Type Here to Get Search Results !

পৰিৱৰ্তন

 মনস্বিনী শৰ্মা, শিৱসাগৰ


আজি কেইবাবছৰৰ মূৰত বিদেশৰ পৰা নিজ গাঁৱৰ ঘৰলৈ সপৰিয়ালে ফুৰিবলৈ অহা ভলুকা ওৰফে শ্যামল গগৈয়ে গাঁৱৰ ঘৰখনত থকা ভতিজাকক সুধিলে, "আজিকালি তহঁতি গাঁৱৰ তিনিআলিৰ মূৰত কেৰম খেলি আড্ডা মাৰ' নাই?আগতে আমি তহঁতৰ সমান থাকোতে..."

"ই খুৰা আজিকালি এইবোৰ নচলে নহয়।এই ম'বাইলটোৰ জড়িয়তেই আমি লগৰবোৰৰ লগত ঘৰতে বহি ইণ্টাৰনেটৰ যোগেদি কেৰম, লুডু খেলো।"-শ্যামলৰ কথা শেষ নহওঁতেই ভতিজাকে দিয়া উত্তৰ শুনি তেওঁ ভাবিলে এৰা যুগৰ পৰিৱৰ্তন এয়া।কিন্তু এই পৰিৱৰ্তনে জানো তাহানিতে কটোৱা সময়বোৰৰ মাদকতাক ঘূৰাই দিব পাৰিব!