প্ৰগতি গগৈ, শিৱসাগৰ
তুমি নিৰৱধি
বৈ যোৱা অহৰহ
অসীমলৈ
পাৰাপাৰ বিচাৰি।
সময়ৰ গতি আৰু
নদীৰ সূঁতি
চিৰপ্ৰবাহমান।
তুমি যে সভ্যতাৰ ইতিহাস।
তোমাৰ বুকুত
কত জনগোষ্ঠীৰ কলা-কৃষ্টি।
বৈ আহিলা নিগৰি নিগৰি
পাহাৰৰপৰা
হে পৱিত্ৰ সলিলা,
ধৰিত্ৰীৰ চৰণ পখালি
মৰ্ত্যলৈ।
ধুই নিয়া আমাৰ কলুষিত মনবোৰ
কলুষা,
নিকা হওক সকলো
তোমাৰ পৱিত্ৰ জলৰাশিৰে
চৰণ পখালি।