গীতাঞ্জলি দেৱী
মোৰ হেঁপাহৰ ঘৰখনৰ বাহিৰে-ভিতৰে সজায় ৰাখিছোঁ এখন সেউজীয়া পৃথিৱী ।
নগৰৰ হালধীয়া বোল নালাগিবলৈ মই সদায় জপায় থওঁ মোৰ ঘৰৰ দুৱাৰ ,
যদিওবা খোলা খিৰিকীৰে সোমায় আহে সখিয়তিৰ পাখিত ওলমি এটা বৰ্ণিল দুপৰ ।
শীত-তাপ নিয়ন্ত্ৰিত মোৰ কোঠালৈ সুৰঙা পালেহে সোমায় জিলমিলীয়া এধানমানি ৰ'দ ।
মই চুই চাওঁ ।
হাতৰ মুঠিত সামৰি লওঁ ।
দামী টাবটোত কক-বকাই জী থকা আঁহতৰ পুলিটো মোৰ উশাহৰ সাৰথি ,
পুলিটোৰ পঙ্গু দুহাতত মই গুজি দিছোঁ এখন কল্পনাৰ আকাশ,
তাতে গজি উঠে মোৰ সুখৰ এখন পৃথিৱী।
আকাশখন নেদেখা আজি বহু দিনেই হ'ল ।
আৰু মেঘ ?
মেঘবোৰ বাৰু আকাশৰ কোনবাটে ল'ৱৰি যায় ?
মই নেদেখো ভাগৰুৱা পখীয়ে বাৰু শিমলুৰ কোনটো ডালত বহি জিৰায়