প্ৰগতি গগৈ চাংমাই
পাহাৰৰ সিপাৰৰ পৰা
এটি কৰুণ সুৰে ৰিঙিয়াই
কনেং আহিবিনে তই
সোৱণশিৰিৰ ঘাটলৈ?
বুকু শাঁত পৰি যায়…
বাঁহীৰ আপোনভোলা সুৰে
মন ৰঙীয়াল কৰে
ফাগুনী মলয়া হৈ
হেঁপাহবোৰে পাখি মেলি উৰে৷
মই এটি পখী হওঁ
উৰাৰ হেঁপাহত
তোমাৰ কাষলৈ…
এইযে ৰিঙা ৰিঙা বাঁহীৰ সুৰটো
মোৰ বৰ আপোন!