ৰঞ্জিত চুতীয়া
ভক্তি শব্দৰ অৰ্থ সম্বন্ধে বিভিন্ন মতবাদ আছে। সংস্কৃত ভজ্ ধাতুৰ পৰা নিস্পন্ন হোৱা 'ভক্তি' শব্দই সাধাৰণ ভাবে উপাস্য দেৱতাৰ বা ঈশ্বৰৰ প্ৰতি কৰা সেৱা-উপাসনাকে বুজায়। এই ভক্তিৰ দ্বাৰাই ভক্ত আৰু ভগৱানৰ মাজত অভিন্ন সম্পৰ্ক স্থাপিত হয়। ভক্তই সখি, পুত্ৰ, দাস ৰূপে আৰু কেতিয়াবা আত্মনিবেদন কৰি ভগৱানৰ প্ৰতি ভক্তি নিবেদন কৰে। ভক্তিৰ মূল লক্ষ্য হৈছে ঈশ্বৰ প্ৰাপ্তি বা মুক্তি লাভ।
ভক্তি প্ৰকৃততে ধৰ্মৰ দ্বাৰা সিক্ত এক গভীৰ অনুভৱ বা মানসিক অৱস্থা। এই মানসিক অৱস্থাৰ কেইবাটাও স্তৰ আছে। ইয়াৰ চৰম স্তৰত উপনীত হ'ব পৰা জনক প্ৰকৃত ভক্ত বুলি কোৱা হয়। এনে অৱস্থাত উপনীত হ'ব পাৰিলে মানুহৰ বাঞ্চা, দ্বেষ, শোক, কামনা-বাসনা একোৱেই নাথাকে। এই চৰম স্তৰত উপনীত হ'বলৈ মানুহে ন'বিধ ভক্তিৰ মাজেৰে স্তৰে স্তৰে গতি কৰিব লাগিব। বিভিন্ন ভক্তি শাস্ত্ৰত উল্লিখিত এই নৱবিধা ভক্তি হ'ল - শ্ৰৱণ, কীৰ্ত্তন, স্মৰণ, পাদ-সেৱন, অৰ্চন, বন্দন, দাস্য, সখ্য আৰু আত্মনিবেদন। আত্মনিবেদন ভক্তিৰ চৰম অৱস্থা। ইয়াৰ নাম শৰণাগতি বা একশৰণ। একশৰণেই ভক্তিৰ উত্তম অংগ স্বৰূপ।
নৱ বৈষ্ণৱ ধৰ্মত নৱবিধা ভক্তিৰ ভিতৰত শ্ৰৱণ-কীৰ্ত্তন ভক্তিক শ্ৰেষ্ঠ স্থান দিছে শ্ৰৱণ-কীৰ্ত্তনে ভক্তিৰ অন্যান্য স্তৰসমূহলৈ যাবৰ বাবে দুৱাৰ মুকলি কৰি দিয়ে। নৱবিধা ভক্তিৰ প্ৰতিটো স্তৰতে শ্ৰৱণ-কীৰ্ত্তন অপৰিহাৰ্য। এই শ্ৰৱণ-কীৰ্ত্তনৰ দ্বাৰাই ভক্তই আত্মনিবেদনৰ স্তৰলৈ গৈ শৰণাগতি লাভ কৰিব পাৰে। মায়াৰ বন্ধন নোহোৱাকৈ নিৰ্গুণ ভক্তিৰ অৱস্থাতো শ্ৰৱণ-কীৰ্ত্তন ভক্তি চলি থাকিব পাৰে। সেয়ে নৱ বৈষ্ণৱ ধৰ্মত শ্ৰৱণ-কীৰ্ত্তনক শ্ৰেষ্ঠ স্থান দিয়া হৈছে।
নৱ বৈষ্ণৱ ধৰ্মৰ ভক্তি হ'ল ৰসময়ী ভক্তি। ৰস, আনন্দ আৰু ভক্তি পৰস্পৰ সম্বন্ধযুক্ত। সেয়েহে ভক্তিক ৰস, আনন্দ বা পৰম সুখ স্বৰূপ বুলি ক'ব পাৰি। সাধু সন্ত বা সাধকসকলে ভক্তিৰ মাজেৰে পৰম আনন্দময় ঈশ্বৰক প্ৰাৰ্থনা কৰি পৰম আনন্দ লাভ কৰে। এই ভক্তিত ভগৱানৰ গুণ বা প্ৰশংসাসূচক কথাকে অৱতাৰণা কৰা হয়। এই বিধ ভক্তিত মুক্তি সুখৰ কামনা নাথাকে। মায়া-মমতা, দুখ-কষ্টৰ পৰা পৰিত্ৰাণ বিচাৰি জনমে জনমে একমাত্ৰ ভগৱানৰ চৰণত ঠাই পাবৰ বাবে কৰা গভীৰ ভক্তিয়েই হ'ল ৰসময় ভক্তি।
কীৰ্ত্তন ঘোষাত শংকৰদেৱে কৈছে -
"নেলাগে লীন মুকুতি তথা।
নাহি হৰিপদ পঙ্কজ যথা।।
কৰ্ণৰ অমৃত হৰি চৰিত।
ভকতৰ মুখে শুনিব নিত।।"
শুদ্ধ অন্তৰেৰে পৰমাত্মাৰ চিন্তা কৰিলে পৰমানন্দময় ব্ৰক্ষ্মৰ কৰুণা লাভ কৰিব পাৰে। চিত্ত শুদ্ধিৰ একমাত্ৰ উপায় হ'ল ভক্তি। মুঠতে ভক্তিৰ দ্বাৰা চিত্ত শুদ্ধ কৰি আত্মা-পৰমাত্মাৰ সম্পৰ্ক উপলব্ধি কৰিব পাৰি। অৱশ্যে এই ভক্তি অব্যভিচাৰী হোৱাটো প্ৰয়োজনীয়। অন্য দেৱ-দেৱীৰ উপাসনাৰ পৰিৱৰ্তে নিস্কাম, একনিষ্ঠ উত্তম ভক্তিৰে এক ঈশ্বৰ বিষ্ণুৰ উপাসনাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
শ্ৰীমদ্ভাৱতৰ ২ য় স্কন্ধত এই বিষয়ে কৈছে -
"অন্য দেবী দেৱ নকৰিবা সেৱ
গৃহো নপশিবা তাৰ।
মূৰ্তিকো নচাইবা প্ৰসাদো নখাইবা
ভক্তি হৈব ব্যভিচাৰ।।"
নৱ বৈষ্ণৱ ধৰ্মত নিৰাকাৰ ঈশ্বৰৰ সাকাৰ ৰূপ সম্ভৱ নহয়। সেয়েহে এই ধৰ্মৰ ভক্তিৰ নিবেদনৰ ক্ষেত্ৰত মূৰ্তি পূজাৰ স্থান নাই। এই প্ৰসংগত মাধৱদেৱৰ 'নামঘোষা'ৰ এফাঁকি পদৰ উল্লেখ কৰা হ'ল -
"অব্যক্ত ঈশ্বৰ হৰি কিমতে পূজিবা তাঙ্ক
ব্যাপকত কিবা বিসৰ্জন।
এতাৱন্ত মূৰ্তিশূণ্য কেনমতে চিন্তিবাহা
ৰাম বুলি শুদ্ধ কৰা মন।।
নৱ বৈষ্ণৱ ধৰ্মৰ ভক্তিৰ ক্ষেত্ৰত জাত-পাত, উচ্চ-নীচ ভেদ ভাৱ নাই, শাস্ত্ৰবিদ হোৱাৰো কোনো প্ৰয়োজন নাই। এই ধৰ্মত ভক্তিৰ ক্ষেত্ৰত ব্ৰাক্ষ্মণ, চণ্ডাল সকলোৰে সম অধিকাৰ। তদুপৰি ভক্তিৰ পথত খোজ দিবলৈ তপ, জপ, যাগ-যজ্ঞৰ কোনো প্ৰয়োজনীয়তা নাই। ইয়াত একান্ত শুদ্ধ চিত্তেৰে এক ঈশ্বৰক উপাসনা কৰাৰ ওপৰতহে গুৰুত্ব দিয়া হয় -
"নালাগে ভক্তিত দেৱদ্বিজ ঋষি হুইবে।
নালাগে সম্ভূুত শাস্ত্ৰ বিস্তৰ জানিবে।।
তপ জপ যজ্ঞ দান সবে বিড়ম্বন।
কেৱল ভক্তিত তুষ্ট হোন্ত নাৰায়ণ।।"
বিনয়, অহিংসা, দয়া, প্ৰেম, সহিষ্ণুতা আদি সৎ গুণ কৰ্ষণত গুৰুত্ব প্ৰদান নৱ বৈষ্ণৱ ধৰ্মৰ ভক্তিৰ উল্লেখযোগ্য বৈশিষ্ট্য। এনে গুণ আয়ত্ত কৰিব পাৰিলে ভগৱানৰ কৰুণা লাভ কৰিব পাৰি। নৱ বৈষ্ণৱ ধৰ্মৰ ভক্তিৰ এই সাৰমৰ্ম কীৰ্ত্তনত পোৱা যায় -
"কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মৰাম।
জানিয়া সবাকো কৰিবা প্ৰণাম।।"
সমস্ত প্ৰণীক দেখিবাহা আত্মসম।
উপায় মধ্যত ইটো আতি মুখ্যতম।।
শংকৰদেৱে জাতিভেদ, বৰ্ণ বৈষম্য দূৰ কৰি ভক্তিৰ যোগেদি এখন সমতাপূৰ্ণ সমাজ গঠনৰ প্ৰয়াস কৰিছিল। ভক্তিৰ যোগেদি নিৰক্ষৰ জনসাধাৰণক ব্ৰক্ষ্ম জ্ঞান প্ৰদানৰ লগতে মুক্তি পথৰ সন্ধান দিয়াটোৱেই বৈষ্ণৱ ধৰ্মৰ মূল উদ্দেশ্য আছিল। তেওঁ জনজাতীয় মূলৰ গাৰো, মিৰি, ভোট, নগা, আদি সকলো লোককে বৈষ্ণৱ ধৰ্মৰ অংশীদাৰ কৰিছিল। মহাপুৰুষ জনাই অংকীয়া নাট, বৰগীত, ভটিমা, নাম প্ৰসংগ, ভক্তি বিষয়ক পুথি ৰচনা কৰি বৈষ্ণৱ ভক্তিক সৱলভাবে বিকাশই তুলিছিল। সেয়ে হয়তো আজিও অসমৰ আকাশে-বতাহে বৈষ্ণৱ ভক্তিৰসে সুৰধ্বনি তুলি অসমীয়াৰ জাতীয় গৌৰৱ বহন কৰি আছে।