Type Here to Get Search Results !

ভালপোৱা

 প্ৰগতি গগৈ চাংমাই


ভালপোৱা
এক আবিৰ।
ইজনে সিজনক মৰমৰ এনাজৰীৰে 
বান্ধি ৰখাৰ মধুৰ প্ৰচেষ্টা।
প্ৰণয়ৰ মুহূৰ্তবোৰ
ধৰি ৰাখে আলফুলে
হৃদয়ত।
আকুলতাত ডুবে
একোটি প্ৰাণ
কাষত পোৱাৰ বাসনাৰে।
বিচ্ছেদত কাতৰ হৈ ৰয়
একোটি বিয়াকুল মন।
অপেক্ষাৰ অন্ত পেলাই
এদিন
দুয়ো নিজৰ হয়! 
এয়েনে ভালপোৱা?