Type Here to Get Search Results !

সম্পাদকীয়

 মোৰ টোকা বহীত কেতিয়াবা বাস্তৱ অভিজ্ঞতা বোৰক লিখি থও, তাকে দহটি বিশেষ অনুভৱক ইয়াত তুলি ধৰিলো।



১) জয়ত আনন্দ লগতে দায়বদ্ধতা বাঢ়ে, তেনেকৈ পৰাজয়ক অতিক্ৰম কৰিবলৈ কৰ্মৰ বিশ্লেষণ অতীৱ প্ৰয়োজন।
২) অলপ অলপকৈ কৰা কাম বৃহৎ সাফল্যৰ সংযোজন হ'ব পাৰে।
৩) সুসম্পৰ্ক অটুট ৰাখিবলৈ হলে কব লগীয়া খিনিত কৈ কোন কোন খিনিত ক'ব নালাগে, এইটো জনা দৰকাৰ।
৪)আমি সময় অপচয় লগতে বহু দিশতে অপচয় কৰি থাকো, সেয়ে তাক প্ৰতিৰোধ কৰিবলৈ শিকিব লাগে।
৫) চৌপাশৰ মানুহৰ মৃত্যু প্ৰত্যক্ষ কৰি অনুভৱ হয় জীৱন কচুপাতৰ পানীৰ দৰে কেতিয়া সৰি পৰে কোনেও নাজানে। সেয়ে জীয়াই থকা দিন কেইটিত সকলোৰে সুসম্পৰ্ক ৰাখিব লাগে।
৬)পুৱাৰ সময় খিনি দিনটোৰ অতিকৈ গুৰুত্বপূৰ্ণ। পুৱা ১০ বজালৈ আমি যি যি কৰো তাৰেই প্ৰভাৱ দিনটোত পৰে।
৭) মহৎ লক্ষ্য একোটি হৃদয়ত থাপিত হৈ থাকিলে সৰু সৰু সমস্যাই মনক বিচলিত কৰিব নোৱাৰে।
৮)সময় ঘূৰি নাহে। সেয়ে আজি বা বৰ্তমানটো কেনে কৰ্মৰে ধন্য কৰিবা সেয়া নিজৰ চিন্তাৰ ওপৰতে নিৰ্ভৰ কৰে।
৯)নিজকে সঁচাটো ক'ব লাগে, নিজক ঠগা মানে নিজৰেই আত্মোন্নতিত হেঙাৰ হোৱা।
১০) লাগিলে কমকৈ বা অলপীয়াকৈ নিৰ্ধাৰিত কামটো কৰক কিন্তু সদায় কৰক পৰাপক্ষত যতি পৰিব নিদিব। দেখিব ইয়েই এদিন সফলতাৰ দিশলৈ আপোনাক লৈ যাব।

অৰুণ কোঁৱৰ
সম্পাদক- সমলয়
৯/৮/২০২২