দিপালী ৰাধিকা
পুৱাতে দেওৰেক নৰেনে কোৱা কথাষাৰত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সোনেশ্বৰীৰ মনত আউল লাগিল—"বৌদেউ ককাইদেউৰ আজি দুদিন মানৰ পৰা গা-টো বৰকৈ বেয়া ।পাৰিলে আপুনি",,,,,।
সোনেশ্বৰীয়ে কিবা ক'ব খুজি ৰৈ গ'ল,যদিও ডেকা
পুতেকে পিছে দদায়েকক ফৰফৰাই কৈ দিলে—
"মা থাকোঁতে তেওঁ শুৱনি কোঠাত আন এজনীৰ লগত উৰুলি ধ্বনি তুলিছিল নহয়"। এতিয়া,,,,,,,?
চোতালৰ জেওঁৰা বনাবলৈ পৰি থকা বাঁহৰ খুটিবোৰ দেখুৱাই মাকে ও এইবাৰ দৃঢ়তাৰে ক'লে—"জোৰা লগাটো সম্ভৱনে"?