গীতাঞ্জলি দেৱী
প্ৰাৰ্থনাৰত প্ৰতিজোপা শিমলুৰ কুঁহিত আকাশখন নামি আহি এচুমা দিয়ে ,
শিপাৰ তৰা-গজলীয়া তৰ্জনীয়েদি নামি যায় এটি শিহৰণ
সোঁৱে-বাঁৱে , আন্ধাৰে-পোহৰে ।
চিকুনাই থোৱা চোতালখনে কাণ থিয় কৰি শুনে বৰগছৰ ঠানিয়েদি হিৰিসাই কি নামে ।
অৱন্ধনা চুলিৰে বতাহজাকে গচকি যায় বকুলফুলৰ বুকু ,
সেই সুগন্ধি-সুৱাস লৈ এটি দিন আহে অলেখ সম্ভাৱনাৰে ।
ছাঁবোৰ বাঢ়ি আহে -
পানীকেঁচুৱা হয়
কৈশোৰ হয়
দেও এটা দি ডেকা হয়,
ডেকাতেজৰ টলবলনিত
একাঠী শুকাই , একাঠী সৰে ।
তাৰপাছত প্ৰৌঢ় ছাঁটোৱে নিজানে শালিকীজাকৰ এপৰ আলাপ শুনি
গহীন অৰণ্যৰ মাজেৰে গৈ থাকে ।