Type Here to Get Search Results !

নাৰীৰ উচুপনি

 প্ৰগতি গগৈ চাংমাই


নাৰীৰ উচুপনি
#প্ৰগতি গগৈ চাংমাই

তেওঁ চকুপানীবোৰ লুকাই,
অভিনয় কৰে;
ত্যাগ কৰে সৰ্বস্ব,
সন্তানটি ভাল হওক!

মমতাৰ নৈ এখনি বৈ ৰয় বুকুৱেদি
অহৰহ৷
যন্ত্ৰণাখিনি লৈ ফুৰে মনত
আইৰ ঘৰ বহুদিন নেদেখাৰ৷

নিজানত দুপৰ ৰাতি কান্দে অকলে
চিঞৰি কান্দিবলৈ ভয়,
মাজনী সাৰ পাই যাব;
তেওঁৰ চকুপানী কোনেও নেদেখে৷

দুচকুত টোপনিয়ে দোলা দিলেও 
নোৱাৰে মুদিব দুচকু,
কণমানিটো যে সাৰে আছে ;
কণকণ হাত দুখন চাই 
মন ভৰে৷

ভাগৰে জুৰুলা দেহাটো…
পাহৰি যায় ভোক
পাহৰি যায় নিশাৰ ককৰ্থনাবোৰ
কণমানিৰ দুচকুলৈ চাই৷

হাজাৰ কষ্টৰ চাপ,
সমস্ত বেদনা
পাহৰি যায়
কণমানিৰ মুখৰ হাঁহিটি চাই।

দুচকুত এটি সপোনে শিপায়
কণমানি নিজৰ ভৰিত থিয় দিব পৰা হয়
ইয়াতেই হ'ল
তেখেতৰ জীৱন সাৰ্থক!