Type Here to Get Search Results !

মৰ্মান্তিক

 প্ৰগতি গগৈ চাংমাই


নিৰ্জন বননিডৰাত পৰি ৰ'ল তাইৰ মৃতদেহ৷ উঁৱলি যোৱা মাংসৰে, সপ্তাহজোৰা বৰষুণত ফুলি যোৱা শৰীৰটো উদ্ধাৰ কৰিছিল চৰাই মাৰিবলৈ যোৱা দুটামান সৰু ল'ৰাই৷ সিহঁতে মৃতদেহটো দেখিয়েই আতংকত চিঞৰি উঠিল৷ মুখত সোপা দি মানুহবোৰে চাইছে, কেমেৰা কৰিছে বাতৰি লিখিবলৈ৷ মুঠতে বীভৎস এটা দৃশ্য! পুলিচৰ মানুহ কেইজনে সকলোৰে মতামত গ্ৰহণ কৰিছে৷ এটা ব্ৰেকিং নিউজ হৈ পৰিছে এটা মৃতদেহ৷ হাই হাই কৰি উঠিছে মানুহবোৰ৷ নিৰ্জু ছোৱালীজনী এনেকৈ মৰাটো কাৰো সহ্য হোৱা নাই৷ দোষীৰ শাস্তিৰ দাবীত উত্তাল হৈ পৰিছে চৌদিশ৷ পথ অৱৰোধ কৰিছে মৃতদেহ সন্মুখত ৰাখি৷ দোষীজন হয়তো ক'ৰবাত দূৰণিত গৈ আত্মগোপন কৰিছে৷ 
        তাই কাতৰকণ্ঠে পাষণ্ডটোক কৈছিল - "মোক এৰি দে, মোক এৰি দে! পদূলিত ৰুগীয়া  পিতাই ৰৈ আছে ছাগে৷ ভনীজনীৰ কি হ'ব?"
    আৰু কিবাকিবি কৈছিল তাই৷ কিন্তু পাষণ্ডটোৰ কামনাৰ জুইকুৰা হয়তো বাঢ়ি গৈছিল৷ একো শুনা নাছিল সি৷ ক্ৰমাৎ তাৰ হাতে তাইৰ কোমল যৌৱনৰ সোৱাদ লোৱাত ব্যস্ত হৈ পৰিছিল৷ তাই অসহায় হৈ পৰি ৰৈছিল ৷ চিঞৰাৰ সুযোগ পোৱা নাছিল৷ তাই চিঞৰিলেও শুনিবলৈ তাত কোনো নাছিল৷ ৰাস্তাৰপৰা কেইবা যোজন আঁতৰত হাবিখন৷ তাইক সি তালৈকে চোঁচৰাই আনিছিল ৷ কলেজৰ পৰা আহি থাকোঁতে পাছফালৰ  পৰা মুখত সোপা মাৰি ধৰাত তাইৰ ভয় বাঢ়িছিল ৷ হয়তো আগন্তুক বিপদৰ কথা তাই বুজি উঠিছিল৷ 
       পঢ়াত খুব চোকা বুলিয়েই সকলোৱে মৰমো কৰিছিল৷  বৃদ্ধজনক, দৰিদ্ৰজনক সকলোৱে সহায়ৰ হাত আগবঢ়াইছিল ৷ নিজতকৈ সৰু   সকলকো মৰম কৰিছিল৷
         তাইৰ দুচকুৰে লোতক বৈ আহিল৷ দেউতাক- ভনীয়েকলৈ মনত পৰি তাই উচুপি উঠিল৷
পাষণ্ডটোৱে তাইক নেৰিলে৷ অসৎ চৰিতাৰ্থ কৰি সজোৰে তাইৰ ডিঙিটো চেপি ধৰিলে৷ তাই ঢপঢপাই উঠিল চিকাৰীৰ জালত পৰা চৰাইৰ দৰে৷ 
তাইৰ শৰীৰটো নিথৰ হৈ ৰ'ল৷
     
        অদ্ভুত গেঙনি এটা মুখেৰে ওলাই আহিল৷ "মাজনী উঠ আকৌ ,
কলেজলৈ নাযাৱ নেকি? কিমান দেৰি শুই থাক নো?"

       মাকৰ মাতত জাঁপ মাৰি উঠিল লীনা৷ তাই জীয়াই আছে? ইমানদেৰি তাই সপোন হে দেখি আছিল৷ অস্ ভগৱানক  ধন্যবাদ৷ এইটো সপোন আছিল৷ এইকেইদিন টিভিত ধৰ্ষণৰ খবৰবোৰ দেখি দেখি তাইৰ অৱচেতন মনটোত হয়তো ভয় এটাই থিতাপি লৈছিল ৷ সেয়ে এনে ভয়ংকৰ সপোন এটা তাই দেখিলে৷