Type Here to Get Search Results !

মূদ্ৰা প্ৰচলনৰ আঁৰৰ কিছু কথা

অনামিকা বুঢ়াগোহাঁই


 অতীজতে মানুহৰ যাযাবৰী জীৱনত বস্তুৰ প্ৰয়োজন আছিল তেনেই সীমিত। কিন্তু লাহে লাহে মানুহে ঘৰ পাতি বাস কৰিবলৈ লোৱাৰ পৰা বস্তু প্ৰয়োজন বাঢ়ি আহিল।ফলত বস্তুবোৰ নিজে উৎপাদন কৰিব লগা হল। কিন্তু সকলো বস্ততো নিজে উৎপাদন কৰিব নোৱাৰি । সেয়ে নিজে উৎপাদন কৰিব নোৱাৰা প্ৰয়োজনীয় বস্তুবোৰ আনৰপৰা আনিব লগা হ'ল। আনৰপৰা বস্ত অনাৰ বিপৰীতে তেওঁলোকক নিজৰ উৎপাদিত বস্ত দিব লগা হ'ল। এইদৰে বিনিময় প্ৰথা গঢ়ি উঠিল। বিনিময় প্ৰথাৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে উৎপাদিত দুটা বস্তুৰ মাজত বিনিময় কৰাৰ সলনি এটা নিৰ্দিষ্ট বস্তুক উমৈহতীয়াভাৱে বিনিময়ৰ মাধ্যম হিচাপে লোৱা হ'ল।

         সাম্প্ৰতিক কালত মুদ্ৰাৰ অবিহনে এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থা আৰু অৱস্থাৰ কথা কল্পনাতীত সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু সামগ্ৰিৰ মূল্যৰ উমৈহতীয়া মাপকাঠি হোৱা,দেনা পাওনাৰ মান আৰু মূল্য ভাণ্ডাৰ হিচাপে কাম কৰা বিনিময়ৰ মাধ্যমকে মূদ্ৰা বোলে। মূদ্ৰা প্ৰচলনৰ ইতিহাস বহু প্ৰাচীন। একেদিনাই হঠাতে মুদ্ৰাৰ প্ৰচলন হোৱা নাছিল।যুগ যুগ ধৰি বিবৰ্তনৰ মাজেদিহে মূদ্ৰাই আজিৰ অৱস্থা পাইছেহি। মূদ্ৰা মূলতঃ পাচঁটা স্তৰৰ মাজেদি আহি বৰ্তমানৰ স্বৰূপত দেখা দিছেহি।সেয়া হ'ল-   সামগ্ৰী মূদ্ৰা, ধাতু মূদ্ৰা,কাগজৰ মূদ্ৰা, অনুমোদিত মূদ্ৰা আৰু প্লাষ্টিক মূদ্ৰা।
     অতীজতে হৰপ্পা সভ্যতাৰ লোকসকলে কোনো কৃষিজাত দ্ৰব্য বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল। নিৰ্দিষ্ট পৰিমাণৰ কৃষিজাত দ্ৰব্যৰ বিনিমযত নিৰ্দিষ্ট পৰিমাণৰ প্ৰয়োজনীয় বস্ত কিনিব পাৰিছিল।
      বৈদিক যুগৰ পশু পালকসকলে গৰুক বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল।
ঋগবেদত উল্লেখ কৰা মতে সেই সময়ত ইন্দৰ প্ৰতিমূৰ্ত্তি এটা বিক্ৰী কৰা হৈছিল দহটা গৰুৰ বিনিময়ত।সেই সময়ত সৈন্যসকল যুদ্ধলৈ গৈছিল একমাত্ৰ পুৰস্কাৰ হিচাপে গৰু পোৱাৰ আশাত। বিনিময়ৰ মাধ্যম হিচাপে শস্যতকৈ গৰু ব্যৱহাৰ কৰাত এটা প্ৰধান সুবিধা আছিল যে গৰুবোৰ সাধাৰণতে বহু বছৰলৈকে জীয়াই আছিল। আনহাতে শস্য বোৰ অতি সোনকালেই নষ্ট হৈ গৈছিল। সেইবাবে ইয়াৰ মূল্যও আছিল ক্ষণস্থায়ী। তদুপৰি গৰুবোৰৰ বংশ বৃদ্ধি পাইছিল আৰু বিনিময়ত গৰু ব্যৱহাৰ কৰিব পৰা নহৈছিল কাৰন সৰু বস্তুতকৈ গৰুৰ মূল্য অধিক আছিল। সৰু বস্তু এটা কিনিবলৈ গৰুৰ এক অংশ কাটি দিয়াটোও অসম্ভৱ, সেয়েহে গৰুতকৈ সুবিধাজনক আন বস্তু বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰাৰ প্ৰয়োজন হ'ল। সেই উদ্দেশ্যেৰেই বৈদিক যুগৰ লোকসকলে "নিস্কা"নামৰ এবিধ অলংকাৰ জাতীয় দ্ৰব্যৰ বিনিমযৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ ল'লে। এই নিস্কাবোৰ দেখাত বিশ্বৰূপাৰ নিচিনা আছিল। কিন্তু বিশ্বৰূপায়ো প্ৰকৃততে কি বস্তু সেইটো এতিয়াও ঠিৰাং কৰিব পৰা হোৱা নাই। সন্দেহ কৰা মতে, সেইবোৰ ৰ‌ং বিৰঙৰ ফুটফুটী‌য়া এবিধ অলংকাৰ নতুবা গাত লোৱা কাপোৰৰ দৰে এবিধ বস্তু আছিল।তাৰ পিছত বৈদিক যুগৰ লোকসকলে সোন বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰাত আকৌ আন এটা অসুবিধাই দেখা দিলে। সেইটো হ'ল - কিমান পৰিমাণৰ বস্তুৰ বিনিময়ত কিমান পৰিমাণৰ সোন দিয়া হ'ব সেইটো কেনেকৈ নিৰূপণ কৰা যায়? পিছে তৰ্জুৰ আবিষ্কাৰে সেই অসুবিধা আঁতৰ কৰিলে। তৰ্জুৰ এফালে সোন আৰু আনফালে বিশেষ ধৰণৰ শস্যৰ গুটি দি সেই শস্যৰ মূল্যৰ লগত তুলনা কৰি সোনৰ মূল্য নিৰূপণ কৰিব পৰা হ'ল। সোন জুখিবলৈ 'কুঞ্চালা' নামৰ এবিধ শস্যৰ গুটি সাধাৰণতে ব্যৱহাৰ কৰা হৈছিল। কিন্তু বিক্ৰী কৰোঁতে বাৰে বাৰে সোন জুখি থকাটো আমনিদায়ক বাবে নিৰ্দিষ্ট পৰিমাণৰ সোন সাচঁত ঢালি নিৰ্দিষ্ট আকৃতি দি আগতিয়াকৈ তৈয়াৰ কৰি লোৱা হৈছিল যাতে বাৰে বাৰে সোন জুখি থাকিব লগা নহয়। উল্লেখ কৰা মতে পাৰা নামৰ আন এবিধ ধাতুৰ পাতো বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হৈছিল। 
      যদিও শস্যৰ গুটিৰ দ্বাৰা ধাতু জুখি বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল তথাপি তাতো আন কিছুমান অসুবিধা আহি পৰিছিল। উদাহৰণ স্বৰূপে সকলো ঠাইতে শস্যৰ গুটিবোৰৰ ওজন একে নাছিল।ফলত স্থানভেদে ধাতুবোৰৰ ওজনো তাৰতম্য ঘটিছিল। তদুপৰি ধাতুটো বিশুদ্ধ নে ভেজাল সেই কথা জনাৰো কোনো উপায় নাছিল। এই অসুবিধা আঁতৰ কৰিবলৈ এটা ব্যৱস্থা লোৱা হ'ল। বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহৃত ধাতুৰ পাতটোৰ ওপৰত সংখ্যাৰ দ্বাৰা মূল্যৰ পৰিমাণৰ চাব মাৰি দিয়া হ'ল বা ৰাজবংশৰ চিল মোহৰ মাৰি দিয়া হ'ল।এই চিহ্নৰ দ্বাৰা ধাতুৰ মূল্য আৰু বিশুদ্ধতা সম্পৰ্কে নিশ্চিত হ'ব পৰা হ'ল। এনে বিশেষ আকৃতিৰ ধাতুৰ পাতকে মুদ্ৰা আখ্যা দিব পাৰি। ফলত এনে ধৰনৰ নিৰ্দিষ্ট পৰিমাণৰ বস্তু কিনিব পৰা হ'ল। ইয়াৰ পিছত বিভিন্ন সময়ত মুদ্ৰা হিচাপে ব্যৱহৃত ধাতু আৰু ইয়াৰ আকৃতি পৰিৱৰ্তন ঘটি ব্যৱহাৰৰ আজিৰ অৱস্থা পাইছেহি।
         উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত আহোম,কোচঁ, জয়ন্তীয়া, কছাৰী,মণিপূৰীয়া আৰু মোৱামৰীয়া ৰজা সকলে মূদ্ৰা তৈয়াৰ কৰিছিল।অসমত প্ৰথম মুদ্ৰাৰ প্ৰচলন আহোম স্বৰ্গদেউ চাওফা চুক্লেংমুঙৰ দিনতে প্ৰচলন হৈছিল বুলি জনা যায়। তেওঁ ১৫৪০ খ্ৰী:ত মূদ্ৰা তৈয়াৰ কৰাইছিল বুলি জানিবলৈ পোৱা যায়। আহোম ৰজাসকলে তৈয়াৰ কৰা মূদ্ৰা বোৰৰ আকৃতি আঠকোনীয়া আছিল। আহোম স্বৰ্গদেউ চুক্লেংমুঙৰ সমসাময়িক দ্বিতীয় কোচ ৰজা নৰনাৰায়ণে ১৫৫৫ খ্ৰী:ত মূদ্ৰা তৈয়াৰ কৰাইছিল। এইদৰেই বিবৰ্তমান গতিৰে বৰ্তমানৰ প্ৰচলিত মূদ্ৰাৰ আবিষ্কাৰ হ'ল।