Type Here to Get Search Results !

শোক

 জীনামণি বৰগোহাঁই দুৱৰা


চিৰসুন্দৰতেই পাতনি মেলে
সৃষ্টিৰ অনাবিল প্ৰেমৰ ধাৰাই
কিন্তু শোক নামৰ ব্যাধিৰ পৰা
কাৰো নিস্তাৰ নাই।
কাৰোবাৰ মৃত্যুৰ শোক
কাৰোবাৰ জীয়াই থকাক লৈ শোক
নতুবা কাৰোবাৰ প্ৰেমৰ শোক
এইখন পৃথিৱীত আছে জানোঁ
এই শোকৰ পৰা বঞ্চিত লোক?