Type Here to Get Search Results !

অসমীয়া সাহিত্যিকৰ ৰচনাত দেশীবাদী চিন্তাৰ এক চমু অৱলোকন

 ৰঞ্জিত চুতীয়া


 দেশীবাদৰ ইংৰাজী প্ৰতিশব্দ হিচাপে 'নেটিভ' , 'নেটিভনেচ', 'নেটিভিষ্ট' আৰু 'নেটিভিজিম' আদি ব্যৱহাৰ কৰা দেখা যায়। 'দেশীবাদ' বহিৰাগত সকলৰ স্বাৰ্থৰ বিপৰীতে থলুৱা অথবা খিলিঞ্জীয়া জনসাধাৰণৰ আৰ্থ-সামাজিক, সাংস্কৃতিক দিশৰ সৈতে গভীৰভাৱে জড়িত এটি বিষয়। অক্সফোৰ্ড অভিধানত ইয়াৰ সংজ্ঞা দিয়া আছে এনেধৰণেঃ " A return to or emphasis on indigenous custom, in opposition to outside influences." আনহাতে, ১৯৭১ চনত বালচন্দ্ৰ নেমাড়েই 'অক্সফোৰ্ড ইংলিচ ডিক্সনেৰী'য়ে দেশীবাদৰ সম্পৰ্কে দিয়া প্ৰতিশব্দৰ উল্লেখ কৰিছে এনেদৰে -  "The original or usual habitant of a country, as distinguished from strangers and foreigners, now especially belonging to a non -European and imperfectly civilized or savage race; a coloured person, a black."
                      আনহাতে 'দেশীয় সংস্কৃতিৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ' সৈতেও দেশীবাদৰ সম্পৰ্ক আছে। গতিকে 'ৱেবষ্টাৰ্চ ডিক্সনেৰী'য়ে দেশীবাদৰ সংজ্ঞা আগবঢ়াইছে এনেদৰে  - "The revival or perpeturation of an indigenous culture especially in opposition to acculturation."
                     'Some Aspects of American Nativism' গ্ৰন্থত চালমান জে বেকিয়ে উল্লেখ কৰিছে - "An intense opposition to an internal minority on the grounds of its foreign connection."
                     গতিকে দেখা যায় যে দেশীবাদ এক বিস্তৃত বিষয়। ইয়াৰ সৈতে থলুৱা জনসাধাৰণৰ  স্বাৰ্থ আৰু বহিঃ-সংস্কৃতিৰ সম্প্ৰসাৰণৰ পৰা থলুৱা সংস্কৃতিক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্য অন্তৰ্নিহিত হৈ আছে। দেশীবাদে কোনো এখন ঠাইত বসবাস কৰা সকলো স্তৰৰ মানুহৰ সন্মিলিত অতীত আৰু বৰ্তমানৰ সমস্ত জীৱন প্ৰবাহৰ ইঙ্গিত বহন কৰে। দেশীবাদে কোনো এখন সমাজৰ সন্মিলিত শক্তিৰ প্ৰতিফলনৰ লগতে সামাজিক আবেগৰ প্ৰকাশ সূচায়।
                       দেশীবাদৰ সৃষ্টিত সাংস্কৃতিক সম্পৰ্কৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। সমাজ বিজ্ঞানীসকলৰ মতে বিভিন্ন নৃগোষ্ঠীয় লোক সকলে বসবাস কৰা অঞ্চলসমূহত প্ৰব্ৰজনে থলুৱা জনগোষ্ঠীৰ মনত নিজৰ পৰম্পৰাগত সংস্কৃতিৰ প্ৰতি গ্ৰহণ কৰা আগ্ৰাসী ভূমিকাত বাধা প্ৰদানৰ কাৰণে দেশীয় সংস্কৃতিৰ পুনৰুদ্ধাৰৰ কাৰণে মনোনিৱেশ কৰে। বহিৰাগত সকলৰ মূল্যবোধ, ভাষা আৰু সাংস্কৃতিক মূল্যবোধ থলুৱাসকলৰ ওপৰত জাপি দিয়াৰ প্ৰৱণতা ৰোধ কৰিবৰ কাৰণেই তেওঁলোক ৰাজনৈতিক ভাৱে সচেতন হৈ উঠে আৰু তেওঁলোকৰ মাজত দেশীবাদী চিন্তাই আত্ম প্ৰকাশ কৰে।
                     দেশীবাদী চেতনা বৰ্তাই ৰাখিবলৈ হ'লে নিজৰ আভ্যন্তৰীণ উপাদানসমূহক বাহিৰা অনুপ্ৰৱেশকাৰী সকলৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ'ব লাগিব। তেতিয়াহে বাহিৰা অনুপ্ৰৱেশৰ শক্তিৰ প্ৰভাৱৰ পৰা স্ব-মহিমাৰে উজ্বলি উঠিবলৈ সক্ষম হ'ব।
                     কুৰি শতিকাৰ পঞ্চাশ আৰু ষাঠী দশকত বহুতো ভাৰতীয় লেখকৰ সাহিত্যত ঔপনিৱেশিক আন্তঃৰাষ্ট্ৰীয়তাবাদী চিন্তাৰ প্ৰকাশ ঘটা দেখা যায়। মাৰাঠী লেখক তথা সমালোচক বালচন্দ্ৰ নেমাড়েৰ ৰচনাতেই দেশীবাদী ধাৰণাৰ বীজ ভাৰতীয় সাহিত্যত ৰোপিত হয় বুলি সমালোচকে মন্তব্য কৰিছে। তেওঁৰ মাৰাঠী ভাষাত ৰচিত  'Nativisim in Literature ' (১৯৮৩) নামৰ ৰচনাতেই প্ৰথম দেশীবাদ সম্পৰ্কীয় ধাৰণাই প্ৰকাশ লাভ কৰে। ভাৰতীয় সাহিত্যত বালচন্দ্ৰ নেমাড়ে দেশীবাদী চিন্তাৰ সম্পসাৰণত গ্ৰহণ কৰা ভূমিকাৰ লেখীয়াকৈ অসমৰ লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী প্ৰভৃতি সাহিত্যিকৰ ৰচনাৰ অন্তৰালত জাতীয় গৰিমা পুনৰুদ্ধাৰৰ প্ৰয়াসেৰে দেশীবাদী চিন্তাৰ প্ৰকাশ ঘটাতো লক্ষ্য কৰিব পাৰি।
                     বেজবৰুৱাদেৱে দেশীবাদী চিন্তাৰ দ্বাৰা প্ৰভাৱিত হৈ অসমীয়া জাতীয়তাবোধ গঢ়ি তুলিবৰ বাবে শংকৰদেৱ আৰু বৈষ্ণৱ সাহিত্যক পুনৰ প্ৰতিষ্ঠিত কৰি অসমীয়া মানুহক এক নতুন গৌৰৱৰ চেতনাৰে সঞ্জীৱিত কৰি থৈ গ'ল। পৃথিৱীৰ বিভিন্ন ধৰ্মৰ ধৰ্মগ্ৰন্থসমূহৰ তুলনাত শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্ত্তন যে সৰ্বোকৃষ্ট আৰু ইয়াৰ মৰ্যাদা ৰক্ষা কৰাটো প্ৰতিজন অসমবাসীয়েই কৰ্তব্য, সেই কথা তেওঁ বাঁহীৰ পাতত স্পষ্টভাৱে কৈছিল - "পৃথিৱীৰ যতবোৰ সুন্দৰ ধৰ্মগ্ৰন্থ আছে আমাৰ শংকৰদেৱ বিৰচিত কীৰ্ত্তন সেই সকলোবোৰে ভিতৰত শিৰৰ  মুকুট। সেইবাবে আমি প্ৰত্যেক অসমীয়াই এই নগণ্য অকিঞ্চিৎকৰ জীৱন পৰ্যন্ত পাত কৰি আসামৰ অতীত গৌৰৱ কাহিনীৰ বিজয় স্তম্ভৰ ওপৰত থকা শংকৰদেৱ পতাকা ৰক্ষা কৰিম।" (বাঁহী, ৬ষ্ঠ বছৰ, ১০ম সংখ্যা)
                       লক্ষ্মীনাথ বেজবৰুৱাদেৱে শংকৰদেৱক এগৰাকী ধৰ্ম প্ৰচাৰকৰ পৰিৱৰ্তে এগৰাকী জাতীয় নেতাৰ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি বৈষ্ণৱ সাহিত্যৰ আন্দোলনৰ নেতৃত্ব প্ৰদান কৰাৰ যোগেদি মধ্যযুগত অসমীয়া জাতীয়তাবাদৰ নৱ-অভ্যূত্থান ঘটোৱা বুলি মত প্ৰকাশ কৰিছে। বেজবৰুৱাদেৱৰ ভাষাত - "মুঠতে জাতীয়তা গঠন কৰিবৰ নিমিত্তে যি যি আৱশ্যক সকলোকে সেই মহাপুৰুষে দান কৰি গৈছে।" (বাঁহী, ৬ষ্ঠ বছৰ, ২য় সংখ্যা)
                     বেজবৰুৱাদেৱ উদাৰ জাতীয়তাবাদীলোক আছিল। তেখেতে অসমীয়া ভাষাক জাতীয় ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ অনা অসমীয়া ভাষাৰ চক্ৰান্তৰ চক্ৰবেহু ভেদ কৰিবৰ কাৰণে একে সময়তে অভিমন্যু আৰু অৰ্জুনৰ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। স্বদেশ প্ৰেম আৰু জাতীয়তাবোধ তেওঁৰ জীৱন-দৰ্শনৰ সুমেৰু-কুমেৰু। তাৰ মাজতেই বেজবৰুৱাই বিশ্বদৰ্শন কৰিছিল আৰু অসমীয়া ভাষাৰ সুৱদী সুৰীয়া মাতৰ তাৎপৰ্য উপলব্ধি কৰিছিল। "অ' মোৰ আপোনাৰ দেশ" এনে ভাৱনাৰে সোণালী ফচল।
                     আন এগৰাকী অসমীয়া সাহিত্যিক অম্বিকাগিৰি ৰায়চৌধুৰীৰ বাবে 'দেশেই ভগৱান' স্বৰূপ। দেশৰ মঙ্গলৰ বাবে, জাতিৰ মঙ্গলৰ বাবে অসমীয়া জাতীয় জীৱনলৈ অহা সংকট মোচনৰ বাবে তেওঁ অশেষ কষ্ট কৰিছিল। ধৰ ঝাডু ধৰ ভাই, মই বিপ্লৱী মই তাণ্ডৱী প্ৰভৃতি কবিতা আৰু 'আজি বন্দো কি ছন্দেৰে' প্ৰভৃতি গীতত ৰায়চৌধুৰীৰ দেশীবাদী চিন্তাৰ আভাস পোৱা যায়। ঠিক সেইদৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ প্ৰায়বোৰ গীত, নাটক আৰু সংস্কৃতি বিষয়ক ৰচনাত দেশীবাদী চিন্তাৰ পৰিচয় স্পষ্ট।
                        অসমৰ জাতীয় জীৱনৰ পুৰোধা ব্যক্তিসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভা অন্যতম। শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ আদৰ্শক নতুন ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ প্ৰয়াস কৰিছিল। সেইবাবেই তেখেতে 'বৰগীত অমিয়া, গোৱা অসমীয়া' বুলি অসমবাসীক আহ্বান জনাইছিল। 'শংকৰ গুৰু আমাৰে' প্ৰভৃতি গীত এনে চিন্তাৰে পৰিণতি বুলিব পাৰি।
                      বিশ্ববন্দিত মহান শিল্পী জ্যোতি-বিষ্ণুৰ প্ৰকৃত উত্তৰাধিকাৰী ভূপেন হাজৰিকাই ভাষা  আন্দোলন, মাধ্যম আন্দোলন, বহিৰাগত আন্দোলন আদি বিভিন্ন সংকটৰ মুহুূৰ্তত কলিকতা-মুম্বাইৰ পৰা অসমলৈ আহি সমন্বয়ৰ এনাজৰীৰে অসমীয়া জাতিটোক বান্ধি ৰাখিবৰ চেষ্টা কৰিছিল। অসমৰ পাহাৰে-ভৈয়ামে ঘূৰি বিভিন্ন জাতি-জনজাতিৰ কৃষ্টি-সংস্কৃতি অধ্যয়ন কৰি অসমীয়া জাতিৰ জাতীয় ঐতিহ্য সমৃদ্ধিশালী কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। আমাৰ সকলোৱে পৰিচিত হীৰেণ ভট্ৰাচাৰ্যৰ 'দেশ বুলিলে আদেশ নালাগে' কবিতাত দেশীবাদী চিন্তাৰ অভিব্যক্তি প্ৰকাশিত হৈছে।
                       সত্তৰ দশকৰ পৰৱৰ্তী কালত ভাষা আন্দালন, অসম আন্দোলন আৰু সন্ত্ৰাসবাদী সমস্যাই অসমীয়া লেখকসকলক মনত জাতীয়তাবাদী চিন্তাধাৰাৰ বিকাশত বিশেষভাৱে সহায় কৰিছিল। ফলস্বৰূপে, আঞ্চলিক সমস্যাসমূহক সাহিত্যৰ মাজেৰে ফুটাই তুলিবলৈ বহু লেখকেই যত্নপৰ হয়। অৱশ্যে ভাৰতীয় দেশীবাদ, মাৰ্কিন দেশীবাদৰ দৰে প্ৰব্ৰজন বিৰোধী স্থিতিৰ পৰিণতি বুলিব নোৱাৰি। এয়া হৈছে সংস্কৃতিক আত্ম সন্মান তথা স্বতন্ত্ৰতা ৰক্ষাৰ বাবে কৰা চিন্তাৰ যোগাত্মক পৰিণতি।
      ………………………………… + …………………………………
 
       সহায়ক গ্ৰন্থঃ
1) Comparative Nativism: The United States, Canada and Australia: Oxford University press (Richard Jensen)
2) Nativism and Slavery: The Northern know Nothing and the Politics of the 1850: Oxford University press (Anbinder Tyler)