ৰঞ্জিত চুতীয়া
সাহিত্যৰ প্ৰধান বিভাগবিলাকৰ ভিতৰত কবিতা অন্যতম। সাহিত্যৰ দৰে কবিতাও এবিধ শিল্প বা কলা। ইয়াৰ প্ৰকাশৰীতিত কলাৰ সুক্ষ্ম সৌন্দৰ্য ফুটি উঠা পৰিলক্ষিত হয়। কবিতা কাক বোলে এই প্ৰশ্নটোৰ উত্তৰ দিয়া সহজ নহয়, তথাপিও সহজ ভাষাৰে ক'বলৈ গ'লে কবিৰ অন্তৰত দোলা দিয়া বিশেষ অনুভূতিয়ে যেতিয়া ছন্দৰীতিৰে সজ্জিত হৈ প্ৰকাশৰ বাট বিচাৰে তেতিয়াই কবিতাৰ সৃষ্টি হয়। কিন্তু তাত থাকিব লাগিব প্ৰকৃতাৰ্থত আবেগ আৰু কল্পনাৰ সংমিশ্ৰিত বিন্যাস, উপযুক্ত স্থানত উপযুক্ত শব্দৰ প্ৰয়োগ, অলংকাৰ ইত্যাদি; কাৰণ এই সকলোবোৰ সন্মিলিত হৈহে কবিতাৰ স্বৰূপ নিৰ্মাণ কৰে।
সাহিত্যৰ এটা প্ৰধান বিভাগ হিচাপে কবিতাৰ বিশেষ গুৰুত্ব আছে। কবিতা সাহিত্যৰ বিভিন্ন বিভাগৰ ভিতৰত সকলোতকৈ প্ৰাচীন। লিপি আৱিস্কাৰৰ বহু কাল পূৰ্বেই জনজীৱনত মৌখিক কবিতাৰ প্ৰচলন আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰ ভাষাৰে--"পৃথিৱীৰ আদি অৱস্থাত যেনেকৈ কেৱল পানী আছিল, তেনেকৈ সকলো ঠাইতে সাহিত্যৰ আদিম অৱস্থাত ছন্দ-তৰঙ্গিতা প্ৰৱাহ-শালিনী কবিতা আছিল।"
সাহিত্য মূলতঃ ভাষাৰ শিল্প। কিন্তু কবিতাৰ ভাষা কেনে হোৱা উচিত তাৰ কোনো নিৰ্ধাৰিত সংজ্ঞা বিচাৰি পোৱা নাযায়। কবিতাৰ প্ৰধান আকৰ্ষণ হ'ল ইয়াৰ প্ৰকাশিকা শক্তি আৰু এই শক্তিয়ে ভাষাৰ মাধ্যমেদি আত্ম প্ৰকাশ কৰে। কবিতাৰ ভাষা হ'ল এনে এক উপাদান যাৰ জৰিয়তে বৰ্ণনীয় বিষয়বস্তুৰ সামগ্ৰিক ৰূপ-ৰস পাঠক-শ্ৰোতালৈ সঞ্চাৰিত হ'ব পাৰে। সকলো যুগতে কবিতাৰ ভাষা আৰু আদৰ্শ একে হৈ নাথাকে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে কবিতাৰ ৰচনাৰীতি আৰু বিষয়বস্তুৰো পৰিৱৰ্তন হৈ গৈ থাকে আৰু তাৰ লগে লগে কবিতাৰ ভাষাও সলনি হয়। কবিতাৰ ভাষাৰ এই পৰিৱৰ্তন ইমান সুক্ষ্ম যে তাক সতকাই আমাৰ দৃষ্টিগোচৰ নহয়। কিন্তু ৰচনা কালৰ বিশেষ ব্যৱধান থকা দুটা কবিতাৰ ভাষা মিলাই চালেই সেই পৰিৱৰ্তন আমাৰ চকুত পৰে। উদাহৰণস্বৰূপে বৈষ্ণৱ যুগৰ অসমীয়া কবিতাৰ লগত ৰোমান্টিক যুগ বা আধুনিক যুগৰ কবিতাৰ ভাষাৰ মাজত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হয়। বৈষ্ণৱ যুগৰ কবিসকলে জনসাধাৰণৰ বোধগম্য হোৱাকৈ কোমল আৰু মধুৰ ভাষাত বছা বছা শব্দ প্ৰয়োগ কৰিছিল। কিন্তু ইয়াৰ পিছত ৰোমাণ্টিক কবিতাত পূৰ্বৰ ধ্ৰুপদী ৰীতিৰ ধৰা বন্ধা ভাষাৰ ঠাইত চহা জীৱনৰ সহজ সৰল ভাষাই স্থান ল'লে। কিন্তু সময়ৰ পৰিৱৰ্তনে কবিতাৰ ৰূপ-ৰস, ভাব-ভাষাৰ ক্ষেত্ৰলৈ যথেষ্ট পৰিৱৰ্তন আনিলে। নগৰীয়া যান্ত্ৰিক জীৱন, ঈশ্বৰ আৰু প্ৰথাগত ধৰ্মত অনাস্থা, যুগ সংশয় আৰু সংকট, বিজ্ঞানৰ সামগ্ৰিক প্ৰভাৱ, নৈতিক অৱক্ষয়ৰ প্ৰভাৱ, জটিল জীৱন যাত্ৰা আদি বিষয়বোৰে যেতিয়া আধুনিক কবিতাত ঠাই পাবলৈ ধৰিলে, তেতিয়াই কবিতাই নিজৰ ভাব আৰু ভাষাৰ ৰূপ সলনি কৰিবলৈ এক প্ৰকাৰে বাধ্য হৈ পৰিল। শব্দ চয়ন, বাক্য গঠন, ছন্দ, যতি, পৰ্ব সকলোতে এই জটিল মানসিকতাৰ প্ৰকাশ ঘটিল। লাহে লাহে কবিতাত প্ৰতীক আৰু চিত্ৰকল্পই স্থান লাভ কৰিলে।
পুৰণি কালত নীতিশিক্ষাৰ আহিলাৰূপে কবিতাক ব্যৱহাৰ কৰা হৈছিল। দাৰ্শনিক প্লেটো আৰু এৰিষ্ট'টলে কবিতাক নীতিশিক্ষাৰ আহিলা হিচাপে জ্ঞান কৰিছিল। নীতিশিক্ষা দিয়া কবিতাসমূহত উপদেশবাণীৰ প্ৰাচুৰ্য লক্ষ্য কৰা যায় আৰু এই ক্ষেত্ৰত কবি যেন এজন শিক্ষক স্বৰূপ হৈ পৰে। সময় আগবাঢ়ি যোৱাৰ লগে লগে কবিতাৰ ৰচনাৰীতি সলনি হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয় যাত্ৰা আৰু আধুনিক উদ্ভাৱনসমূহে সমাজ তথা ব্যক্তি জীৱনক অধিক ত্বৰান্বিত কৰি তুলিছে। এনে ধামখুমিয়াত ব্যক্তি জীৱনৰ বহুতো সহজাত অনুভূতি উপলব্ধি হেৰাই বা নিঃশ্চিহ্ন হৈ যোৱাৰ উপক্ৰম হৈছে। ব্যক্তিয়ে বাস্তৱ পৃথিৱী আৰু নিজৰ মানসিক জগতখনৰ মাজত যোগসূত্ৰ ধৰি ৰাখিব নোৱাৰাৰ অৱস্থা। মানৱৰ আত্মাত স্থিতি লোৱা নৈৰাশ্য আৰু হতাশাই সাহিত্যৰ জগতখনক গভীৰ ভাবে প্ৰভাৱিত কৰিছে। ফলত কবিতাৰ ভাষাইয়ো বৰণ সলালে। পুৰণি কবিসকলৰ বিপৰীতে আধুনিক কবিসকলে উৎকৃষ্ট শব্দৰ মায়াজালত নোসোমাই কলমৰ আগেদি ওলাই অহা উপযুক্ত শব্দ এটিকহে অধিক সমাদৰ কৰিবলৈ ল'লে।
কবিতাক মানুহৰ জীৱনৰ পৰা নিলগাই আমি বিচাৰ কৰিব নোৱাৰোঁ। ভাল কবিতাৰ মাজত জীৱনৰ যি কোনো সমস্যা আৰু সমাধান জড়িত হ'ব পাৰে। সেয়ে জীৱনৰ লগত সম্পৰ্কবিহীন হৈ কেৱল ৰস সৃষ্টি কৰাই কবিতাৰ উদ্দেশ্য হ'ব নোৱাৰে। সমাজৰ মংগল সাধনাও কবিতাৰ অন্যতম ঘাই লক্ষ্য হৈ পৰিছে। আনন্দ লাভৰ জৰিয়তে কবিতাৰ পৰা বহু জ্ঞান লাভ কৰিব পৰা যায়।
কবিতাৰ নান্দনিক বৈচিত্ৰ্যতে আজিৰ কবি সীমাবদ্ধ হৈ থকা নাই। সাম্প্ৰতিক সময়ত কবিতাৰ জগতত প্ৰায়বোৰ কবিয়েই চিত্ৰকল্পৰ বহুল প্ৰয়োগৰ কৰিছে। আধুনিক কবিতাত চিত্ৰকল্পৰ বহুল প্ৰয়োগৰ ফলত এক প্ৰকাৰ জটিলতা লাভ কৰিছে বুলি কেতিয়াবা অভিযোগো শুনা যায়। তথাপিও চিত্ৰকল্পৰ প্ৰয়োগে কবিতাত যি মনোহাৰিত্ব আৰু ৰমণীয়তাৰ প্ৰদান কৰিছে, সি সদায়েই আদৰণীয়। যি কি নহওক, সামৰণিত ক'ব পাৰি যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে কবিতাৰ ভাষাই বৰণ সলায়। কবিতাই সৌন্দৰ্যৰ সৃষ্টিৰ লগতে আনন্দ প্ৰদান কৰি মানুহৰ কল্যাণ কামনাৰ এক বাহক হৈ যুগ যুগান্ত প্ৰৱাহিত হৈ ৰ'ব।
সহায়ক গ্ৰন্থ:-
১/ কৰবী ডেকা হাজৰিকা, কবিতাৰ ৰূপৰেখা; ডিব্ৰুগড়: বনলতা
২/ লোপা বৰুৱা, আধুনিক অসমীয়া কবিতাত প্ৰতীক আৰু চিত্ৰকল্প: গুৱাহাটী
৩/ মহেন্দ্ৰ বৰা, সাহিত্য উপক্ৰমণিকা, ডিব্ৰুগড়: বনলতা