Type Here to Get Search Results !

আহিনৰ ছবিৰে

 চৈয়দা চায়ৰা বেগম


শেৱালিৰ পাহিত আহিনৰ ঠিকনা
বুকুৰ বঙিয়াত উপছা হেঁপাহৰ প্ৰশান্তিভৰা উশাহ 
হৃদিস্বপ্নত বৈ যোৱা এখন নদী
নদীখনে মোৰ সতে কথা পাতিছিল 
 নে মইহে নদীখনৰ সতে কথা পাতিছিলো নাজানো
ৰূপ-অপৰূপ কঁহুৱাৰ লয়লাস দেখি অনামী এক অনুৰাগ বুকুৰ  ভিতৰত জাগিছিল
লাহে লাহে দেখিছিলো বেলিটো নদীৰ বুকুলৈ নামি আহিছিল
বিদায় বেলাৰ এটি হেঙুলীয়া চুমা যাঁচিছিল নদীখনক
কি যে এক বাংময় অনুভৱ,...!

সন্ধিয়া নামিছিল নিৰৱে
ক্ৰমে ক্ৰমে আন্ধাৰ ফালি জোনবাই জনীয়ে
নদীখনত অৱগাহন কৰিছিল 

দুৱৰীৰ সতে আলিংগনৰ হেঁপাহত সেমেকা নিয়ঁৰবোৰো নামি আহিছিল 


দুগ্ধ জোনাকত আহিনৰ ছবিৰে 
বৈভৱময়ী  হৈ পৰিছিল ৰজনী

নাজিৰা নগৰ
পোঃ অ -নাজিৰা
জিলা-শিৱসাগৰ