Type Here to Get Search Results !

স্বাভিমান আছে বাবেই

 সঞ্জীৱ বাইলুং 


স্বাভিমান 
আছে বাবেই 
নিজকে অসমীয়া বুলি
চিনাকি দি ভাল পাওঁ 
যিদৰে ভাল পাওঁ 
মোৰ জন্মদাত্ৰী আৰু 
আই অসমীক  ।

স্বাভিমান 
আছে বাবেই 
মোৰ সুৱদি সুৰীয়া 
মাতৃ ভাষাক লৈ গৌৰৱ কৰোঁ 
য'ত নিহিত আছে 
আত্মবিশ্বাস আৰু প্ৰত্যয়েৰে খামোচি থকা 
জীয়া জীৱনৰ আশ্বাস ।

স্বাভিমান 
আছে বাবেই 
মোৰ আইৰ 
মুখৰ ভাষাৰে 
গীত গাওঁ, কবিতা লিখোঁ 
সৃষ্টি কৰোঁ সাহিত্য সম্ভাৰ ।

স্বাভিমান 
আছে বাবেই 
মই নিজৰ জাতিক ভাল পাওঁ
আৰু ভাল পাওঁ 
চিকুণ চেনেহী মুখ 
য'ত দেখা পাওঁ 
বিশাল ভাতৃত্ববোধ ।