলে
গাঁৱৰ তিনি আলিৰ
চুকত থকা,
আঁহত জোপাৰ তলত
ঢিমিক -ঢামাকৈ জ্বলি থকা
লেমৰ পোহৰৰ
সৰু দোকান খনলৈ ...
আন্ধাৰ ভাল পোৱাৰো হেনো
এটা বয়স থাকে !
সময়ৰ বুকুত কিছুমান সপোন
কেতিয়াবা নিষিদ্ধ হৈ পৰে।
যিদৰে নিষিদ্ধ হয়
ফাগুনৰ ফিৰ ফিৰিয়া বতাহত
নৈ পাৰত গাত-গা লগাই
ফুচ -ফুচকৈ পতা কথাবোৰ....
সেয়ে,
সুযোগ পালেই
শীতৰ গধূলি এটাত,
পুৰণি বন্ধুৰ সৈতে,
পুৰণি মদৰ লগত ,
পুৰণি কথাবোৰ খুচৰি
হিয়া খুলি মৰা
হাঁহি কিৰিলী বোৰলৈ
মনটো উৰা মাৰে